ইটানগৰত প্ৰতিবাদকাৰীৰ হাতত লাঞ্চিত শিল্পী সুমন দত্ত, ভাঙি চূৰমাৰ গাড়ী, বাদ্য যন্ত্ৰ

24-02-19 Itanagar- Protest against PRC (1)

ইটানগৰত প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া বাহন। ফটো : য়ু বি

অৰুণাচলত অনা অৰুণাচলী ছয়টা জনজাতিক স্থায়ী বাসিন্দাৰ প্ৰমান পত্ৰ প্ৰদানক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ মাজতে প্ৰতিবাদকাৰীৰ হাতত লাঞ্চিত হ’বলগীয়া হৈছে অসমৰ শিল্পী। ইটানগৰত অনুষ্ঠিত আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ যোৱা বিশিষ্ট বাদ্যযন্ত্ৰী সুমন দত্ত প্ৰতিবাদকাৰীৰ হাতত বেয়াকৈ লাঞ্চিত হ’বলগীয়া হয়।

প্ৰতিবাদকাৰীসকলে দত্তৰ গাড়ীৰ লগতে অতি মূল্যবান ব্যয়বহুল বাদ্যযন্ত্ৰও ভাঙি ছিঙি বিধ্বস্ত কৰে। উন্মত্ত প্ৰতিবাদকাৰীসকলে মুহূৰ্তৰ ভিতৰতে দত্তৰ লক্ষাধিক টকাৰ ক্ষতিসাধন কৰে।

উল্লেখযোগ্য যে গুৱাহাটী নিবাসী সুমন দত্ত প্ৰয়াত প্ৰসিদ্ধ মনৰোগ বিশেষজ্ঞ ডাঃ দিপালী দত্তৰ পুত্ৰ।

যোৱা ২২ ফেব্ৰুৱাৰিৰ দিনা অৰুণাচল প্রদেশৰ ইটানগৰত হোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে যোৱা অসমৰ ৪৫ জনীয়া শিল্পী দলটোৰ কেইবাখনো বাহন তথা বাদ্যযন্ত্ৰসমূহৰ ক্ষতিসাধন কৰাত ক্ষুব্ধ অসমৰ শিল্পী সমাজে দেওবাৰে গুৱাহাটীত প্ৰতিবাদ সাৱ্যস্ত কৰে।

সদৌ অসম শিল্পী সুৰক্ষা মঞ্চই মহানগৰীৰ কমাৰ্চ পইন্টৰ পৰা প্ৰতিবাদী সমদল উলিয়াই অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ গঢ়ি তোলাৰ লগতে ৰাজ্যখনলৈ গাড়ী যোৱা বন্ধ কৰি দিয়াৰ হুংকাৰ দিছিল।

উল্লেখযোগ্য যে, ইন্দিৰা গান্ধী পাৰ্কত অসমৰ পৰা যোৱা ৪৫ জনীয়া শিল্পীৰ দলটোৱে সংগীতানুষ্ঠান কৰাৰ কথা আছিল যদিও অনুষ্ঠান আৰম্ভ কৰাৰ পূৰ্বে উক্ত স্থানত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।

আনহাতে, অৰুণাচলত হোৱা এনে এটা ঘটনাৰ পাছতো অসম চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত অসমৰ শিল্পী সমাজ ক্ষুব্ধ হৈ পৰিছে।