• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩৪ দিন ধৰি কৃষক নেতাৰ অনশনৰ মাজতে আজি পঞ্জাৱ বন্ধ; কেন্দ্ৰৰ ওপৰত বাঢ়িছে চাপ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 30, 2024 1:02 pm
154
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱৰ কৃষক নেতা জগজিৎ সিং দলেৱালৰ অনশন ৩৪ দিনত সোমাল। ইফালে, সোমবাৰে পঞ্জাৱত কৃষকসকলে বন্ধৰ আহ্বান জনাইছে। ৰাজ্যজুৰি বন্ধ থাকিব দোকান-পোহাৰ। ৰে’ল আৰু পথ পৰিবহণো ব্যাহত হ’ব পাৰে। লগতে আজি সন্ধিয়ালৈকে গাখীৰ, ফল-মূল আৰু শাক-পাচলিৰ যোগানো নাথাকিব। কৃষকৰ কেইবাটাও দাবীৰ সমৰ্থনত ট্ৰেড অৰ্গেনাইজেশ্যনসমূহে এই সকলোবোৰ সামগ্ৰীৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এজন কৃষক নেতাই কয়, “পঞ্জাৱত গোটেই দিনটো চকা জাম আৰু ৰেল ৰোকো কাৰ্যসূচী চলি থাকিব। চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে। কেৱল অত্যাৱশ্যকীয় সেৱাসমূহ কাৰ্যক্ষম কৰি ৰখা হ’ব।” কিন্তু প্ৰতিবাদকাৰী কৃষকসকলে কয় যে তেওঁলোকে গান্ধী নীতিৰে প্ৰতিবাদ অব্যাহত ৰাখিব।

যোৱা সপ্তাহতে সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাই বন্ধৰ আহ্বান জনাইছিল। ব্যৱসায়ী, অৱসৰপ্ৰাপ্ত সেনাবাহিনী, পঞ্চায়ত মুৰব্বী, শিক্ষক সংগঠন, সামাজিক সংগঠনসমূহে তেওঁলোকৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।

অনশনৰত কৃষক নেতাগৰাকীৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ পিছতো কিয় পঞ্জাৱ চৰকাৰে চিকিৎসালয়ত ভৰ্তি নকৰিলে তাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। অৱশ্যে পঞ্জাৱ চৰকাৰৰ এটা দলে কৃষক নেতাজনক সাক্ষাৎ কৰি চিকিৎসালয়ত ভৰ্তি হ’বলৈ অনুৰোধ জনায় যদিও তেওঁ কোনো ধৰণৰ চিকিৎসা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

চলিত বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা পঞ্জাৱ আৰু হাৰিয়ানাৰ খানৌৰী সীমান্তত কৃষকসকলে অৱস্থান কৰি আছে। শস্যৰ বাবে নূন্যতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তাকে ধৰি তেওঁলোকৰ একাধিক দাবী আছে।

কৃষক নেতা অভিমন্যু কোহৰে দেওবাৰে কয় যে, ‘অৱস্থানৰ প্ৰথম দিনাৰ পৰাই আমাৰ দাবীসমূহ অতি স্পষ্ট। ইয়াৰ পিছতো আমাৰ আন্দোলন দমন কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। কৃষকসকল জেদী বুলি এক ধাৰণা সৃষ্টি কৰা হৈছে। কিন্তু কেন্দ্রই নিজৰ স্থিতিত অটল আৰু কৃষকৰ কোনো দাবীৰ প্রতি গুৰুত্ব দিয়া নাই।

তেওঁ লগতে কয় যে আমি গান্ধী নীতিৰে আগবাঢ়ি যাম৷ এইবাৰ অনশনৰত জগজিৎ সিং দলেৱালৰ ওপৰত জোৰজুলুম কৰিব নে তেওঁৰ দাবী শুনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। কৃষকৰ দাবীত তেওঁ অনশন কৰি নিজৰ জীৱনকো তুচ্ছ কৰি তুলিছে। সাধাৰণ মানুহ আমাৰ লগত আছে। এইবাৰ কেন্দ্রই সিদ্ধান্ত ল’ব লাগিব তেওঁলোকে কি কৰিব৷

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd