গোলাঘাট প্ৰশাসনৰ বিৰুদ্ধে চুতীয়া ছাত্ৰ সন্থা আৰু মটৰ শ্ৰমিক ইউনিয়নৰ উত্তাল প্ৰতিবাদ; কিয়?
পুনৰ দুটা সংগঠনৰ প্ৰতিবাদত কঁপিল উঠিল গোলাঘাটৰ ৰাজপথ।
গোলাঘাটৰ বেজবৰুৱা চাৰিআলিস্থিত মহাত্মা গান্ধীৰ উদ্যানত জাতিৰ পিতা তথা অহিংস আন্দোলনৰ গুৰি ধৰোঁতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ চৰণত বহি এই প্ৰতিবাদ সংগঠন দুটাৰ।
গোলাঘাট ভিআইপি ৰোডত অৱস্থিত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু মটৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় দুটা জিলা প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে।
গোটেই নগৰখনত অবৈধ বে-দখল থকাৰ পিছতো জিলা উপায়ুক্তজনে কেৱল চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতি কিয় এনে বিদ্বেষ মনোভাৱ আছে সেই লৈ তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে উপায়ুক্ত বিভাস চন্দ্ৰ মোডী গ’ বেক ধ্বনিৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।
গোলাঘাট জিলা উপায়ুক্তক সমালোচনা কৰি অতি শীঘ্ৰে কাৰ্যালয়ৰ বাবে ভূমি আৱন্টন দিবলৈ দাবী জনাই সংগঠন দুটাই।
অন্যথা আগন্তুক দিনত ধাৰাবাহিক প্ৰতিবাদৰ জৰিয়তে গোলাঘাট জিলা অচল কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰাই।