• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“ইনাৰলাইন পাৰ্মিট ব্যৱস্থাই নাগালেণ্ডক নবচায়”, কেব সম্পৰ্কত টি আৰ জেলিয়াং

Bhadra Gogoi ভদ্ৰ গগৈ
ডিমাপুৰ , December 4, 2019 8:59 pm

2 min read

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিবস উপলক্ষে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

টি আৰ জেলিয়াং। ফাইল ফটো।

8.3k
VIEWS
Share on FacebookShare on Twitter

ইনাৰলাইন পাৰ্মিট ব্যৱস্থাই নাগালেণ্ডক নাগৰিকত্ব সংশোধনী বিধেয়কৰ কুপ্ৰভাৱৰ পৰা বচাব নোৱাৰে বুলি এটা মত দাঙি ধৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিৰোধী দলপতি টি আৰ জেলিয়াঙে।

৩ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে উত্তৰ-পূবৰ আন আন নেতাৰ লগতে জেলিয়াঙো নতুন দিল্লীত বৈঠকত মিলিত হৈছিল।

জেলিয়াঙকে ধৰি উত্তৰ-পূবৰ প্ৰায়বোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলক “কেব” সম্পৰ্কত আলোচনা কৰিবলৈ ৩ ডিচেম্বৰত গৃহ মন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীলৈ আমন্ত্ৰণ কৰিছিল।

বিজ্ঞপ্তিটোৰ মতে, সাক্ষাৎকালত জেলিয়াঙে অমিত শ্বাহক ৫ অক্টোবৰত তেওঁ মিজোৰামত “উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ জনগণৰ স্বাৰ্থক সুৰক্ষা দিবলৈ এটা বিশেষ দফা সংযোজন কৰা হ’ব” বুলি যি আশ্বাস দিছিল, সেই অনুসৰি নাগালেণ্ডক ৰেহাই দিব পৰা গ’ল হেঁতেন বুলি জানিবলৈ দিয়ে।

শ্বাহৰ উক্ত ঘোষণা “কেব”-এ সৃষ্টি কৰা অস্থিৰতা আৰু ধূসৰতাৰ মাজত এটা আশাৰ ৰেঙনি হৈ দেখা দিছিল বুলি জেলিয়াঙে বৈঠকত জানিবলৈ দিয়ে।

তেওঁ জনায়, উক্ত বৈঠকৰ পিছত এনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু এই গুৰুত্বপূৰ্ণ বৈঠকৰ ফলাফলে উত্তৰ-পূবত চলি থকা অস্থিৰতাৰ অন্ত পেলাব বুলি তেওঁ বিশ্বাস কৰে।

নাগালেণ্ড বেংগল ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ ৰেগুলেইশ্যন (বি ই এফ আৰ) এক্ট ১৮৭৩ আৰু আই এল পিৰ দ্বাৰা “কেব”ৰ পৰা সুৰক্ষিত বুলি একাংশই ৰাজ্যখনত প্ৰচাৰ চলাই থকা কথাটোও আলোচনাৰ সময়ত অমিত শ্বাহৰ দৃষ্টিগোচৰ কৰা বুলি দাবী কৰি প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হয় যে এইটো এটা ভুল ধাৰণাহে।

ইনাৰ লাইন পাৰ্মিটৰ দৰে ব্যৱস্থা থকা সত্ত্বেও বিধেয়কখনত সংসদত গৃহীত কৰাৰ পূৰ্বে “exemption” বা “exempted” শব্দ অন্তৰ্ভুক্ত নকৰিলে নাগালেণ্ড, নাগা লোকসকল ইয়াৰ প্ৰভাৱৰ পৰা সুৰক্ষিত নহয়, সেই কথা দৃঢ়তাৰে বিশ্বাস কৰে বুলি জেলিয়াঙে শ্বাহক জনায়।

““কেব”খন যদি এই ৰূপতে অনা হয়, নাগালেণ্ডৰ দৰে ৰাজ্যবোৰক আই এল পি আইনে অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষা দিব নোৱাৰিব, যিসকলে নতুনকৈ লাভ কৰা ভাৰতীয় নাগৰিকত্ব সহ ৰাজ্যখনত জীৱিকা আদিৰ সন্ধানত প্ৰৱেশ কৰিব”, জেলিয়াঙে কয়।

জেলিয়াঙে আনকি সংবিধানৰ ৩৭১ (এ)ৰ দৰে ব্যৱস্থাবোৰেও এই অনুপ্ৰৱেশক বাধা দিব নোৱাৰে বুলি মত আগ বঢ়ায়।

তেওঁৰ মতে, কোনো নথি-পত্ৰ নথকা বহুতো অবৈধ অনুপ্ৰৱেশকাৰী নাগালেণ্ডকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত এতিয়াও বাস কৰি আছে। “কেব” গৃহীত হোৱাৰ লগে লগে এইসকল ভাৰতীয় নাগৰিক হৈ পৰিব বুলি তেওঁ মন্তব্য কৰে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd