NORTHEAST NOW (Assamese)

বজালীৰ বিশিষ্ট সমাজকৰ্মী প্ৰশান্ত কুমাৰ শৰ্মালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

July 14, 2019 4:09 pm · শশাংক তালুকদাৰ

বজালীৰ বিশিষ্ট সমাজকৰ্মী, উদয়ন সংঘৰ প্ৰতিষ্ঠাপক প্ৰশান্ত শৰ্মা ( ভাইটী )লৈ আজি পাঠশালাৰ হৰিমন্দিৰ চৌহদত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়।

পাঠশালা বজাৰ কমিটি, পাঠশালা চেম্বাৰ্চ অৱ কমাৰ্চ, বজালী জিলা ক্ৰিয়া সন্থা, পাঠশালা প্ৰেছ গীল্ড, পাঠশালা প্ৰেছ ক্লাব, পাঠশালা  আঞ্চলিক ছাত্ৰ সন্থা, নক্ষত্ৰ ক্লাব ভৱানীপুৰৰ লগতে পাঠশালাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকা , আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ ৰনজিৎ ডেকাৰ লগতে অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

তদুপৰি অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি প্ৰশান্ত কুমাৰ শৰ্মাৰ স্মৃতিত উদয়ন সংঘই প্ৰকাশ কৰি উলিওৱা ‘প্ৰশান্ত প্ৰশস্তি’ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ সচিব হেমেন দাসে।

Related News