NORTHEAST NOW (Assamese)

ল’কডাউনৰ সময়ত কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ সৈতে কাজিয়াত লিপ্ত নিয়ম উলংঘাকাৰী স্কুটি আৰোহী

May 14, 2020 9:03 pm · দীপজ্যোতি শৰ্মা
Updated: May 14, 2020 9:06 pm

ল’কডাউনৰ সময়ত যান-বাহন চলাচলৰ ক্ষেত্ৰত কঠোৰ হৈছে আৰক্ষী। যান-বাহন আৰক্ষীয়ে প্ৰতিদিনে চলাচল কৰা বাহন সমূহ পৰীক্ষা কৰি আহিছে।

আজি গুৱাহাটী মহানগৰীৰ কামৰূপ একাডেমীৰ কাষত লতাশিল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যাৱহাৰ কৰে এগৰাকী স্কুটি আৰোহীয়ে।

চাফিক খান নামৰ এজন যুৱকে হেলমেত নিপিন্ধাকৈ অহা বাবে আৰক্ষীয়ে ৰখোৱাৰ পিছতে লতাশিল থানাৰ ট্ৰেফিক কনিষ্টবল ৰাজু কৌৰিৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয়।

তৰ্ক যুদ্ধৰ সময়তে নিজকে উকীল হিচাপে পৰিছয় দিয়া লোকজনে সমগ্ৰ ঘটনা মোবাইলেৰে ৰেকৰ্ডিং কৰি আৰক্ষীক যান-বাহনৰ নিয়মৰ জ্ঞান দিয়া পৰিলক্ষিত হয়।

লোক জনৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে এগৰাকী ডাক্তৰক হেলমেট নিপিন্ধাকৈ যাবলৈ দিছিল সেয়েহে তেওঁ তৰ্ক যুদ্ধত লিপ্ত হয় আৰক্ষীৰ সৈতে।

হেলমেট নিপিন্ধাকৈ গাড়ী চলোৱাৰ বাবে ইতিমধ্যে লতাশিল থানাৰ যান-বাহন আৰক্ষীয়ে যুৱক জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

Related News