NORTHEAST NOW (Assamese)

কাশ্মীৰলৈ ৫০০ বড়ো যুৱক পঠাবলৈ সাজু হাগ্ৰামা

February 16, 2019 6:28 pm · এন ই নাও নিউজ
Updated: February 16, 2019 6:29 pm
হাগ্ৰামা মহিলাৰী। ফাইল ছবি।

পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জে’শ্ব-এ-মহম্মদৰ ভয়ংকৰ আক্ৰমণে কাশ্মীৰত সৃষ্টি কৰা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৫০০ বড়ো যুৱক পঠাবৰ বাবে সাজু হাগ্ৰামা মহিলাৰী।

কেন্দ্ৰীয় চৰকাৰে অনুমতি দিলে এই যুৱকসকল পঠিয়াবলৈ সাজু বুলি ঘোষণা কৰি মহিলাৰীয়ে কয় যে তেওঁলোকৰ দৰমহাও দিব বিটিচি প্ৰশাসনে।

পুলৱামাৰ বিস্ফোৰণত নিহত চি আৰ পি এফ জোৱান মনেশ্বৰ বসুমতাৰীৰ তামুলপুৰ কলগাঁৱৰ ঘৰত উপস্থিত হৈ শনিবাৰে এই মন্তব্য কৰিছে বিটিচি মুৰব্বীজনে।

মহিলাৰীয়ে চহিদ বসুমতাৰীৰ পৰিয়াললৈ ৫ লাখ টকা এককালীন সাহায্যও ঘোষণা কৰে।

বিটিচি মুৰব্বীজনে লগতে আশ্বাস দিয়ে যে কেন্দ্ৰ বা ৰাজ্যই মৃত বসুমতাৰীৰ পৰিয়ালৰ দায়িত্ব নল’লে বিটিচি প্ৰশাসনে সেই দায়িত্ব পালন কৰিব।

সোণোৱাল চৰকাৰে শুকুৰবাৰে বসুমতাৰীৰ পৰিয়াললৈ ২০ লাখ টকা এককালীন সাহায্য ঘোষণা কৰিছে।

Related News