গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত পুনেৰ যুৱকক হত্যা

হোটেল ৰেডিছন ব্লু।

সোমবাৰে মহাৰাষ্ট্ৰৰ পুনেৰ এজন যুৱকক গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত মৃত অৱস্থাত উদ্ধাৰ হোৱাত এটা আন্তঃৰাজ্যিক অপৰাধৰ ঘটনা চৰ্চালৈ আহিছে।

বিশ্বস্ত তথ্য অনুসৰি নিহত যুৱকজনক পুনেৰ সঞ্জীৱ সুৰেশ বুলি চিনাক্ত কৰা হৈছে।

সঞ্জীৱৰ মৃতদেহ উদ্ধাৰ হৈছে পাঁচ তাৰকাযুক্ত হোটেলখনৰ কোঠাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে।

এই সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে যুৱকজনক হত্যাৰ অভিযোগত দুজন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

পলাবলৈ চেষ্টা কৰি থকা অৱস্থাত আজাৰাৰ পৰা আটক কৰা হয় দুয়োজন অভিযুক্তক। তেওঁলোকক কলকাতাৰ বাসিন্দা বিকাশ কুমাৰ শ্ব’ আৰু অঞ্জলি শ্ব’ বুলি চিনাক্ত কৰা হৈছে।

এই কথাও চৰ্চালৈ আহিছে যে মৃত সঞ্জীৱ আপাত দৃষ্টিত অঞ্জলিৰ প্ৰাক্তন প্ৰেমিক আছিল, যাৰ বিৰুদ্ধে মানুহজনৰ সৈতে তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

বৰ্তমান এই গোচৰৰ অধিক তদন্ত অব্যাহত আছে।