দেশত নাৰী এতিয়াও পণ্য! ঋণ শোধাব নোৱাৰিলে স্বামীয়ে; ঋণদাতাৰ যৌন লালসাৰ বলি হ’ল পত্নী! গ্ৰেপ্তাৰ অভিযুক্ত

প্রতিনিধিত্বমূলক ফটো।

মণিপুৰত তিনিমাহ ধৰি চলি থকা হিংসাত যৌন হিংসাৰ বলি হৈছে মহিলা। দুগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ এক চাঞ্চল্যকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছে। সংসদত অচলাৱস্থা। তাৰমাজতে মহাৰাষ্ট্ৰৰ পৰা আহিছে মহিলাৰ ওপৰত যৌন হিংসাৰ আন এক চাঞ্চল্যকৰ খবৰ।

অভিযোগ অতি গুৰুতৰ। স্বামীয়ে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে পত্নীয়ে ভৰিব লগা হৈছে ইয়াৰ মূল্য। ঋণদাতাৰ যৌন কামনাৰ বলি হৈছে তেওঁ। এই জঘণ্য ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেত। এই ঘটনা যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হৈছিল, শেহতীয়াকৈ এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হয়। ইয়াৰ পিছতে অভিযুক্ত ঋণদাতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক: বাপৰে বাপ! মোডী-যোগীৰ আধাৰৰ তথ্য সলনি যুৱকৰ; গ্ৰেপ্তাৰ অভিযুক্ত

মহাৰাষ্ট্ৰ আৰক্ষীয়ে জনোৱা মতে, ব্যক্তিজনে এজন ঋণদাতাৰ পৰা কিছু টকা ধাৰলৈ লৈছিল। সেই টকা তেওঁ সময়মতে উভতাই দিব নোৱাৰিলে। পিছত ঋণৰ ধন সংগ্ৰহৰ বাবে ঋণদাতাই তেওঁলোকৰ ঘৰত অভিযান চলায়।

ব্যক্তিজনে কয় যে এই মুহূৰ্তত তেওঁৰ হাতত ঋণ পৰিশোধ কৰিবলৈ ধন নাই। তেওঁ আৰু কিছু সময় বিচাৰে। কিন্তু, ৪৭ বছৰীয়া ঋণদাতাই তেওঁৰ অনুৰোধ মানি ল’ব বিচৰা নাছিল। অভিযোগ অনুসৰি তেওঁ ব্যক্তিজনক চোকা দাৰে হত্যা কৰাৰ ভাবুকি দিছিল। তেনেতে, আদবয়সীয়া ঋণদাতাৰ চকু পৰিল ঘৈণীয়েকৰ ওপৰত।

ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে পত্নীক গতাই দিবলৈ দাবী জনায় ঋণদাতাই। তাৰ পিছত মহাজনে স্বামীৰ সন্মুখতে চোকা অস্ত্ৰ দেখুৱাই পত্নীক ধৰ্ষণ কৰে। কেৱল সেয়াই নহয়, মোবাইল ফোনৰ কেমেৰাতো সেই অপকৰ্মৰ ভিডিঅ’ ৰেকৰ্ড কৰে। পিছত তেওঁ ভিডিঅ’ ক্লিপটো ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো পোষ্ট কৰে।

লগতে পঢ়ক: নগৰবেৰাত গ্ৰেপ্তাৰ DIG বিবেকৰাজ সিঙৰ মোবাইল কাঢ়ি নিয়া অভিযুক্ত

অৱশ্যে সেইটোৱে তেওঁক গ্ৰেপ্তাৰ কৰাত সহায় কৰিছিল। সেই ভিডিঅ’ৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঋণদাতাক। এজন আৰক্ষী বিষয়াই জনোৱা মতে, ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত আছে। ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।