NORTHEAST NOW (Assamese)

৬০ মিনিটত এই ‘বুলেট থালী’ খাই শেষ কৰিব পাৰিলে লাভ কৰিব এখন ‘এনফিল্ড বুলেট’, ক’ত?

January 21, 2021 3:52 pm · এন ই নাও নিউজ

খাদ্য ৰসিক হ’লেই নহ’ব। ভোজন বিলাসী হোৱাৰ লগতে ভোজন কৰাৰ ক্ষমতাও থাকিব লাগিব। আমিষ বা নিৰামিষ বুলি কোনো বিচাৰ নথকা এনে ভোজনপ্ৰিয়সকলৰ বাবে আছে এক সুখৱৰ।

পুনেৰ ‘শিৱৰাজ হোটেল’ত এনেকুৱা এক খোৱাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে য’ত বিজয়ী ব্যক্তিয়ে লাভ কৰিব একেবাৰে নতুন ১.৬৫ লাখ টকীয়া এখন ‘এনফিল্ড বুলেট’।

ইয়াৰ বাবে তেওঁ ৬০ মিনিটত শেষ কৰিব লাগিব এই আমিষ ব্যঞ্জনৰ ‘বুলেট থালী’। এই থালিত আছে ১২ধৰণৰ মটন আৰু মাছৰ ব্যঞ্জন।

বাতৰি অনুসৰি, পুনেৰ ওয়াদগাঁওৰ মাভাল অঞ্চলত অৱস্থিত হৈছে অতুল ওৱাইকাৰ নামৰ ব্যক্তিগৰাকীৰ শিৱৰাজ হোটেল।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ জানিবলৈ দিয়ে যে গ্ৰাহকসকলক তেওঁৰ হোটেললৈ অধিক আকৰ্ষণ কৰাৰ বাবে এই প্ৰতিযেগিতাৰ আয়োজন কৰা হৈছে।

ইয়াৰ পূৰ্বে ‘ৰাবণ থালী’ খোৱাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।  কিন্তু সেইবাৰতকৈ এইবাৰৰ ‘বুলেট থালী’ৰ পুৰষ্কাৰৰ মূল্য বহুত বেছি। এইবাৰ বিজয়ীসকলক দিয়া হ’ব এখন নতুন বুলেট বাইক।

কিন্তু ইয়াৰ বাবে চৰ্তও ৰখা হৈছে বেচ কঠিন। ৬০ মিনিট অৰ্থাৎ ১ঘন্টাত খাই শেষ কৰিব লাগিব এই বৃহৎ থালী।

অতুল ওৱাইকাৰে জানিবলৈ দিয়ে যে তেওঁৰ হোটেলত মালবানি ফিছ থালী, বকাসুৰ চিকেন থালী, শ্পেচিয়েল ৰাবণ থালী, বুলেট থালী-প্ৰতিটোৰে দাম ২৫০০টকা।

বুলেট থালীত থাকে-ফ্ৰাইড চুৰমাই, পমফ্ৰেট ফ্ৰাইড ফিছ, চিকেন তন্দুৰী, ড্ৰাই মটন, গ্ৰে মটন, চিকেন মচালা আৰু ছিংৰি মাছৰ বিৰিয়ানিৰ দৰে লোভণীয় ব্যঞ্জন।

হোটেলৰ মালিক অতুলে জানিবলৈ দিয়া মতে এই অ’ফাৰৰ বাবে তেওঁৰ হোটেল বহু গ্ৰাহকে ভিৰ কৰিছেহি। ইতিমধ্যে, সোমনাথ পাৱাৰ নামৰ এজন ব্যক্তিয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৬০মিনিটত এই বৃহৎ থালী শেষ কৰি এখন বুলেট পুৰষ্কাৰ হিচাপে লাভো কৰিছে।

Related News