বৰ্তমান সমাজত এনে এটা প্ৰজন্ম আছে যি মাত্ৰ ছ’চিয়েল মিডিয়াত ডুব গৈছে! তেওঁলোকৰ জীৱনত মিম আৰু ৰীলৰ বাহিৰে আন একোৰে প্ৰভাৱ আৰু গুৰুত্ব নাই। কিছুমান ক্ষেত্ৰত তেওঁলোকৰ বাবে ৰীল বনোৱাটো জীৱনতকৈয়ো গুৰুত্বপূৰ্ণ কাম হৈ পৰে! এই কথা ক’ব পাৰি, পুনেত সংঘটিত হোৱা এক কাণ্ডৰ পাছত।
শেহতীয়াকৈ এটা যুটিয়ে ৰিল বনোৱাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত নেটিজেনৰ এক বৃহৎ অংশই তেওঁলোকক গ্ৰেপ্তাৰৰ দাবী জনাইছে।
ৰীল বা ইউটিউব ভিডিঅ’ বনাই ৰাতিটোৰ ভিতৰতে জনপ্ৰিয় হোৱাৰ আকাংক্ষা পূৰণ কৰিবলৈ আজি কিছুমান মানুহে চলন্ত ৰেলৰ পৰা জপিয়াইছে, কোনোবাই কোনো সুৰক্ষা নোহোৱাকৈ ওখ অট্টালিকাৰ চাঁদৰ পৰা জপিয়াইছে।
আৰু শেহতীয়াকৈ পুনেৰ এই কণমানি ছোৱালীজনীৰ সাহস দেখি নেটিজেনসকল আচৰিত হৈ পৰিছে৷ভিডিঅ’ত দেখা অনুসৰি বন্ধুৰ হাতৰ শক্তি প্ৰমাণ কৰিবলৈ তেওঁ ওখ ঘৰৰ চাঁদত ওলমি আছে।
এৎ ৰেকৰ্ডিং কৰা ভিডিঅ’ সকলোতে বিয়পি পৰিছে। ছ’চিয়েল মিডিয়াত সকলোকে শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী উত্থাপন হৈছে।