আজি দুখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। উত্তৰ প্ৰদেশত আজি তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ হোৱাৰ বিপৰীতে পঞ্জাৱত আজি এটা পৰ্যায়তে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
আজি পুৱা ৮বজাৰ পৰা দুয়োখন ৰাজ্যৰ মুঠ ১৭৬টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশত ৫৯টা সমষ্টিৰ বাবে আৰু পঞ্জাৱত মুঠ ১১৭খন আসনৰ বাবেই আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ৰাজ্য দুখনৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ আজি ভাগ্য নিৰ্দ্ধাৰণ হ’ব।
উত্তৰ প্ৰদেশত আজি মুলায়েম সিঙৰ পুত্ৰ অখিলেশ যাদবৰ পুত্ৰৰ সমষ্টিতো ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।
লগতে পঢ়ক: বিজেপিয়ে কোনোবাদিনা অসমখনকে কৰ্পোৰেটক লীজত দিব পাৰে: আছু
আনহাতে, পঞ্জাৱত মুখ্যমন্ত্ৰী চৰনজিৎ সিং চান্নিৰ পৰা আৰম্ভ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধু, আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ ভগৱন্ত মান, প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং, প্ৰকাশ সিং বাদল তথা শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলকে ধৰি কেইবাগৰাকীও শক্তিশালী প্ৰাৰ্থী নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছে।
পঞ্জাৱত ক্ষমতাসীন কংগ্ৰেছ, আম আদমী পাৰ্টি, শিৰোমণি আকালি দল-বিএছপি মিত্ৰজোঁট, বিজেপি-পিএলচি-এছএডি (সংযুক্ত) আৰু সংযুক্ত সমাজ মৰ্চাৰ মাজত বহুকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে।
ৰাজ্যখনত আজি মুঠ ২কোটি ১৪লাখতকৈয়ো অধিক ভোটাৰে ৯৩গৰাকী মহিলাকে ধৰি মুঠ ১৩০৪গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্দ্ধাৰণ কৰিব। ৰাজ্যখনত পুৱা ৮বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া ৬বজাত সামৰণি পৰিব।
লগতে পঢ়ক: ৰাষ্ট্ৰপতি জো বিডেনৰ পিছত আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মন্তব্য,’ইউক্ৰেনত আক্ৰমণ চলাব ৰাছিয়াই’
ইপিনে, দেশৰ ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ দৃষ্টি আকৰ্ষণ কৰা উত্তৰ প্ৰদেশত আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। মুঠ সাতটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ আজিৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ৬২৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্দ্ধাৰণ হ’ব।
তদুপৰি, আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যখনৰ মুঠ ২কোটি ১৫লাখতকৈয়ো অধিক ভোটাৰে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সাৱ্যস্ত কৰিব। ৰাজ্যখনত আজি পুৱা ৭বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু সন্ধিয়া ৬টালৈকে ভোটগ্ৰহণ চলিব।