প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ঘোষণা কৰা ২১ দিনীয়া ল’কডাউন ১৪ এপ্ৰিলত সামৰণি পৰিব। ৰাষ্ট্ৰজোৰা ল’কডাউনৰ সামৰণি পৰাৰ পূৰ্বে পঞ্জাৱে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ১ মে’লৈ ল’কডাউন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
পঞ্জাৱৰ মুখ্য মন্ত্ৰী্ কেপ্টেইন অমৰিন্দৰ সিঙে পঞ্জাৱত ১ মে’লৈ ল’কডাউন বৃদ্ধি কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
পঞ্জাৱ কেবিনেটত সকলোৰে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ল’কডাউন কঠোৰভাৱে পালন কৰাৰ লগতে কাৰ্ফিউ অব্যাহত থাকিব বুলিও জানিব পৰা গৈছে।
নিজাববীয়াকৈ ল’কডাউন বৃদ্ধি কৰা পঞ্জাৱ দ্বিতীয়খন ৰাজ্যত পৰিণত হয়।
উল্লেখযোগ্য যে, দেশৰ ভিতৰত প্ৰথম ৰাজ্য হিচাপে ওড়িশাই ৩০ এপ্ৰিললৈ ল’কডাউন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল।
৯ এপ্ৰিলত ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছিল।
পঞ্জাৱত বৰ্তমানলৈ ১৩০ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১০ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছত মৃত্যু হৈছে।