শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন বাতিলৰ দাবীত যোৱা ২৬ নৱেম্বৰ দিল্লী চ’লো কাৰ্যসূচীৰে দেশৰ কৃষকসকলে আৰম্ভ কৰিছিল কৃষক বিদ্ৰোহ।
কেন্দ্ৰীয় চৰকাৰে বিদ্ৰোহী কৃষকসকলক সীমান্তত দিল্লী প্ৰৱেশত বাধা প্ৰদান কৰে। দিল্লী সংযোগী সকলো পথকে বিদ্ৰোহী কৃষকক প্ৰৱেশ নিষিদ্ধ কৰি বন্ধ কৰি দিলে দিল্লী আৰক্ষীয়ে।
ইয়াৰ পিছতে দিল্লী অভিমুখী বিদ্ৰোহী কৃষকসকলে দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অৱস্থান কৰিবলৈ বাধ্য হৈ পৰে।
হাৰিয়ানা অতিক্ৰম কৰি অহা পঞ্চাৱৰ কৃষকৰ লগতে হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষকে হাৰিয়ানা-দিল্লী চিঙ্ঘু সীমান্তত যোৱা ২৬ নৱেম্বৰৰ পৰা ২২ দিন প্ৰচণ্ড শীততো দিন ৰাতি একাকাৰ কৰি কৃষক বিদ্ৰোহ অব্যাহত ৰাখিছে।
উক্ত প্ৰতিবাদী কৃষক বিক্ষোভস্থলীতে এজন ৩৭ বছৰীয়া কৃষক প্ৰচণ্ড শীতৰ প্ৰকোপত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।
প্ৰচণ্ড শীত সহ্য কৰিব নোৱাৰি মৃত্যু হোৱা শিখ কৃষকজন ১০, ১২ আৰু ১৪ বছৰীয়া তিনিটা সন্তানৰ পিতৃ আছিল।
ইফালে চিঙ্ঘু সীমান্ততে বুধবাৰে কৃষক বিদ্ৰোহৰ প্ৰতি নিজৰ জীৱন উছৰ্গা কৰি বাবা ৰাম সিং নামৰ শিখ ধৰ্মগুৰু এজনে আত্মহত্যা কৰিছে।
তথ্য অনুসৰি, বিগত ২২ দিনে দিল্লী সীমান্তত অব্যাহত কৃষক বিদ্ৰোহত ২০ জনৰো অধিক কৃষক প্ৰতিবাদকাৰী বিভিন্ন কাৰণত আন্দোলনৰত অৱস্থাতে মৃত্যু মুখত পৰিছে।
ইফালে বহু স্বেচ্ছাসেৱী সংগঠনে প্ৰতিবাদকাৰী কৃষকসকলক কম্বল আৰু হিটাৰ প্ৰদান কৰিছে যদিও সেয়া পৰ্যাপ্ত হোৱা নাই।
“আমি প্ৰচণ্ড শীত আৰু শীত প্ৰৱাহৰ সৈতে যুঁজিব লগা হৈছে। প্ৰচণ্ড শীত আৰু বৰষুণ হ’লেও আমি আমাৰ দাবী পূৰণ নোৱোহালৈকে ইয়াত প্ৰতিবাদ কৰি থাকিম।” এজন কৃষকে কয়।