NORTHEAST NOW (Assamese)

ডুবাইত ডুবিল পঞ্জাব কিংছ! নিলামত ভুলতে ‘অচিনাকি খেলুৱৈ’ কিনিলে প্ৰীতি জিন্তাই!

December 21, 2023 10:18 am · এন ই নাও নিউজ, গুৱাহাটী

২০২৪ চনৰ আই পি এলৰ মিনি নিলাম মঙলবাৰে ডুবাইত অনুষ্ঠিত হয়। তাত ৩২ বছৰীয়া শশাংক সিঙক বলীউডৰ তাৰকা প্ৰীতি জিন্তাৰ পঞ্জাব কিংছে লয়। তাৰ বাবে দলে ২০ লাখ টকা খৰচ কৰিব লাগিব। কিন্তু শশাংকক দলত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত যথেষ্ট অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি হৈছে।

নিলামত শশাংকৰ নাম ঘোষণা কৰাৰ লগে লগে প্ৰীতি জিন্তাৰ দলে তেওঁক কিনিবলৈ সন্মত হয়। নিলামকাৰী মল্লিকা সাগৰে হাতুৰী মাৰি শশাংকক ক্ৰয় কৰাটো নিশ্চিত কৰে।

লগতে পঢ়কঃ পান্নুৰ হত্যাৰ ষড়যন্ত্ৰ, ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ডাঙৰ অভিযোগ; মুখ খুলিলে প্ৰধানমন্ত্ৰী মোদীয়ে

কিন্তু তাৰ পিছতে সমস্যাটো আহিল। পঞ্জাৱ কিংছৰ স্বত্বাধিকাৰী নেছ ৱাডিয়া আৰু প্ৰীতি জিণ্টাই কয় যে তেওঁলোকে ভুলতে শশাংকক আন এজন খেলুৱৈ বুলি ভাবি কিনিবলৈ সন্মত হৈছিল। তেওঁক আকৌ নিলামলৈ আনি নতুনকৈ ডাক দিয়াৰ আহ্বান জনায়। কিন্তু মল্লিকা সাগৰে জনায় যে তাৰ আৰু কোনো সুযোগ নাই। আপোনালোকে শশাংকক কিনি লৈছে।

ইপিনে, এনেদৰে এজন অচিনাকি খেলুৱৈ ক্ৰয় কৰা সন্দৰ্ভত আলোচনা আৰু সমালোচনা চলি আছে। ছ’চিয়েল মিডিয়াত বহুতে কৈছে যে ইমান ডাঙৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ আগতে তেওঁলোকে জানি-বুজি খেলুৱৈ কিনিব লাগিছিল। আন বহুতে কয় যে খেলুৱৈ এজনক কিনাৰ পিছত এনেদৰে কথা কোৱাটো অপমানজনক।

লগতে পঢ়কঃ পত্ৰৰ পিছত পত্ৰ! প্ৰতাৰক চন্দ্ৰশেখৰৰ পৰা বাচিবলৈ নিৰাপত্তা বিচাৰিলে অভিনেত্ৰী জেকলিনে

উল্লেখ্য যে ইয়াৰ পূৰ্বে শশাংক সিঙে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলিছিল। যোৱা ছিজনত দলটোৱে তেওঁক মুকলি কৰি দিছিল। ইয়াৰ পিছত তেওঁ সেইবাৰ অবিক্ৰিত হৈ আছিল। এইবাৰ ভুল কৰি হ’লেও দলটো পালে। অৱশ্যে অৱশেষত তেওঁ পঞ্জাৱ কিংছত যোগদান কৰিব নে নাই তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। 

Related News