IPL 2024: বেয়াৰষ্ট’ৰ সন্মুখত দিশহাৰা কলকাতা; টী-২০ ইতিহাসত সৰ্বাধিক ৰান চেজ কৰি জয়লাভ পঞ্জাবৰ

বৰ্তমানৰ আই পি এলৰ মিড ছিজন মাত্ৰ অতিক্ৰম কৰিলে। ইয়াৰ মাজতে ২২ বাৰকৈ এটা ইনিংছত ২০০ৰো অধিক ৰান সংগ্ৰহ কৰা হৈছে। এইবাৰ শুকুৰবাৰৰ কলকাতা আৰু পঞ্জাৱৰ মেচখনো সেই তালিকাত প্ৰৱেশ কৰিলে।

এতিয়ালৈকে এই মেচখন শ্বাহৰুখ খান আৰু প্ৰীতি জিণ্টাৰ মাজত মৰ্যাদাৰ যুঁজ বুলি জনা গৈছিল। এইবাৰ আন এটা কাৰণত কলকাতা-পাঞ্জাৱ যুঁজখন ইতিহাসত লিপিবদ্ধ হ’ল। আই পি এলত সৰ্বাধিক ৰান চেজৰ অভিলেখ গঢ়িলে পঞ্জাবে। সেইদৰে, টী-২০ ইতিহাসতো এয়া সৰ্বাধিক ৰান চেজ। ইডেনত ছেম কাৰানৰ দলে ৮ উইকেটত জয়লাভ কৰে।

টছত জয়ী হৈ কাৰানে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। সাধাৰণতে ইডেনত ৰান অতিক্ৰম কৰি জয়ী হোৱাটোৱে স্বাভাৱিক। কিন্তু পঞ্জাৱৰ ডাঙৰ সমৰ্থকেও হয়তো ভাবিব পৰা নাছিল যে ইমান বিৰাট ৰান অতিক্ৰম কৰিব পাৰি।

আই পি এলত এতিয়ালৈকে সৰ্বাধিক ৰান চেজত জয়লাভ কৰে ৰাজস্থান ৰয়েলছে। ২০২০ চনত এই পঞ্জাৱৰ বিৰুদ্ধে ২২৬ ৰান কৰি জয়লাভ কৰিছিল। শুকুৰবাৰে কলকাতা নাইট ৰাইডাৰ্ছে তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছিল। তথাপি সেই ৰাণ অতিক্ৰম কৰিলে বেয়াৰষ্টো বাহিনীয়ে। ২৬২ ৰানৰ লক্ষ্য তেওঁলোকৰ বাবে কোনো বাধা যেন নালাগিল।

প্ৰথম ইনিংছত সম্পূৰ্ণৰূপে নাইটছৰ আধিপত্য আছিল। নাৰাইন আৰু ছল্টৰ যুটীত  ৰানৰ পাহাৰ গঢ়িছিল শ্ৰেয়াছ বাহিনীয়ে। পঞ্জাৱৰ ফিল্ডাৰসকলে একাধিক কেচ ড্ৰপ কৰি তেওঁলোকৰ কাম আৰু সহজ কৰি তুলিছিল।

পাৱাৰ প্লে’ত ৭৬ ৰান সংগ্ৰহ কৰে অপেনিং যুটীয়ে। ৰাবাডাক চাৰি মাৰি মাত্ৰ ২৪টা বলতে অৰ্ধশতক অৰ্জন কৰে নাৰাইনে। শতক হয়তো নাহিল, কিন্তু তেওঁৰ ইনিংছত আছিল মনোৰঞ্জনৰ সকলো মছলা। শেষত ৩২টা বলত ৭১ ৰান সংগ্ৰহ কৰি স্তব্ধ হৈ পৰিল নাৰাইনে।

ইপিনে, এফালে ধুমুহা বন্ধ হৈ গ’ল যদিও ফিল ছল্টৰ দমন তেতিয়াও চলি আছিল। ছল্টে ৩৭টা বলত ৭৫ ৰান সংগ্ৰহ কৰি কাৰানৰ দুৰ্দান্ত য়ৰ্কাৰত আউট হৈ উভতি আহে। ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল, শ্ৰেয়াছ আয়াৰৰ আক্ৰমণাত্মক বেটিং  সত্ত্বেও কলকাতা ২৬১ ৰানতে সীমাবদ্ধ থাকিল। বেয়াৰষ্ট’ৰ অদমনীয় ইনিংছৰ আগত সেইটোও সামান্য যেন লাগিছিল। ১০৮ ৰানত তেওঁ অপৰাজিত হৈ থাকে।

পঞ্জাৱৰ ইনিংছৰ আৰম্ভণিৰে পৰাই প্ৰভসিমৰন সিঙে ধুমুহাৰ সৃষ্টি কৰিছিল। মিচেল ষ্টাৰ্কৰ ঠাইত শ্ৰীলংকাৰ দুস্মন্ত চামিৰাই তেওঁৰ সন্মুখত ভাল অভিষেক ঘটাব নোৱাৰিলে। অৱশ্যে একমাত্ৰ সুনীল নাৰাইনৰ বাহিৰে পঞ্জাৱৰ অ’পেনাৰৰ সন্মুখত কোনেও তিষ্ঠিব নোৱাৰিলে। শেষত শশাংক সিঙে আকৌ এবাৰ ৰাজকীয় ইনিংছ খেলিলে। বেয়াৰষ্টো-শশাংকৰ সংহাৰেৰে পঞ্জাবে ৮ উইকেটত জয়লাভ কৰে।

সংক্ষিপ্ত স্কোৰঃ

কলকাতা নাইট ৰাইডাৰ্ছ: ২৬১/৬ (ছল্ট ৭৫, নাৰাইনে ৭১, অৰ্শ্বদীপ ৪৫/২)

পঞ্জাব কিংছঃ ২৬২/২ (বেইৰষ্টো ১০৮, শশাংক ৬৮, নাৰাইন ২৪/১)

পঞ্জাব কিংছে ৮ উইকেটত জয়লাভ কৰে।