পুৰণিগুদাম প্ৰেছ ক্লাবৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন, নতুন সমিতি গঠন

Puranigudam press club's biennial conference held, new committee formed

নগাঁও জিলাৰ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিবেশনখনি শুক্ৰবাৰে অনুষ্ঠিত হৈ যায়।

পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত বাপুজী ভৱন আৰু পুথিভঁৰালত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অধিবেশনখনত পুৰণিগুদাম প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি কুলপ্ৰদীপ দাস, জেষ্ঠ সাংবাদিক নীলৰঞ্জন শৰ্মা, তপন কটকী, মিঠুমুগ্ধ গোহাঁই, নফিছা হুইছেন সহ পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সকলো সাংবাদিক তথা সংবাদসেৱী উপস্থিত থাকে।

প্ৰেছ ক্লাবৰ সাংগঠনিক সম্পাদক ভাৰ্গব হাজৰিকাই আঁত ধৰা অধিবেশনখনিত বৰ্তমান সময়ত সাংবাদিক সকল সন্মুখীন হোৱা সমস্যা সমুহৰ লগতে প্ৰেছ ক্লাৱৰ সংবিধান সংশোধনীৰ সন্দৰ্ভতো আলোচনা কৰাৰ উপৰিও আগন্তুক ২০২০-২১ বৰ্ষৰ বাবে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ নতুন সমিতিখন গঠন কৰা হয়।

অধিবেশখনিতে ফণীন্দ্ৰ নাথ গায়ন, কুল প্ৰদীপ দাস, নিলৰঞ্জন শৰ্মা, হেমন্ত শইকীয়া, তপন কুমাৰ বৰা, মিঠু মুগ্ধ গোহাঁই, নাফিছা হুছেইনক উপদেষ্টা হিচাপে, তপন কটকীক সভাপতি হিচাপে, ভাৰ্গব হাজৰিকাক কাৰ্য্যকৰী সভাপতি হিচাপে, ধ্ৰুৱজ্যোতি গায়নক উপ-সভাপতি, নয়নমণি বৰাক সাধাৰণ সম্পাদক, ৰঞ্জন বৈৰাগীক সম্পাদক, ভাস্কৰজ্যোতি দাসক সহকাৰী সম্পাদক, দিগন্ত ভূঞা, দীপাংকৰ ভৰদ্বাজ, সীমান্ত কলিতা আৰু অভিজিৎ বৰাক সাংগঠনিক সম্পাদক, ষড়াণন বৰা আৰু দিব্যজ্যোতি ভূঞাক পত্ৰিকা সম্পাদক হিচাপে লোৱাৰ লগতে শ্যামেন্দ্ৰ বৈৰাগী, কাবুল কলিতা, কৃষ্ণ শইকীয়া, জিতুমণি শইকীয়া, প্ৰীঞ্চ হক, বাচ্ছম(টুকু) হক, বিদ্যুৎ বৰা , হাৰিছ তনবীৰ হক, নয়নজ্যোতি গায়ন আৰু নৱজ্যোতি বৰুৱাক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ এখন পূৰ্ণাঙ্গ সমিতিখন গঠন কৰা হয়।

উল্লেখ্য যে, নতুনকৈ গঠন হোৱা পুৰণিগুদাম প্ৰেছ ক্লাৱৰ নব-নিযুক্ত সমিতিখনে দ্বি-বাৰ্ষিক অধিবেশনৰ দিনায়ে দায়িত্ব ভাৰো গ্ৰহন কৰাৰ লগতে যোৱা ২৩ অক্টোবৰত শুভাৰম্ভণি হোৱা অসমৰ প্ৰথমখন শাৰদীয় শিশু গ্ৰন্থ মেলা “পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলা”ৰ ৰূপালী জয়ন্তী বৰ্ষৰ বছৰজুৰা কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ হয় নতুন কমিটি খন।

ইফালে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো ক’ভিড পৰিস্থিতি সম্পূৰ্ণৰূপে শাম কাটিলে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত পুৰণিগুদামৰ ঐতিহাসিক কাঠৰ দূৰ্গা প্ৰতিমাৰে পূজা-অৰ্চনা কৰা মূল পূজা মণ্ডপ ভাগৰ কাষতে প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা পুৰণিগুদাম শাৰদীয় শিশু গ্ৰন্থ মেলা খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ভাগ ব্যাপক জাকজমকতাৰে আড়ম্বৰপূৰ্ণ ভাবে অনুষ্ঠিত কৰাৰ পূৰ্ব-পৰিকল্পনা কৰা হৈছে বুলি প্ৰেছ ক্লাৱৰ সভাপতি/সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমক।