• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কি হৈছে ফ্ল’ৰিডাত! ঘঁৰিয়াল গিলিব পৰা ডাঙৰ সাপ ধৰিবলৈ ভিৰ কৰিছে অজগৰ চিকাৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2023 10:39 am
ফটো সৌজন্য: বিবিচি।

ফটো সৌজন্য: বিবিচি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৩ চনৰ ফ্ল’ৰিডা পাইথন চেলেঞ্জ ৪ আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু আক্ৰমণাত্মক প্ৰজাতিটোৰ চিকাৰ কৰিবলৈ এভাৰগ্লেডছলৈ শ শ অংশগ্ৰহণকাৰীয়ে আহি ভিৰ কৰিছে। দক্ষিণ ফ্ল’ৰিডাত ইয়াৰ সংখ্যা ৰোধ কৰাৰ প্ৰয়াসেৰে চিকাৰীয়ে বৃহৎ বাৰ্মিজ পাইথন ধৰিবলৈ পতা এই প্ৰতিযোগিতা ১৩ আগষ্টলৈকে চলিব।

যিগৰাকী চিকাৰীয়ে আটাইতকৈ বেছি অজগৰ ধৰিব তেওঁ পুৰস্কাৰ হিচাপে ১০ হাজাৰ মাৰ্কিন ডলাৰ আৰু ৰানাৰ্ছ আপগৰাকীয়ে ৭হাজাৰ ৫শ মাৰ্কিন ডলাৰ লাভ কৰিব। বাতৰি অনুসৰি, এই বছৰৰ প্ৰাইজ পুলৰ মুঠ মূল্য ৩০ হাজাৰ ডলাৰতকৈও অধিক।

যোৱা বছৰ এই প্ৰতিযোগিতাত কানাডা আৰু লাটভিয়াৰ ৩২খন ৰাজ্যৰ পৰা ১০০০ৰো অধিক চিকাৰীয়ে অংশগ্ৰহণ কৰিছিল বুলি ফ্ল’ৰিডাৰ মৎস্য আৰু বন্যপ্ৰাণী সংৰক্ষণ আয়োগৰ মুখপাত্ৰ লিজা থম্পছনে জানিবলৈ দিছে। সেই প্ৰতিযোগিতাৰ সময়ত অভিলেখ সৃষ্টিকাৰী ২৩১টা বাৰ্মিজ পাইথন ধৰা পৰিছিল।

Apply Now

২০২২ চনত ২৮টা বাৰ্মিজ অজগৰ ধৰি মেথিউ কনচেপচনে ১০ হাজাৰ ডলাৰৰ পুৰস্কাৰ লাভ কৰে।যোৱা বছৰৰ প্ৰত্যাহ্বানত ধৰা পৰা আটাইতকৈ দীঘল পাইথনটো আছিল ১১ ফুট দীঘল, যিটো ডাষ্টিন ক্ৰমে ধৰি ১৫০০ ডলাৰৰ পুৰস্কাৰ লাভ কৰিছিল।

থম্পছনে জনায় যে এই অনুষ্ঠানৰ বাবে পঞ্জীয়ন শেষ দিনটোলৈকে মুকলি থাকে, গতিকে এই বছৰ অংশগ্ৰহণকাৰীৰ মুঠ সংখ্যা এতিয়াও নিৰ্ণয় কৰা হোৱা নাই যদিও ই বিগত বছৰবোৰৰ সমান হ’ব বুলি আশা কৰা হৈছে। এই বছৰ বেলজিয়ামৰ পৰাও অন্ততঃ এগৰাকী অংশগ্ৰহণকাৰী আহিছে বুলিও জনায় ছানীয়ে।

ফটো সৌজন্য: বিবিচি।

বন্যপ্ৰাণী বিষয়াসকলে জনোৱা মতে, এই অঞ্চলৰ প্ৰাপ্তবয়স্ক অজগৰবোৰৰ উচ্চতা সাধাৰণতে ৬ৰ পৰা ৯ ফুটৰ ভিতৰত হয় যদিও কিছুমান যথেষ্ট ডাঙৰ।

২২ বছৰীয়া জেক ৱালেৰীয়ে চলিত গ্ৰীষ্মৰ আৰম্ভণিতে ফ্ল’ৰিডাত ধৰা পৰা সৰ্ববৃহৎ বাৰ্মিজ পাইথনৰ অভিলেখ গঢ়িছিল। ১০ জুলাইত বিগ চাইপ্ৰেছ নেচনেল প্ৰিজাৰ্ভত ১৯ ফুট ১২৫ পাউণ্ড ওজনৰ সাপটো ধৰিছিল আৰু ই তেওঁক কামোৰাৰ চেষ্টা কৰাৰ সময়ত ইয়াৰ সৈতে যুঁজ দিছিল।

ফ্ল’ৰিডাৰ বন্যপ্ৰাণী বিষয়াসকলে জনোৱা মতে, মানুহৰ বাহিৰে অজগৰৰ চিকাৰী কম। থম্পছনে এই প্ৰজাতিটোক “ডায়েটেৰী জেনেৰেলিষ্ট” বুলি অভিহিত কৰিছে, অৰ্থাৎ ইহঁতে সেই অঞ্চলৰ স্থানীয় প্ৰাণীক চিকাৰ কৰে, য’ত কিছুমান বিপন্ন বা বিলুপ্তপ্ৰায় প্ৰজাতিও অন্তৰ্ভুক্ত। ইহঁতে প্ৰায়ে নিগনি খায়, কিন্তু মানুহ আৰু ইয়াৰ পোহনীয়া জন্তুৰ বাবে ই বিপদ হ’ব পাৰে। আনকি ঘঁৰিয়াল খোৱাৰ কথাও জনা গৈছে।

যোৱা বছৰ অজগৰ চিকাৰী মাৰ্চিয়া কাৰ্লছন পেকে ১৫ ফুটৰ অজগৰ এটা ধৰিছিল যাৰ ভিতৰত ৫ ফুটৰ ঘঁৰিয়াল এটা আছিল বুলি জনা গৈছে। পেক চিকাৰ কৰা মহিলাসকলৰ গোট এভাৰগ্লেডছ এভেঞ্জাৰ টিমৰ সদস্য আৰু তেওঁ বছৰজুৰি সাপ চিকাৰ কৰে যদিও প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে।

ফ্ল’ৰিডাৰ মৎস আৰু বন্যপ্ৰাণী সংৰক্ষণ আয়োগে চিকাৰীসকলক মানৱীয় হত্যা পদ্ধতি ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে, অৰ্থাৎ হত্যাৰ সময়ত অজগৰে তৎক্ষণাত চেতনা হেৰুৱাব লাগিব। এই প্ৰত্যাহ্বানত অংশগ্ৰহণ কৰিব বিচৰা লোকসকলে বাৰ্মিজ পাইথনক কেনেকৈ চিনাক্ত কৰি মানৱীয়ভাৱে হত্যা কৰিব পাৰি সেই বিষয়ে জানিবলৈ অনলাইন প্ৰশিক্ষণ পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব।

ফটো: সংগ্ৰহীত।

এইবাৰৰ প্ৰতিযোগিতাত নিজৰ সম্বন্ধীয় ভাতৃৰ সৈতে অংশগ্ৰহণ কৰা ৱালেৰীয়ে বিবিচি নিউজক জনোৱা মতে, তেওঁ টেপ লৈও আহিছে যাতে তেওঁ হত্যাৰ পূৰ্বে অজগৰৰ মুখ বন্ধ কৰিব পাৰে।

অজগৰ বিষাক্ত নহয়, কিন্তু ইহঁতে মুখেৰে চিকাৰ ধৰি লয় আৰু তাৰ পিছত চিকাৰৰ চাৰিওফালে নিজৰ শৰীৰটোৰে মেৰিয়াই ধৰি চিকাৰক শ্বাসৰুদ্ধ কৰি মাৰি পেলায় বুলি ছান ডিয়েগো চিৰিয়াখানাই প্ৰকাশ কৰিছে।

ৱালেৰীয়ে কয় যে তেওঁ বাগ স্প্ৰে, পানীত সোমাবলগীয়া হ’লে ৱেডাৰ, আৰু বিষাক্ত সাপক বাটৰ পৰা অঁতৰাই দিবলৈ লাঠিও লৈ আহিছে। তেওঁৰ দল গ্লেড বয়ছে ১০ দিনীয়া প্ৰতিযোগিতাখনৰ প্ৰতিটো নিশাই চিকাৰ কৰাৰ পৰিকল্পনা কৰিছে।

এই আক্ৰমণাত্মক প্ৰজাতিটো ক’ৰ পৰা আহিল?

২০১৩ চনত এই প্ৰত্যাহ্বানৰ উন্মেষ ঘটিছিল যদিও ১৯৮০ চনৰ পৰাই এই অঞ্চলত বাৰ্মিজ পাইথন দেখা গৈছে। প্ৰথমবাৰৰ বাবে বিদেশী পোহনীয়া জন্তুৰ অনুৰাগী আৰু বিদেশী জীৱ-জন্তুৰ প্ৰদৰ্শকে লৈ আনিছিল।

১৯৯২ চনত হাৰিকেন এণ্ড্ৰুৰ পিছতেই এই বিশাল সাপবোৰে এভাৰগ্লেডছত বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰে। হাৰিকেনে অঞ্চলটোৰ বন্যপ্ৰাণীৰ সুবিধাসমূহৰ ক্ষতিসাধন কৰাৰ ফলত বাৰ্মিজ পাইথনে এটা প্ৰজনন কেন্দ্ৰৰ পৰা স্থানীয় পৰিৱেশলৈ পলায়ন কৰিবলৈ সক্ষম হয়।

ফটো সৌজন্য: বিবিচি।

এই প্ৰজাতিটো আক্ৰমণাত্মক, অৰ্থাৎ এই পৰিৱেশ তন্ত্ৰ ইহঁতে প্ৰাকৃতিকভাৱে পোৱা নাছিল আৰু ইয়াৰ ফলত পৰিৱেশ আৰু ইয়াৰ চৌপাশৰ প্ৰজাতিসমূহৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

বন্যপ্ৰাণী চিকাৰ কৰাৰ উপৰিও এই প্ৰজাতিটোৱে এই অঞ্চললৈ এটা অনা-স্থানীয় পৰজীৱীও আনিছিল, যিটো অন্য ধৰণৰ সাপলৈও সংক্ৰমিত হ’ব পাৰে আৰু ৰোগৰ সৃষ্টি কৰিব পাৰে বুলি থম্পছনে কয়।

থম্পছনে কয় যে এই ভাবুকিৰ বাবেই পৰিৱেশৰ পৰা আঁতৰোৱা প্ৰতিটো অজগৰে থলুৱা বন্যপ্ৰাণী আৰু বাসস্থানক সুৰক্ষা দিয়াত সহায় কৰে।

অজগৰৰ জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ফ্ল’ৰিডা চৰকাৰে অজগৰ চিকাৰীৰ সৈতে চুক্তিবদ্ধ হ’বলৈ আৰম্ভ কৰিলে যাতে এই জনসংখ্যা ৰোধ কৰাৰ চেষ্টা কৰিব পাৰে। ফ্ল’ৰিডা পাইথন চেলেঞ্জ হৈছে এই প্ৰচেষ্টাৰ বিষয়ে সজাগতা সৃষ্টি আৰু মানুহক জড়িত হ’বলৈ উৎসাহিত কৰা বাৰ্ষিক অনুষ্ঠান।

ফ্ল’ৰিডাত কিমান বাৰ্মিজ পাইথন আছে?

চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰকাশিত ইউ.এছ.জিঅ’লজিকেল চাৰ্ভেৰ এক অধ্যয়ন অনুসৰি ফ্ল’ৰিডাত হাজাৰ হাজাৰ পাইথন আছে বুলি ধাৰণা কৰা হৈছে। পাইথনবোৰ এভাৰগ্লেডছত বেছিকৈ কেন্দ্ৰীভূত হৈ আছে, য’ত ইহঁতে কিছুমান স্থানীয় বন্যপ্ৰাণীৰ জনসংখ্যা ধ্বংস কৰিছে।

ফটো: সংগ্ৰহীত।

১৯৯৭ চনৰ পৰা ২০১২ চনলৈকে ৰেকুনৰ সংখ্যা ৯৯.৩ % হ্ৰাস পাইছে। অপ’ছামৰ সংখ্যা ৯৮.৯% আৰু বনমেকুৰীৰ সংখ্যা ৮৭.৫% হ্ৰাস পাইছে। সেইদৰে হ্ৰাস পাইছে এন্দুৰ, শিয়ালকে ধৰি আন বন্যপ্ৰাণীও।  

এই সাপটোৱে একেসময়ত ৫০ৰ পৰা ১০০টা কণী পাৰে, যাৰ ফলত যোৱা ২০ বছৰত এই প্ৰজাতিটোৰ এই অঞ্চলত সম্প্ৰসাৰণ ঘটিছে। ২০০০ চনৰ পৰা ফ্ল’ৰিডাত ১৮ হাজাৰতকৈ অধিক বাৰ্মিজ পাইথন আঁতৰোৱা হৈছে বুলি ফ্ল’ৰিডাৰ মৎস্য আৰু বন্যপ্ৰাণী সংৰক্ষণ আয়োগে প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd