• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাহুল-শচীনৰ সংযোগ নাছিল ৰচিন! পিতৃয়ে ক’লে ৰচিন ৰবীন্দ্ৰৰ নামকৰণ বৃতান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2023 4:16 pm
Rachin Ravindra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলি আছে ক্ৰিকেট বিশ্বকাপ। বিশ্বকাপৰ উন্মাদনাই বাৰুকৈয়ে স্পৰ্শ কৰেছে ক্ৰিকেট বিশ্বক। ইতিমধ্যে শেষ হোৱা লীগ পৰ্যায়ৰ অন্তত ক্ৰমে ভাৰত, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে বিশ্বকাপৰ ছেমিত স্থান নিশ্চিত কৰিছে।

বুধবাৰে বিশ্বকাপৰ প্ৰথমখন ছেমিত ঘৰুৱা দল ভাৰতৰ বিপক্ষে অৱতীৰ্ণ হ’ব নিউজিলেণ্ড। ঠিক সেই ১৯ বিশ্বকাপৰে যেন পুনৰাবৃত্তি! সেইবাৰ ভাৰতক ছেমিত পৰাস্ত কৰি কিৱি বাহিনী উপনীত হৈছিল ফাইনেলত।

Apply Now

পূৰ্ব বিশ্বকাপৰ সেই ধাৰাৰ পুনৰাবৃত্তি নিউজিলেণ্ডে এইবাৰ কৰিব পাৰিব নে, সেয়া কোৱা কঠিন। কিন্তু যোগ্যভাৱেই দলটোৱে নিশ্চিত কৰিছে ছেমিৰ স্থান। দলটোৰ এই সাফল্যত বিশেষ অৰিহণা আছে এগৰাকী যুৱ খেলুৱৈৰ।

নাম তেওঁৰ ৰচিন ৰবীন্দ্ৰ। ২৩ বৰ্ষীয় এই উদীয়মান তাৰকাগৰাকীয়ে চলিত বিশ্বকাপত উজ্জীৱিত প্ৰদৰ্শনেৰে ক্ৰিকেট বিশ্বৰ প্ৰশংসা লাভ কৰিছে। বাওঁহতীয়া যুৱ খেলুৱৈগৰাকীয়ে বহন কৰিছে নিউজিলেণ্ডৰ বেটিঙৰ এক সফল আৰম্ভণিৰ দায়িত্ব।

প্ৰথমখন মেচতে ১২৩ ৰাণৰ এক দৰ্শনীয় ইনিংছেৰে বিশ্বকাপ অভিষেক ঘটোৱা ৰবীন্দ্ৰই এইপৰ্যন্ত ৯ ইনিংছত ৫৬৫ ৰান সংগ্ৰহ কৰি চলিত বিশ্বকাপত তৃতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে।

এইপৰ্যন্ত ৰবীন্দ্ৰই ক্ৰিকেটৰ এই মেগা টুৰ্ণামেণ্টখনৰ ৯ টা ইনিংছত তিনিটা শতক আৰু আৰু দুটা অৰ্ধশতক অৰ্জন কৰিছে। তেওঁৰ বৰ্তমানৰ ৰাণৰ গড় ৭০.৬২। এনে চমকপ্ৰদ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ৰবীন্দ্ৰৰ ‘ৰচিন’ নামটিক লৈ হৈছিল ব্যাপক চৰ্চা।

চৰ্চা চলিছিল, দুই ভাৰতীয় কিংবদন্তি তাৰকা ৰাহুল দ্ৰাবিড় আৰু শচীন টেণ্ডুলকাৰৰ নামৰ সংমিশ্ৰণ ঘটাই এই যুৱ কিৱি তাৰকাগৰাকীৰ নামাকৰণ কৰা হৈছিল ‘ৰচিন’ ৰবীন্দ্ৰ নামেৰে। পিছে খেলুৱৈগৰাকীৰ পিতৃয়ে নামাকৰণৰ সময়ত এই কথা ভবা হোৱা নাছিল বুলি মন্তব্য কৰিছে।

ৰচিনৰ পিতৃ ৰবি কৃষ্ণমূৰ্তিয়ে স্পষ্ট কৰি দিছে যে ‘ৰচিন’ নামটো ইচ্ছাকৃতভাৱে দিয়া হোৱা নাছিল। কৃষ্ণমূৰ্তিৰ ভাষ্য মতে, তেওঁৰ পত্নী অৰ্থাৎ ৰচিনৰ মাতৃয়ে ৰচিনৰ জন্মৰ সময়ত এই নামটোৰ পৰামৰ্শ দিছিল।

নামটোৰ এই বিষয়ে আলোচনা কৰি বেছি সময় খৰচ কৰা হোৱা নাছিল বুলি মন্তব্য কৰে ৰচিনৰ পিতৃয়ে। তেওঁ লগতে কয় যে ৰচিন নামটো ভাল লগাৰ সমান্তৰালকৈ নামটো চুটি আৰু বানান কৰাটো সহজ আছিল। সেয়ে সেই নামটো দিয়াৰেই সিদ্ধান্ত হৈছিল।

নামটো ৰাহুল আৰু শচীনৰ নামৰ মিশ্ৰণ বুলি কিছু বছৰৰ পিছতহে তেওঁলোকে বুজিব পাৰিছিল বুলি উল্লেখ কৰি তেওঁ লগতে সন্তান ৰচিনক ক্ৰিকেটাৰ বা তেনেকুৱা কোনো ৰূপেৰে গঢ় দিয়াৰ উদ্দেশ্যেৰে তেওঁৰ নাম ৰখা হোৱা নাছিল বুলিও স্পষ্ট কৰি দিয়ে কৃষ্ণমূৰ্তিয়ে।

উল্লেখ্য যে, কিৱি দলক প্ৰতিনিধিত্ব কৰি ৰচিন ৰবীন্দ্ৰ ভাৰতীয় মূলৰ খেলুৱৈ। তেওঁৰ ককাক-আইতাক এতিয়াও বাংগালুৰু চহৰত থাকে। আনকি চলিত বিশ্বকাপৰ সময়ত ৰবীন্দ্ৰৰ তেওঁৰ ককাক-আইতাকৰ ঘৰলৈ গৈ সাক্ষাতো কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd