• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনবসতিহীন ছিপাঝাৰৰ গৰুখুটি চৰত উৰিল উগ্ৰ হিন্দুত্ববাদৰ নিচান! স্বজমিন প্ৰতিবেদন ১

জনবসতিহীন চৰত মন্দিৰৰ প্ৰয়োজনীয়তা ক’ত!

প্ৰাঞ্জল দেউৰী, গুৱাহাটী by প্ৰাঞ্জল দেউৰী, গুৱাহাটী
October 20, 2021 6:37 pm
Sipajhar Gorukhuti
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এয়া নিমৰ্ম বাস্তৱ! যেন প্ৰৱল ধৰ্মীয় আক্ৰোশ! প্ৰৱল ধৰ্মীয় শত্ৰুতা! জাতীয়তাবাদ আৰু হিন্দুত্ববাদৰ নামত নাই তিলাৰ্ধও মানৱীয়তা!

হয়, এক ভুলুণ্ঠিত মচজিদৰ ভেটিত নিৰ্মাণ কৰা হ’ব এক হিন্দু মন্দিৰ! সদ্য উচ্ছিদত ছিপাঝাৰৰ গৰুখুটিত উৰিল উগ্ৰ হিন্দুত্ববাদৰ নিচান। জনবসতিহীন চৰটোত প্ৰতিষ্ঠা কৰা হ’ল এক হিন্দু ধৰ্মৰ মন্দিৰ! এই অভিযোগ উঠিছে বিবাদমান গৰুখুটিত।

যোৱা ১৯ অক্টোবৰত ভাগৱত পাঠেৰে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়াৰ বিজেপি বিধায়ক পদ্ম হাজৰিকা আৰু ছিপাঝাৰৰ বিজেপি বিধায়ক পৰামন্দ ৰাজবংশীৰ উপস্থিত গৰুখুটিত হিন্দু মন্দিৰ নিৰ্মাণৰ মাংগলিক কাৰ্য সমাপন কৰা হ’ল। স্থানীয় তথা সমীপৰ লোকৰো এই একেই অভিযোগ।

Apply Now

এই মাংগলিক কাৰ্য সম্পাদনৰ বাবে ১৯ অক্টোবৰ পুৱাৰে পৰা গৰুখুটিৰ ইতিমধ্যে চৰকাৰে বন্ধ কৰি দিয়া এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত ভাগৱত পাঠৰ লগতে এক ৰাজহুৱা অনুষ্ঠানৰো আয়োজন কৰা হয়। যি অনুষ্ঠানত উদ্দাত্ত কণ্ঠৰেৰে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই ১ নং ধলপুৰ, ২ নং ধলপুৰ আৰু গৰুখুটিকে আদি কৰি ছিপাঝাৰৰ চৰত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰি পথাৰ আৰু বজাৰ দখলৰ কথা অতি দাম্ভিকতাৰে ঘোষণা কৰাৰ লগতে অসমীয়া অস্তিত্বৰ ৰক্ষা কথাও দৃঢ়তাৰে দোহাৰে।

উচ্ছেদিত লোকৰ মতে এটা মচজিদ ধ্বংস কৰি তাতে হিন্দু মন্দিৰ এটা নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাইছে প্ৰশাসন আৰু গৰুখুটি প্ৰকল্পৰ সমিটিয়ে। তেওঁলোকৰ মতে সমগ্ৰ চৰটোত থকা পাঁচোটাকৈ মচজিদ জেচিবি লগাই ধ্বংসস্তূপত পৰিণত কৰা হৈছে আৰু তাৰে গৰুখুটিস্থিত মচজিদৰ ভেটিত মন্দিৰ নিৰ্মাণৰ কৰিবলৈ যো জা কৰি ১৯ অক্টোবৰত মাংলগিক কৰ্ম সম্পাদন কৰা হৈছে। অভিযোগ অনুসৰি উক্ত স্থানৰ সমীপতে এটা কবৰস্থানো আছিল যিটোক জেচিবিৰে ধ্বংস কৰিছে গৰুখুটি প্ৰকল্পৰ সমিতিয়ে। অন্য দুটা কবৰস্থানকো তেনেকৈয়ে ধ্বংস কৰাৰ লগতে বাৰীৰ ভিতৰত ব্যক্তিগতভাৱে দিয়া কবৰসমূহো তেনেদৰে জেচিবি লগাই ধ্বংস কৰা বুলি অভিযোগ কৰিছে উচ্ছেদিত লোকসকলে। 

ইফালে মন্দিৰ নিৰ্মাণৰ সম্পৰ্কে প্ৰশ্ন কৰাত প্ৰকল্প স্বেচ্ছাসেৱকসকলে মন্তব্য কৰাৰ পৰা বিৰত থাকে। সম্ভৱতঃ ওপৰৰ পৰা এই সম্পৰ্কীয় কাঢ়া নিৰ্দেশ আছিল! আনহাতে অন্যান্য অভিযোগসমূহ তেওঁলোকে নস্যাৎ কৰিলেও ওপৰৱালাৰ নিৰ্দেশমতে সেইসমূহ স্থান আমাক পৰিদৰ্শন কৰিবলৈ অনুমতি নিদিলে। ইতিমধ্যে ভাঙি পেলোৱা মছজিদ অথবা চৰকাৰে ইতিমধ্যে বন্ধ কৰি দিয়া চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহকো পৰিদৰ্শন কৰাত বাধা আৰোপ কৰা হ’ল আমাক। আনকি বহু বাক বিতণ্ডা কৰাৰ পিছতো অনুষ্ঠান আয়োজন কৰা স্থানলৈ আমাক যাবলৈ নিদিলে প্ৰকল্পৰ স্বেচ্ছাৱকসকলে। এতিয়া প্ৰশ্ন  হয়, উক্ত অনুষ্ঠান আৰু প্ৰকল্পস্থলীলৈ গুৱাহাটীস্থিত সংবাদ মাধ্যমৰ লোকক প্ৰৱেশৰ অনুমতি কিয় দিয়া নহ’ল? উচ্ছেদিত আৰু স্থানীয় লোকে কৰা অভিযোগসমূহৰ সত্যতা প্ৰমাণ হোৱাৰ শংকাতে আমাক বাধা প্ৰদান কৰা হ’ল নেকি?

উল্লেখ্য যে উক্ত ধর্মীয় কাৰ্যসূচীৰ বাবে গৰুখুটিত অতি কটকতীয়া নিৰাপত্তাৰ ব্যৱস্থাও কৰা হয়। অনুমতিবিহীন কোনো লোককে উক্ত স্থান তথা অনুষ্ঠানত প্ৰৱেশ কৰাত কঠোৰভাৱে বাধা আৰোপ কৰা হয়। প্ৰকল্প সমিতিৰ স্বেচ্ছাসেৱকৰ মতে অনুষ্ঠানলৈ সকলো লোককে অস্থায়ী গেটত তন্নতন্নকৈ নিৰাপত্তামূলক পৰীক্ষা কৰা হয়।

গৰুখুটিৰ প্ৰকল্পৰ সদস্য তথা স্বেচ্ছাসেৱকৰ মতে প্ৰকল্প ভিতৰৰ সকলো স্থানতে ফ’টো লোৱাটো নিষিদ্ধ কৰা হৈছে। গৰুখুটি প্ৰকল্প ভিতৰৰ কোনো কথা, খতিয়ান, প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে তথ্য সংগ্ৰহ আদিও সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে বুলি আমাক জানিবলৈ দিয়ে প্ৰকল্পৰ স্বেচ্ছাসেৱকে।

ইপিনে উচ্ছেদ বিশেষকৈ যোৱা ২৩ ছেপ্টেম্বৰৰ পাশৱিক কাণ্ড সংঘটিত হোৱাৰে পৰা গৰুখুটিকে আদি কৰি ধলপুৰত গঢ়ি তোলা হৈছে অতি কটকতীয়া নিৰাপত্তা বেষ্টনী।

চৰৰ মাজৰ এটা নৈৰ সুঁতিক সীমা নিৰ্ধাৰণ কৰি প্ৰকল্পস্থলীক গঢ়ি তোলা হৈছে কাৰ্যতঃ কনটেইনমেন্ট জ’ন ৰূপে। য’ত বিনা অনুমতিত কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰে। আনকি সংবাদ মাধ্যমৰ লোককো প্ৰৱেশ কৰিবলৈ দিয়া নহয় গৰুখুটি প্ৰকল্পত।

আমি প্ৰশ্ন কৰিলো, “আমাক বাধা দিবলৈ আপোনালোক কোন? আমাক প্ৰশাসনৰ লোকে বাধা দিলে তেওঁলোকৰ সৈতে আমি মুখামুখীকৈ কথা পাতিম, তেওঁলোকৰ ওচৰলৈ আমাক যাবলৈ দিয়ক।”

তেওঁলোকৰ উত্তৰ, “আমি আপোনালোকক যাবলৈ দিব নোৱাৰিম। আমাক এই অনুমতি দিয়া নাই, আমি তলৰ কৰ্মী, আমাক ওপৰৰ পৰা এই দায়িত্ব দিয়া নাই। আৰু প্ৰশাসনে অনুমতি দিলেও ভাৰতীয় সেনাই অনুমতি নিদিব।”

পুনৰ ক’লো, “আমাক তেওঁলোকৰ (সেনা) ওচৰলৈ লৈ ব’লক।” তেওঁলোকে তালৈ নিব নোৱাৰো ওপৰৰ পৰা আমাক তেনে নিৰ্দেশনা দিয়া নাই বুলি ক’লে। তেওঁলোকে স্পষ্টকৈ নক’লেও ইয়াত উল্লেখিত “ওপৰৰ পৰা” শব্দ যুগলে প্ৰশাসনতকৈ প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাকে ইংগিত কৰা যেনে আমাৰ অনুভৱ হ’ল।

চৰৰ মাজৰ নৈ সঁতিটো দুয়োপক্ষ মাজত সীমা নিৰ্ধাৰণ কৰি তাৰ পাৰতে উচ্ছিদ লোকসকলক অস্থায়ী শিবিৰ পাতি থাকিবলৈ দিয়াৰ বিপৰীতে গৰুখুটি আৰু ধলপুৰলৈ যোৱা মূল পথটো ভাৰতীয় সেনা মোতায়েন কৰি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। জানিব পৰা মতে যোৱা ২৩ ছেপ্টেম্বৰপৰাই প্ৰকল্পৰে জড়িত ব্যক্তিৰ বাহিৰে অন্য অসামৰিক লোকৰ বাবে উক্ত পথটো বন্ধ হৈ আছে।

প্ৰকল্প স্বেচ্ছাসেৱকে আমাক জনোৱা অনুসৰি কেৱল প্ৰশাসনৰ অনুমতি ল’লেই নহ’ব সেনাই অনুমতি দিলেহে সেই পথেৰে সংবাদ মাধ্যমৰ লোক গৰুখুটি প্ৰকল্পত প্ৰৱেশ কৰিব পাৰিব। তেওঁলোকক আমি প্ৰশ্ন কৰিছিলো, “আজিৰ কাৰ্যসূচী সংবাদ মাধ্যমে সম্প্ৰচাৰ নকৰিব নেকি?” তেওঁলোকৰ পোনপতীয়া উত্তৰ, “নকৰে। আৰু কৰিলেও তেওঁলোকক(সাংবাদিকক) চাৰহঁতে লৈ আহিছে, কি কি সম্প্ৰচাৰ কৰিব নকৰিব তেওঁলোকক চাৰহঁতেই ক’ব। জানেই ইয়াৰ পৰিৱেশ ভাল নহয়। সতৰ্ক নহ’লে কোন মুহূৰ্তত কি হয় কোনো ঠিক নাই।” ইয়াত চাৰহঁতে বুলি গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আৰু স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীৰ কথাই কোৱা হৈছিল!

উক্ত পথটোত সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ ফলত বৃহৎ চৰ অঞ্চলটোৰ লোকসকল যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগীয়া হৈছে। দুটা সুঁতি পাৰ হৈ তাৰ লোকসকলে বৰ্হিবিশ্বৰ সৈতে যোগাযোগ ৰক্ষা কৰিব লগীয়া হৈছে(বাহিৰৰ মানুহৰ বাবে এই পথটোক পিছ দুৱাৰ বুলিহে অভিহিত কৰিব লাগিব!)।

গৰুখুটি প্ৰকল্প হৈছে কৃষি প্ৰকল্প, তাত কোনো হিন্দু লোকক সংস্থাপিত কৰা নহয়। এটা কৃষি ছিজনত তাত কৃষি শ্ৰমিকসকলে কৃষি কৰ্মত নিয়োজিত হোৱাৰ বাহিৰে সমগ্ৰ চৰটো জনবসতিহীন অঞ্চল হিচাবে থাকিব। আনহাতে ব্ৰহ্মপুত্ৰৰ বানপানীত চৰটো প্ৰায় ৪ৰ পৰা ৫ ফুট পৰ্যন্ত পানীৰ তলত ডুবি থাকে। এতিয়া প্ৰশ্ন হয়, যদি গৰুখুটিত মন্দিৰ নিৰ্মাণৰ অভিযোগটো সঁচা হয়, তেনে এটা জনবসতিহীন চৰত হিন্দু ধৰ্মৰ এটা মন্দিৰ নিৰ্মাণ কৰাতো কিমান যুক্তিপূৰ্ণ? এই প্ৰশ্নৰ উত্তৰ ধৰ্মনিৰপেক্ষ আৰু সচেতন মহলে নিজেই বিচাৰক।

প্ৰাঞ্জল দেউৰী, গুৱাহাটী

প্ৰাঞ্জল দেউৰী, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd