নগাঁৱৰ বটদ্ৰৱা থানত প্ৰৱেশত বাধা ৰাহুল গান্ধীক; নগাঁৱত ধৰ্ণাত বহিল কংগ্ৰেছ নেতাগৰাকী

ফটোঃ সংগ্ৰহীত।

‘ভাৰত জোড়ো ন্যায় যাত্ৰা‘ৰ অংশ হিচাপে অসমত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে দাবী কৰে যে তেওঁক অসমৰ সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যাবলৈ অনুমতি দিয়া হোৱা নাই।

ইফালে, স্থানীয় সাংসদ আৰু বিধায়কগৰাকীক বিয়লি ৩ বজাৰ পিছত মন্দিৰলৈ যাবলৈ অনুমতি দিয়াৰ লগতে দেওবাৰে (২১ জানুৱাৰী) কংগ্ৰেছ নেতাক এই কথা জনোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

কংগ্ৰেছ নেতাগৰাকীয়ে ৰাজ্যখনৰ নগাঁও জিলাৰ বৰদোৱা সত্ৰ পৰিদৰ্শন কৰাৰ কথা আছিল আৰু একেটা কামৰ বাবে অনুমতি থকাৰ পিছতো তেওঁক প্ৰৱেশৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে।

এই অস্বীকাৰৰ অভিযোগৰ পিছতে কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সৈতে ৰাহুল গান্ধীয়ে নগাঁৱত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

পিটিআইয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ৰাহুল গান্ধীয়ে এজন নিৰাপত্তাৰক্ষী বিষয়াক ৰখাই দিয়াৰ কাৰণ সন্দৰ্ভত সোধা-পোছা কৰা দেখা গৈছে।

লগতে পঢ়কঃ অধ্যাপকক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা ‘ভাবুকিপূৰ্ণ মন্তব্য’ক গৰিহণা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ

তেওঁ লগতে কয়, “আজি যেন এজন ব্যক্তিৰহে মন্দিৰলৈ যোৱাৰ কৰ্তৃত্ব আছে। মই ইয়াত কেৱল হাতযোৰ কৰি প্ৰাৰ্থনা কৰিবলৈ আহিছো।”

এই সন্দৰ্ভত মন্তব্য কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয়, ‘ৰাহুল গান্ধীয়ে তালৈ যাব বিচাৰিছিল। আমি ১১ জানুৱাৰীৰ পৰা চেষ্টা কৰি আছিলো আৰু আমাৰ দুজন বিধায়কে ইয়াৰ বাবে কৰ্তৃপক্ষক সাক্ষাৎ কৰিছিল। আমি কৈছিলো যে ২২ জানুৱাৰীত পুৱা ৭ বজাত তালৈ আহিম। আমাক কোৱা হ’ল যে আমাক আদৰণি জনোৱা হ’ব। কিন্তু কালি আমাক হঠাতে কোৱা হ’ল যে আমি তালৈ বিয়লি ৩ বজালৈকে আহিব নোৱাৰো।”

বটদ্ৰৱাৰ বিধায়ক শিৱামনি বৰালৈ লিখা এখন পত্ৰত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে উল্লেখ কৰিছে যে “ৰাহুল গান্ধীক ২২ জানুৱাৰীত বিয়লি ৩ বজাৰ পূৰ্বে থানৰ চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব”।

ৰাহুল গান্ধীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ কাৰণ হিচাপে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক কেন্দ্ৰ কৰি তাত আয়োজিত কেইবাটাও কাৰ্যসূচীৰ কথা উল্লেখ কৰিছে বটাদ্ৰৱ থান পৰিচালনা সমিতিয়ে।

লগতে পঢ়কঃ অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰিৰ অভিযোগৰ CBI তদন্ত বিচাৰিছে কংগ্ৰেছে

বটাদ্ৰৱ থান পৰিচালনা সমিতিৰ এই পদক্ষেপৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম কংগ্ৰেছৰ সাংসদ প্ৰদ্যোৎ বৰদলৈয়ে।

তেওঁ কয়, ‘অসমৰ বিজেপি চৰকাৰৰ হেঁচাত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সৰ্বাংগীন আৰু সমতাবাদী অসমীয়া সমাজ গঢ় দিয়া মহান সমাজ সংস্কাৰক শ্ৰীমন্ত শংকৰদেৱৰ পূজনীয় জন্মস্থানলৈ ২২ জানুৱাৰীত ৰাহুল গান্ধীক ভ্ৰমণ কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছে।”

ইয়াৰ পূৰ্বে ২০ জানুৱাৰীত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে ঘোষণা কৰিছিল যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি সমগ্ৰ বিজেপি দলে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব যদিও ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃত্বৰ অধিকাংশই অসমৰ নগাঁও জিলাৰ বৰদোৱাৰ ‘বটাদ্ৰৱ’ থান দৰ্শণ কৰিব।

জয়ৰাম ৰমেশে কয়, ‘২২ জানুৱাৰীত ৰাহুল গান্ধীয়ে নগাঁৱৰ বৰদোৱা ক্ষেত্ৰত উপস্থিত হৈ মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব’।

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মালৈ মই ভয় কৰা নাইঃ ৰাহুল গান্ধীৰ হুংকাৰ

উল্লেখ্য যে বৰদোৱা শ্ৰীমন্ত শংকদেৱৰ জন্মস্থান।

শ্ৰীমন্ত শংকদেৱ আছিল ১৫– ১৬ শতিকাৰ অসমীয়া জাতিৰ এগৰাকী গুৰু-পণ্ডিত, কবি, নাট্যকাৰ, নৃত্যশিল্পী, অভিনেতা, সংগীতজ্ঞ, শিল্পী, সমাজ-ধৰ্ম সংস্কাৰক আৰু অসমৰ সাংস্কৃতিক আৰু ধৰ্মীয় ইতিহাসৰ এক ক্ৰান্তিকাৰী ব্যক্তিত্ব।