ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ

প্ৰায় তিনিমাহ সম্পূৰ্ণ হোৱাৰ দিশে আগবঢ়া কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ই আজি ৰাজস্থানত প্ৰৱেশ কৰিছে। সম্প্ৰতি ৰাজস্থানৰ মাজেৰে অব্যাহত ৰাখিছে ভাৰত জোড়ো যাত্ৰা। ৰাহুল গান্ধীৰ নেতৃত্বত পদযাত্ৰাকাৰী দলটোৱে বিগত সময়চোৱাত ব্যাপক জনসমৰ্থন লাভ কৰা দৃষ্টিগোচৰ হৈছে।

পিছে দেওবাৰে যাত্ৰাৰ সময়তে মধ্য প্ৰদেশত দেখিবলৈ পোৱা গ’ল এক বিশেষ দৃশ্য। ভাৰত জোড়ো যাত্ৰাই ৰাজপথৰ মাজেৰে আগবাঢ়ি যোৱাৰ সময়তে পথৰ কাষৰ পৰা একাংশ বিজেপি সমৰ্থকে যাত্ৰাৰত দলক উদ্দেশ্যি দিয়া দেখা গ’ল ‘মোদী, মোদী ধ্বনি।

অৱশ্যে বিজেপি সমৰ্থকসকলৰ এই কাৰ্যক সাধাৰণভাৱেই গ্ৰহণ কৰে ৰাহুল গান্ধীয়ে। মোদীৰ সমৰ্থনত শ্ল’গান আওঁৰোৱা দলটোক ৰাহুল গান্ধীয়ে সঁহাৰি জনায় ‘ফ্লাইং কিছ’-এৰে।

মধ্য প্ৰদেশৰ অগৰ মালৱা জিলাত বিজেপি সমৰ্থকসকলৰ এই কাৰ্যৰ সন্মুখীন হয় ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰা যাত্ৰীসকল। বিপুল সমৰ্থকৰ সৈতে যাত্ৰাৰত ৰাহুল গান্ধীয়ে মোদী সমৰ্থকসকলৰ প্ৰতি দিয়া এই সঁহাৰি মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰাৰ লগতে ব্যাপক প্ৰশংসাও লাভ কৰিছে।

উল্লেখ্য যে আজি পুৱাৰে পৰা কংগ্ৰেছ শাসিত ৰাজস্থানত ভাৰত জোড়ো যাত্ৰা আৰম্ভ হৈছে। ৰাহুল গান্ধীৰ নেতৃত্বত ঝালাৱাৰৰ ঝালৰাপাটানৰ কালি তলাই অঞ্চলৰ পৰা এই যাত্ৰা আৰম্ভ হয়।

ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলট, পিচিচিৰ মুৰব্বী গোবিন্দ সিং ডোটাছৰা, প্রাক্তন উপ-মুখ্যমন্ত্রী শচীন পাইলট, ৰাজ্যখনৰ মন্ত্রী, বিধায়ককে ধৰি বহু নেতা-কর্মীয়ে গান্ধীৰ সৈতে যোগদান কৰে।