• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যুৱতীৰ স্কুটীৰ পিছত উঠি ক’ত ঘূৰি ফুৰিছে ৰাহুল গান্ধী? ভাইৰেল ভিডিঅ’ক লৈ কৌতুহল তুংগত!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 24, 2023 11:34 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধীক কেইবাবাৰো সাধাৰণ মানুহৰ সৈতে ভ্ৰমণ কৰা দেখা গৈছিল। বাছতেই হওক বা কেতিয়াবা কাৰোবাৰ বাইকৰ পিছফালেই হওক। আগন্তুক ৰাজস্থান বিধানসভা নিৰ্বাচনৰ পূৰ্বেও প্ৰচাৰৰ স্বাৰ্থত একে পন্থা গ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে।

ৰাহুলৰ অন্যতম বিশেষত্ব হৈছে সাধাৰণ মানুহৰ লগত মিলি গৈ দলৰ বাবে প্ৰচাৰ চলোৱা। কেতিয়াবা ট্ৰাকত বহি যায়, কেতিয়াবা নিজেই বাইক চলাই লাডাখত ঘূৰি ফুৰে। এইবাৰ ৰাহুলক এগৰাকী কলেজীয়া যুৱতীৰ স্কুটীত উঠি পিছফালে বহি যোৱা দেখা গ’ল।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীৰ কনভয়ৰ সন্মুখত জঁপিয়াই পৰি চিঞৰি উঠিল যুৱ বিজেপি কৰ্মী-‘চাকৰি দিয়ক’!

Apply Now

জয়পুৰত এই ঘটনা। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাহুল গান্ধীৰ সেই ভিডিঅ’। জানিব পৰা মতে, ৰাহুলে জয়পুৰৰ মহাৰাণী কলেজৰ এগৰাকী ছাত্ৰীৰ স্কুটীৰ পিছফালে উঠি কিছু সময় ঘূৰি ফুৰিছিল।

এটা ভাইৰেল ভিডিঅ’ত কলেজীয়া যুৱতীৰ পিলিয়ন ৰাইডাৰ হৈ পৰিল ৰাহুল গান্ধী। বগা টি-চাৰ্ট পিন্ধা ৰাহুল গান্ধীয়ে বগা কুৰ্তি পিন্ধা যুৱতীগৰাকীৰ পিছফালে বহি আছে। দুয়োৰে মূৰত হেলমেট। ৰাহুলে আঁঠুৰ ওপৰত হাত দুখন দি ৰাখিছে। তেওঁলোকৰ আশেপাশে আন বহুতে স্কুটাৰ আৰু বাইকেৰে ঘূৰি ফুৰিছিল।

ৰাহুলৰ নিৰাপত্তাৰক্ষীও আশে-পাশে আছিল। সেই মহাবিদ্যালয়খনৰ আন বহু ছাত্ৰ-ছাত্ৰীয়ে তাত ভিৰ কৰিছিল। সেই মহাবিদ্যালয়ৰ বহু শিক্ষকো ৰাহুলক চাবলৈ তাত গোট খাইছিল।

লগতে পঢ়ক: চকুৰ সন্মুখতে পত্নীক ‘দলবদ্ধ ধৰ্ষণ’! অপমানত একেলগে বিহ সেৱন কৰি মৃত্যু সাৱটিলে দম্পতীয়ে

জনা যায় যে ৰাহুলক স্কুটীত তুলি নিয়া যুৱতীগৰাকীৰ নাম মীমাংসা উপাধ্যায়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত ৰাহুল গান্ধীয়ে নিজেই প্ৰকাশ কৰিছে ছোৱালীজনীৰ নাম। বাৰ্তাটোত কংগ্ৰেছৰ সাংসদগৰাকীয়ে লিখিছে, ‘মীমাংসা উপাধ্যায়ৰ দৰে নাৰীসকলৰ হাত শক্তিশালী কৰা উচিত। কাৰণ তেওঁলোক দেশৰ ভৱিষ্যত।’

Empower women like Mimansha Upadhyay, and they’ll lead our country to a brighter future. pic.twitter.com/h2p6uW4Kag

— Rahul Gandhi (@RahulGandhi) September 23, 2023

ইপিনে, কংগ্ৰেছে ৰাহুলে স্কুটীত উঠি ফুৰাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পৃথকে পৃথকে পোষ্ট কৰে। দলটোৰ অফিচিয়েল এক্স হেণ্ডেলত ৰাহুলৰ ভিডিঅ’টো পোষ্ট কৰা হৈছে, য’ত লিখা হৈছে – ‘ৰাজস্থানত জয়নায়ক’।

राजस्थान में जननायक ❤️ pic.twitter.com/Z1LdZKO6Q8

— Congress (@INCIndia) September 23, 2023

আনহাতে, ৰাহুল গান্ধীয়ে স্কুটীতত বহি থকাৰ পূৰ্বে জয়পুৰৰ মহাৰাণী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বহু সময় কথা পাতি থকা দেখা গৈছিল। তেওঁ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটি বিতৰণ কৰে।

ইয়াৰ পূৰ্বে পুৱা জয়পুৰ বিমানবন্দৰত ৰাহুল গান্ধীক আদৰণি জনাবলৈ উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি গোবিন্দ সিং দোতাছৰা। জয়পুৰত প্ৰদেশ কংগ্ৰেছৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে ৰাহুল গান্ধী আৰু দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই।

লগতে পঢ়ক: পিন্ধনত খাকী শাৰী আৰু কুৰ্তা: এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত পতাকা কঢ়িয়ালে লাভলীনা-হৰমনপ্ৰীতে

ইপিনে, দলীয় কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণত ৰাহুলে প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰে। তেওঁ জাতিগত লোকপিয়লৰ দাবী তোলে। তেওঁ অভিযোগ কৰে যে মোডীয়ে জাতিগত লোকপিয়ল কৰিবলৈ ভয় কৰে। তদুপৰি, ৰাহুল গান্ধীয়ে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণ অনতিপলমে কাৰ্যকৰী কৰিবলৈও দাবী জনায়। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd