NORTHEAST NOW (Assamese)

লোকসভা সচিবালয়ৰ উপ-সচিবলৈ পত্ৰ ৰাহুল গান্ধীৰ: শীঘ্ৰেই খালী কৰিব চৰকাৰী বাসভৱন

March 28, 2023 6:12 pm · এন ই নাও নিউজ, গুৱাহাটী

লোকসভাৰ সাংসদ পদ খাৰিজ কৰাৰ পিছতে কংগ্ৰেছৰ লোকসভা সচিবালয়ৰ নিৰ্দেশ অনুসৰি শীঘ্ৰেই চৰকাৰী বাসভৱন খালী কৰিবলৈ সন্মত হৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। এক পত্ৰ যোগে গান্ধীয়ে উল্লেখ কৰিছে এই কথা।

নিজৰ চৰকাৰী বাসভৱন খালী কৰাৰ জাননীক লৈ লোকসভা সচিবালয়ৰ উপ-সচিবলৈ প্ৰেৰণ কৰা পত্ৰ যোগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, ‘আপোনাৰ পত্ৰত থকা সবিশেষ নিৰ্দেশাৱলী মই অৱশ্যেই মানি চলিম।”

‘জনাদেশ অনুযায়ী যোৱা ৪ টা কাৰ্যকালত লোকসভাৰ এগৰাকী নিৰ্বাচিত সদস্য হিচাপে ইয়াত কটোৱা সময়ৰ সুখকৰ স্মৃতিৰ বাবে মই ঋণী’ বুলিও পত্ৰখনত উল্লেখ কৰে গান্ধীয়ে।

উল্লেখ্য যে লোকসভা সচিবালয়ে ৰাহুল গান্ধীক লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আবণ্টিত চৰকাৰী বাংলো খালী কৰিবলৈ চলিত বৰ্ষৰ ২২ এপ্ৰিললৈকে সময় দিছিল।

২০০৪ চনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত কংগ্ৰেছ নেতাগৰাকীয়ে ২০০৫ চনৰ পৰা ১২ টোঘলক লেনত থকা চৰকাৰী বাসভৱনত বাস কৰি আহিছিল।

গুজৰাটৰ চুৰাট আদালতে যোৱা ২৩ মাৰ্চত মোদীৰ উপাধি সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যৰ সৈতে জড়িত মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছদিনাই ৰাহুল গান্ধীক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল।

Related News