কংগ্ৰেছ ক্ষমতালৈ আহিলে ৩০ লাখ চাকৰি, যুৱক-যুৱতীৰ বাবে ১ লাখ টকাৰ এপ্ৰেণ্টিছশ্বিপ: ৰাহুলৰ ঘোষণা

কংগ্ৰেছে ক্ষমতালৈ আহিলে দেশৰ কেন্দ্ৰীয় চৰকাৰৰ খালী হৈ থকা ৩০ লাখ পদ পূৰণ কৰিব। ইয়াৰ উপৰিও প্ৰতিজন স্নাতকক নিয়োগযোগ্য কৰি তোলাৰ বাবে কংগ্ৰেছ চৰকাৰে প্ৰকল্প হাতত ল’ব। সেই পৰ্যায়ত কংগ্ৰেছ চৰকাৰে নিবনুৱা স্নাতকসকলক প্ৰতিজনকে ১ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ৰাহুল গান্ধীয়ে।

বৃহস্পতিবাৰে ৰাজস্থানৰ বানছবাৰাত এখন ৰাজহুৱা সভাত এই কথা ঘোষণা কৰে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে। ৰাহুলে লগতে কয় যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে অসংগঠিত খণ্ডৰ কৰ্মশক্তিৰ বাবে পেঞ্চনকে ধৰি বিভিন্ন সমাজ কল্যাণমূলক আঁচনি প্ৰৱৰ্তন কৰিব।

লগতে পঢ়কঃ নীতিশৰ প্ৰৱেশে বিহাৰত বিজেপি মিত্ৰজোঁটত লগাইছে জঁট; সুযোগ বুজি LJPক ৮ খন আসনৰ প্ৰস্তাৱ RJDৰ

ভাৰত জোড়ো ন্যায় যাত্ৰাত বৃহস্পতিবাৰে ৰাজস্থানত উপস্থিত হৈছে ৰাহুল গান্ধী। কংগ্ৰেছৰ সূত্ৰ অনুসৰি হাত শিবিৰে লোকসভা নিৰ্বাচনত কাম কৰাৰ অধিকাৰক সাংবিধানিক স্বীকৃতি দিবলৈ গৈ আছে।

বৃহস্পতিবাৰে এখন ৰাজহুৱা সভাত ৰাহুলে কেন্দ্ৰীয় চৰকাৰৰ খালী পদ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয়, ৩০ লাখ পদ খালী আছে। মোডী চৰকাৰে এই সকলোবোৰ পদ পূৰণ নকৰে। ৰাহুলৰ মতে, কংগ্ৰেছে যুৱক-যুৱতীসকলক ন্যায় দিব বিচাৰিছে।

উল্লেখ্য যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দীৰ্ঘদিন ধৰি মোডী চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে যে মোডীৰ যুগত শিক্ষিত নিবনুৱাসকল দেশৰ ভিতৰতে সৰ্বাধিক বিপন্ন হৈ পৰিছে।

লগতে পঢ়কঃ আজি আন্তৰ্জাতিক নাৰী দিৱস: জানো আহক এই দিনটোৰ ইতিহাস, গুৰুত্ব আৰু তাৎপৰ্য

কংগ্ৰেছ নেতাগৰাকীৰ মতে, দলটোৱে যদি ক্ষমতালৈ আহে তেন্তে শিক্ষিত নিবনুৱাসকলক হাতে কামে প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰিব। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে দলটোৱে যদি ক্ষমতালৈ আহে তেন্তে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।