• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভিজিৎ ৰাভাৰ ঘনিষ্ঠ ৰুণুমা বৰাৰ ঘৰতো তালাচী দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 9, 2020 4:27 pm

2 min read

Abhijit Rabha

কাৰ্বি আংলঙৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভা। ফাইল ফটো।

7.5k
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই কাৰ্বি আংলঙৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ ঘৰত তালাচী চলোৱাৰ এদিন পিছতে তেওঁৰ সহযোগী তথা ৰুণুমা বৰাৰ ঘৰতো তালাচী চলায়।

বৰা জীৱন বীমা নিগমৰ এজেণ্ট আৰু তেওঁৰ ঘৰ জু-নাৰেংগী ৰ’ডৰ পুষ্প এনক্লেভত।

জানিব পৰামতে, অভিযানৰ সময়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে ৰুণুমা বৰাৰ ঘৰৰ পৰা বিভিন্ন নথিপত্ৰ আৰু বয়বস্তু জব্দ কৰিছে।

এইবোৰৰ ভিতৰত বেংক পাছবুক আৰু এল আই চিৰ কাগজপত্ৰ ম’বাইল ফ’ন আৰু এখন গাড়ীও আছে।

সূত্ৰসমূহে কয় যে অভিযানকাৰী দলে অভিজিৎ ৰাভাৰ একাউণ্টলৈ পোনপটীয়া লেনদেনৰ তথ্যপ্ৰমাণ পোৱা বুলি দাবী কৰিছে।

লগতে পঢ়ক দুৰ্নীতি নিবাৰক শাখাৰ জালত কাৰ্বি আংলঙৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভা

ইয়াৰ পূৰ্বে ৭ ফেব্ৰুৱাৰিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলটোৱে কাৰ্বি আংলঙৰ প্ৰধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ গুৱাহাটী আৰু ডিফুৰ বাসভৱনত তালাচী চলাইছিল।

ৰাভাৰ বিৰুদ্ধে অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হৈ থকাৰ সময়ত ২০১১ৰ পৰা ২০১৭লৈকে সন্দেহজনক বৃহৎ পৰিমাণৰ নগদ ধন জমাৰ অভিযোগ আছে আৰু এই সন্দৰ্ভত প্ৰশ্ন কৰাৰ পাছত তেওঁৰ ঘৰত তালাচী চলোৱা হয়।

উক্ত সময়ছোৱাত ৰাভাৰ বেংক একাউন্টত ব্যক্তিগত ১ লাখৰ পৰা ৯১ লাখ টকা জমা হোৱাৰ লগতে মুঠ  ৪.১২ কোটিতকৈয়ো অধিক টকা জমা হৈছিল।

দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ প্ৰেছ বিবৃতিমতে, এই জমাৰ উৎস সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত ৰাভাই কৈছিল যে তেওঁ  কামৰূপ জিলাৰ পাজিবিন্ধা গাঁৱত ১৬ বিঘা মাটিত খেতি কৰা ব্ৰুকলি বিক্ৰী কৰি ৪৫লাখ টকা পাইছিল।

ৰাভাই অৱশ্যে বাকী বৃহৎ অংকৰ ধন জমা হোৱাৰ সন্দৰ্ভত কোনো বাখ্যা আগ বঢ়াব নোৱাৰিলে।

তেওঁ লগতে  উক্ত খেতি কৰা মাটি ক্ৰয়ৰ বাবে এগৰাকী স্থানীয় লোকৰ সৈতে হোৱা এখন চুক্তিপত্ৰৰ নথিও দাখিল কৰিছিল।

যেতিয়া এই দাবী পৰীক্ষা কৰা হয়, দেখা গৈছিল যে এয়া মিছা আৰু তেওঁৰ নামত কোনো মাটি নাছিল।

আন সাক্ষ্যই প্ৰমাণ কৰিছে যে তেওঁৰ সেই মাটিত কেতিয়াও ব্ৰুকলি খেতি নাছিল।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd