• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্তমানৰ প্ৰেক্ষাপটত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৰাইজৰ দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2023 8:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে গুৱাহাটীত আয়োজিত সমষ্টি পুনৰ্নিদ্ধাৰণ সম্পৰ্কীয় শুনানিত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু অন্য প্ৰতিনিধি মণ্ডলৰ সমুখত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰে ৰাইজৰ দলে। ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত হোৱা এক ৰাজহুৱা শুনানিত দলৰ সভাপতি অখিল গগৈৰ সৈতে উপস্থিত থাকে দলৰ উপদেষ্টা দিলীপ বৰা, কাৰ্যকৰী সভাপতিদ্বয় ভাস্ক‘ ডি শ‌‌ইকীয়া আৰু কৱীন্দ্ৰ চেতীয়া ফুকন, সাধাৰণ সম্পাদক ৰাছেল হুছেইন, অলক নাথ আৰু আজিজুৰ ৰহমান, সাংগঠনিক সম্পাদক অম্লান জ্যোতি গগৈ।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এগৰাকী বিধায়ক হিচাপে নিজৰ বক্তব্য ৰখাৰ লগতে ৰাইজৰ দলৰ ৰাজনৈতিক উপদেষ্টা তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা ডাঙৰীয়াৰ নেতৃত্বত আন এটা দলে স্মাৰকপত্ৰ প্ৰদান কৰি দলৰ অভিমত প্ৰকাশ কৰে।

২০০৮ চনত যি যি কাৰণত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সিদ্ধান্ত স্থগিত ৰখা হৈছিল, সেই সন্দৰ্ভত প্ৰকাশিত নটিফিকেচনৰ কোনো পৰিস্থিতিয়েই সালসলনি হোৱা নাই বুলি তথ্য–প্ৰমাণ দাঙি ধৰে দলটোৰ নেতৃবৰ্গই। ১৯৮৫ চনত স্বাক্ষৰিত হোৱা অসম চুক্তি অনুসৰি আৰম্ভ হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা পৰ্যন্ত এখন আসোঁৱাহপূৰ্ণ লোক পিয়লৰ তালিকাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ জাতীয় জীৱনৰ বাবে ক্ষতিকৰ বুলি তথ্য–প্ৰমাণ দাখিল কৰি তেওঁলোকে কয় যে, এইবাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণত যিহেতু সমষ্টিৰ সংখ্যা বৃদ্ধি নহয়, গতিকে ইয়াৰ পৰা অসমে পাবলগীয়া একো নাই। কিন্তু এই প্ৰক্ৰিয়াই অসমৰ থলুৱা অনেক জনগোষ্ঠীক অসন্তুষ্ট কৰি যাব।

Apply Now

সাম্প্ৰদায়িক আৰু বৰ্ণবাদী বিজেপিৰ শাসন কালত এনে পৰিৱৰ্তনে থলুৱা জনগোষ্ঠীৰ পৰিৱৰ্তে যে বিজেপিৰ পৰম্পৰাগত ভোটাৰ সুৰক্ষিত কৰা সমষ্টিহে তৈয়াৰ হ’ব সেয়া খাটাং বুলি মন্তব্য কৰে ৰাইজৰ দলৰ প্ৰতিনিধি সকলে।

ৰাইজৰ দলে প্ৰশ্ন কৰে যে এফালে চৰকাৰে অসমক এতিয়াও ‘অশান্ত অঞ্চল‘ হিছাপে চিহ্নিত কৰি আহিছে আৰু আনফালে কিন্তু সমষ্টি পুনৰ্নিদ্ধাৰণৰ বিষয়টো অহাৰ লগে লগে হঠাতে কেনেকৈ পৰিস্থিতি অনুকূল হৈ পৰিছে?

এইটোও প্ৰণিধানযোগ্য যে যদিও উত্তৰ–পূবৰ চাৰিখন ৰাজ্যত ২০০৮ চনত সমষ্টিৰ সীমা পুনৰ্নিদ্ধাৰণৰ বাবে বাচনি কৰা হৈছিল, কিন্তু আজি কেৱল অসমক কোনো কাৰণ নোহোৱাকৈ সমষ্টিৰ সীমা পুনৰ্নিদ্ধাৰণৰ বাবে বাচনি কৰা হয়।

এই আটাইবোৰ শংকা ব্যক্ত কৰি চৰকাৰী পক্ষৰ তৎপৰতাৰ বিষয়েও অৱগত কৰি দলটোৱে প্ৰশ্ন কৰে, কেনেকৈ চৰকাৰে জিলা বিলুপ্তকৰণ কৰিলে আৰু পুৰণি প্ৰশাসনিক সীমা বদলালে সেইয়াও সুঁৱৰাই দিয়ে। চৰকাৰে উজনি অসমৰ সমষ্টি হ্ৰাস কৰাৰ বাবেই যে এইবোৰ ষড়যন্ত্ৰ কৰিছে তাকো উনুকিয়াই দিলে প্ৰতিনিধি সকলে।

লগতে শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা ৰংপুৰ পঞ্চায়ত আঁতৰ কৰি ৰংঘৰ আৰু তলাতল ঘৰ শিৱসাগৰ সমষ্টিৰ সীমাৰ বাহিৰ কৰি আহোমসকলৰ পুৰণি ৰাজধানীত তেওঁলোকক অস্তিত্বহীন কৰিবলৈ চৰকাৰী পক্ষই কৰি থকা ষড়যন্ত্ৰখিনিও অৱগত কৰিলে দলটোৰ নেতৃবৰ্গই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd