ৰাজ্যৰ বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ ব্যৱস্থাৰে গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাছুল সংগ্ৰহ কৰি থকাত হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে।
ইয়াৰ পাৰিপ্ৰেক্ষিততে আজি ৰাইজৰ দলে শিৱসাগৰ চহৰস্থিত APDCLৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাইজৰ দলৰ কেইবা শতাধিক কৰ্মী তথা বিষয়বীয়াই কে পি এম চাৰিআলিৰ পৰা প্ৰতিবাদী সমদল উলিয়াই APDCLৰ কাৰ্যালয় ঘেৰাও কৰি স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰাৰ দাবী জনায়।
লগতে পঢ়কঃ আই আই টি-গুৱাহাটীৰ হোষ্টেলৰ কোঠাত পুনৰ উদ্ধাৰ ছাত্ৰৰ মৃতদেহ
প্ৰতিবাদকাৰী সকলে স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুৎ মাছুল হ্ৰাস কৰক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তপ্ত কৰি তোলে।
আনহাতে, বিভাগীয় মন্ত্ৰী নন্দিতা গাৰ্লোছাক পদত্যাগ কৰাৰো দাবী তোলে ৰাইজৰ দলৰ নেতা-কৰ্মীসকলে।