ৰাইজৰ দলৰ ১৭ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
সংবাদমেলযোগে প্ৰাৰ্থী তালিকা ঘোষণা কৰে কাৰ্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই।
কোনে ক’ত পালে প্ৰাৰ্থিত্ব:-
১)শিৱসাগৰত অখিল গগৈ
২))ৰহাত ৰুবুল দাস,
৩)কমলপুৰত জিতুল ডেকা,
৪)ৰঙিয়াত হৰেশ্বৰ বৰ্মন,
৫) যমুনামুখত দিলোৱাৰ বেগম চৌধুৰী
৬) জোনাইত ফনী টায়েং
৭) চাবুৱাত দ্বিবনজ্যোতি ফুকন
৮) টীয়কত কবিন্দ্ৰ চেতিয়া ফুকন
৯)উত্তৰ কৰিমগঞ্জত চাহাদুল ইছলাম চৌধুৰী
১০)বোকাখাটত জীৱন বৰুৱা
১১)মাহমৰাত লোহিত গগৈ
১২)বিহপুৰীয়া অনুপ শইকীয়া
১৩)মৰাণ মোহিনী মোহন লিগিৰা
১৪)তেজপুৰ অলক নাথ
১৫)দলগাও উমৰ আলি
১৬)ৰপহীহাট নজৰুল ইছলাম
১৭)ধিং মেহবোব মুক্তাব
বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগৰ বাবে প্ৰস্তুত হৈছে ৰাইজৰ দল।
প্ৰথম পৰ্য্যায় আৰু নিৰ্বাচনত মুঠ ১৮ টা সমষ্টিতহে প্ৰাৰ্থী থিয় কৰাব ৰাইজৰ দলে।
প্ৰথম পৰ্য্যায়ত ৪৭ টা সমষ্টিৰ মাত্ৰ ১২ টা আৰু দ্বিতীয় পৰ্য্যায়ত ৩৯ টা সমষ্টিৰ মাত্ৰ ৬ টা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে।
এই আটাইকেইটা সমষ্টিত ৰাইজৰ দলৰ সৱল ভেটি থকা বুলি দাবী কৰি শইকীয়াই এই আটাইকেইটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰে।
ইপিনে, বৰ্তমানলৈকে ৰাইজৰ দলৰ প্ৰতীক চিহ্ন মুকলি কৰা নাই ৰাইজৰ দলে।
উল্লেখযোগ্য যে, কালি পৃথকে হোৱা এক সংবাদমেলতে অসম জাতীয় পৰিষদে ১৮ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল।
তাৰ ভিতৰত ৰঙাপাৰা, ধিং আৰু বিহপুৰীয়াত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
ইপিনে, অখিল গগৈৰ মাতৃয়ে ৰাইজৰ দলক ভোট দিয়াৰ আশা থকা বাবে অখিল গগৈয়ে শিৱসাগৰৰ লগতে মৰিয়নিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে।