NORTHEAST NOW (Assamese)

`আইন মতে’ চেলফি বুথ নিৰ্মাণৰ খৰচ জানিবলৈ দি চৰকাৰৰ ৰোষত ৰে’লৱেৰ বিষয়া

January 4, 2024 11:25 am · এন ই নাও নিউজ, গুৱাহাটী

প্ৰধানমন্ত্ৰীৰ ছবিৰে ৰে’ল ষ্টেচনত নিৰ্মাণ কৰা হ’ব চেলফি পইণ্ট। কেন্দ্ৰীয় ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়া শিৱৰাজ মানসপুৰে আৰ টি আইৰ উত্তৰত প্ৰতিটো চেলফি পইণ্ট বনোৱাৰ খৰচ প্ৰকাশ কৰাৰ বাবে “শাস্তি” লাভ কৰিছে। যোৱা ২৯ ডিচেম্বৰত হঠাতে তেওঁক বদলি কৰা হৈছে। অৱশ্যে ইয়াৰ কোনো কাৰণ দেখুওৱা হোৱা নাই। ৭ মাহ পূৰ্বে তেওঁক এই পদত নিযুক্তি দিয়া হৈছিল। শিৱৰাজক তেওঁৰ পৰৱৰ্তী পোষ্টিঙৰ বিষয়েও অৱগত কৰা হোৱা নাই।

সামাজিক কৰ্মী অজয় ​​বসুৱে নৰেন্দ্ৰ মোদীৰ ফটোৰ সৈতে চেলফি বুথ নিৰ্মাণৰ খৰচ জানিব বিচাৰি তথ্যৰ অধিকাৰ আইনৰ অধীনত এখন আবেদন দাখিল কৰিছিল।

তেওঁ জানিব বিচাৰিছিল যে মধ্য, পশ্চিম, দক্ষিণ, উত্তৰ আৰু উত্তৰ পশ্চিম এই ৫টা অঞ্চলত চেলফি বুথ বনোৱাৰ মুঠ খৰচ কিমান।

লগতে পঢ়কঃ ১১টা বলত ৬টা উইকেট হেৰুৱায় ভাৰতে! শাস্ত্ৰীৰ ধেমেলীয়া মন্তব্য শুনি হাঁহি ৰখাব নোৱাৰিব আপুনি

তেওঁৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় অঞ্চলত মুঠ ২০টা স্থায়ী চেলফি বুথ নিৰ্মাণ কৰা হ’ব বুলি জনোৱা হয়, যাৰ প্ৰতিটোৰ বাবে ৬.২৫ লাখ টকা খৰচ হ’ব। লগতে ৩২টা অস্থায়ী চেলফি বুথো থাকিব। যাৰ প্ৰতিটোৰ বাবদ ১.২৫ লাখ টকা খৰচ হ’ব।

স্বপ্নীল ডি নীলাক মানসপুৰৰ ঠাইত কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া হিচাপে অনা হৈছে। কোৱা হৈছে যে চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ পৰাই এই সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়কঃকাৰাগাৰতো জাতিৰ ভিত্তিত দিয়া হয় কাম! কেন্দ্ৰ আৰু ১১খন ৰাজ্যলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ডাঃ ছামা মহম্মদে ৰে’লৱেৰ এই সিদ্ধান্তক সমালোচনা কৰে। তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, “চৰকাৰী ধন লুট কৰাসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। বৰঞ্চ এই লুটপাত উদঙাই দিয়াসকলক বিজেপি চৰকাৰে শাস্তি দিয়ে। এয়া নৰেন্দ্ৰ মোডীৰ না খাওংগা, না খানে ডুংগাৰ চৰকাৰ।” 

Related News