NORTHEAST NOW (Assamese)

বৰষুণত ডুবিল বৰ্ষাপাৰা, স্থগিত ভাৰত-ইংলেণ্ডৰ ৱাৰ্মআপ মেচ

September 30, 2023 5:05 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী চহৰত প্ৰচণ্ড বৰষুণৰ ফলত শনিবাৰে বিয়লি বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৱাৰ্ম আপ মেচখন স্থগিত ৰখা হৈছে।

সূত্ৰ অনুসৰি আজি দিনৰ ২ বজাত ৱাৰ্ম আপ মেচখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও খেলখনৰ পূৰ্বে ধাৰাসাৰ বৃষ্টিপাত হয়।

উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট দলটোৱে আই চি চি বিশ্বকাপ ২০২৩ৰ ৱাৰ্ম আপ মেচৰ বাবে গুৱাহাটী চহৰত উপস্থিত হৈছিল। টীমটোৰ উপস্থিতিয়ে ক্ৰিকেটপ্ৰেমী সকলক যথেষ্ট উৎসাহিত কৰিছিল। টীম ইণ্ডিয়াৰ আগমনত দলটোৰ একাংশ অনুৰাগীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ  আন্তৰ্জাতিক বিমান বন্দৰৰ বাহিৰত ভিৰ কৰা দেখা গৈছিল। 

প্ৰসংগক্ৰমে, বিশ্বকাপৰ পূৰ্বে গুৱাহাটীত চাৰিখন ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ’ব। আইচিচিৰ সূচী অনুসৰি গুৱাহাটীৰ বৰছাপাৰা ষ্টেডিয়ামত ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ ৩ অক্টোবৰলৈকে চাৰিখন ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ’ব।

Related News