NORTHEAST NOW (Assamese)

গোহালিত পঢ়া-শুনা কৰিয়েই মেজিষ্ট্ৰেটৰ আসনত এই গৰাকী যুৱতী, কোন এওঁ?

December 28, 2020 4:10 pm · এন ই নাও নিউজ

কোনো শীত-তাপ নিয়ন্ত্ৰিত কোঠাত নহয়, পুতি গোন্ধময় গোহালিত বহি পঢ়া-শুনা কৰিয়েই সাফল্যৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে এই গৰাকী যুৱতীয়ে।

যযুৱতী গৰাকীৰ নাম সোণাল শৰ্মা।

সোণালৰ পিতৃয়ে গাখীৰ বেচিয়েই ৬ জনীয়া পৰিয়ালটো কিবাকৈ চলাই নিছে।

পঢ়া-শুনা কৰিবলৈ সোণালৰ নাই কোনো সুকীয়া কোঠা। সেইবাবে গৰুৰ সৈতে একেলগে থাকি পাঠ গ্ৰহণ কৰিছিল সোণালে।

এনেদৰে চৰম দুৰ্দশাৰ মাজেৰে অধ্যয়ন কৰিও জিলিকি উঠিবলৈ সক্ষম হৈছে সোণাল।

ৰাজস্থানৰ বাসিন্দা সোণালে শেহতীয়াকৈ ৰাজস্থান জুডিচিয়েল চাৰ্ভিচত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।

ইতিমধ্যে তেওঁ গোহালিত পঢ়িয়েই বিএ,এলএলবি আৰু এলএলএম উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।

সোণালৰ পিতৃ খেয়ালি লাল শৰ্মাই গৰুৰ গাখীৰ বেচিয়েই ঘৰখন চলাই আহিছে।

গোহালিতে পঢ়ি জুডিচিয়েল চাৰ্ভিচৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সোণালে এবছৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত মেজিষ্ট্ৰেট হিচাবে যোগদান কৰিব পাৰিব।

কষ্টৰ মাজেৰে লাভ কৰা এনে প্ৰাপ্তিত নথৈ আনন্দিত সোণাল।

কন্যাৰ সাফল্যত সমানে সুখী পিতৃ খেয়ালী লাল শৰ্মাও।তেওঁৰ মতে ভগৱানে তেওঁলোকলৈ চকু মেলি চাইছে। সোণালৰ কাহিনী এতিয়া দেশজুৰি চৰ্চিত হৈছে।

Related News