• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসহনীয়! ৰাজস্থানৰ হোষ্টেলৰ পৰা উদ্ধাৰ NEET পৰীক্ষাৰ্থীৰ মৃতদেহ; হতাশ হৈ পৰিছিল প্ৰদীপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 9:21 am
150
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ হোষ্টেলৰ পৰা উদ্ধাৰ হৈছে এজন NEET পৰীক্ষাৰ্থীৰ চিপ লোৱা মৃতদেহ। চাৰিবছৰ ধৰি তেওঁ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। তেওঁ এইবাৰ NEET পৰীক্ষাতো অৱতীৰ্ণ হৈছিল। প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে বাতিল কৰা হয় পৰীক্ষা। সূত্ৰ অনুসৰি ইয়াৰ বাবেই হতাশ হৈ পৰিছিল পৰীক্ষাৰ্থীগৰাকী। ইয়াৰ পিছতে তেওঁ চিপ লৈ আত্মহত্যা কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃতকৰ নাম প্ৰদীপ। তেওঁৰ ঘৰ ৰাজস্থানৰ ঝুনঝুনু জিলাৰ গুধা গৌৰজী অঞ্চলত। যোৱা চাৰিবছৰ ধৰি ছিকাৰত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল। যিটো হোষ্টেলত থাকি পঢ়া-শুনা আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল তাতেই  আত্মহত্যা কৰে প্ৰদীপে। এইবাৰ তৃতীয় প্ৰচেষ্টাত ভাল নম্বৰ পোৱাৰ আশা কৰিছিল।

Apply Now

প্ৰদীপে বিশ্বাস কৰিছিল যে এইবাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ নামভৰ্তিৰ ভাল সুযোগ আছে। অৱশ্যে পৰীক্ষা বাতিল হোৱাৰ খবৰ পাই তেওঁ মানসিকভাৱে বিধ্বস্ত হৈ পৰে। ইয়াৰ ফলত তেওঁ এই চৰম পদক্ষেপ ল’বলৈ বাধ্য হ’ল।

মন কৰিবলগীয়া যে NEET পৰীক্ষাৰ্থীৰ আত্মহত্যাৰ এয়া প্ৰথম ঘটনা নহয়। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছৰে পৰা সমগ্ৰ দেশতে কেইবাটাও আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ পূৰ্বে দিল্লীৰ আজাদপুৰ অঞ্চলতো এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিছিল। জনা যায় যে তেওঁ NEET মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাইছিল।

এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা তথা ৰাজস্থানৰ বিধায়ক শচীন পাইলটে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, ‘নিট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ঝুনঝুনু জিলাৰ গুধা গৌড়জীৰ ছাত্ৰ প্ৰদীপৰ আত্মহত্যা অতি হৃদয়বিদাৰক। একেদৰে NEET 2026 প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰত গোৱা আৰু উত্তৰ প্ৰদেশত ছাত্ৰ আত্মহত্যাৰ খবৰো অত্যন্ত বেদনাদায়ক।’

তেওঁৰ মতে প্ৰতিভাৱান, সৎ ছাত্ৰ-ছাত্ৰীসকলে অক্লান্তভাৱে পৰিশ্ৰম কৰি আহিছে। কিন্তু NEET 2026 প্ৰশ্নকাকত ফাদিল হোৱাৰ ফলত ভৱিষ্যতক লৈ সৃষ্টি হোৱা উদ্বিগ্নতাই ছাত্ৰ-ছাত্ৰীৰ ওপৰত অপৰিসীম চাপৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে।

প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে চিবিআইয়ে। শুকুৰবাৰে NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত মহাৰাষ্ট্ৰৰ লাটুৰৰ পৰা পিভি কুলকাৰ্ণী নামৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপকক গ্ৰেপ্তাৰ কৰা হয়।

NEET परीक्षा की तैयारी कर रहे झुंझुनूं जिले के गुढ़ागौड़जी निवासी छात्र प्रदीप की आत्महत्या बेहद दुःखद है। इसी प्रकार गोवा और उत्तर प्रदेश से NEET 2026 पेपर लीक से जुड़ी घटनाओं के बाद छात्रों की आत्महत्याओं की खबरें मन को विचलित करने वाली हैं। मैं शोक संतप्त परिवारों के प्रति…

— Sachin Pilot (@SachinPilot) May 15, 2026

তদন্তকাৰীয়ে দাবী কৰিছে যে এই প্ৰশ্নকাকত ফাদিল চক্ৰৰ অন্যতম মূল দোষী অধ্যাপকগৰাকী। প্ৰশ্নকাকত ফাদিল গোচৰত এতিয়ালৈকে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে ৮জন লোকক। তদন্তকাৰী বিষয়াসকলে এই চক্ৰৰ সৈতে জড়িত আন লোকসকলক বিচাৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd