• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহক অৱহেলা কৰাৰ অভিযোগ তুলি ককৰোচ জনতা পাৰ্টিয়ে যোৱা পোন্ধৰ আগষ্টৰ পৰা আৰম্ভ কৰা ‘স্কুল ঠিক কৰো’ অভিযানৰ মাজতেই ৰাজস্থান চৰকাৰে গ্ৰহণ কৰিছে এই বৃহৎ পদক্ষেপ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2026 5:23 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিৰ এটা প্ৰতিনিধি দল চৰকাৰী বিদ্যালয় পৰিদৰ্শনৰ বাবে ৰাজস্থানৰ উদয়পুৰত উপস্থিত হোৱাৰ দিনাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই ৪৭২খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৪ হাজাৰ কোটি টকাৰ পুঁজি আৱণ্টন কৰিছে। আৱণ্টিত পুঁজিৰ এই ৪৭২খন বিদ্যালয়ৰ ভিতৰত ত্ৰিছ শতাংশই কেৱল উদয়পুৰত অৱস্থিত হোৱাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিজেপিৰ সদস্য আশুতোষ ৰাংকাই এক্স হেণ্ডেলত এক পোষ্ট যোগে এই তথ্য ৰাজহুৱা কৰি সমগ্ৰ কাৰ্যকলাপক লৈ ৰাজস্থান চৰকাৰক তীব্ৰ সমালোচনা কৰিছে।

 

Apply Now

ৰাংকাৰ এই পোষ্টৰ আঁত ধৰি চিজেপিৰ আন এগৰাকী সদস্য সৌৰভ দাসে কয় যে তেওঁলোক য’লৈকে গৈছে, তালৈকে ৰাজ্য চৰকাৰে উন্নয়নমূলক কাম আৰম্ভ কৰিছে। সেয়েহে তেওঁ ৰাজস্থানৰ জনসাধাৰণক পৰৱৰ্তী সময়ত দলটোৱে কোন কোন স্থানলৈ যোৱা উচিত, সেই বিষয়ে পৰামৰ্শ দিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ভিতৰুৱা অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহক চৰম অৱহেলা কৰাৰ অভিযোগ তুলি যোৱা পোন্ধৰ আগষ্টৰ পৰা চিজেপিয়ে সমগ্ৰ ৰাজ্যজুৰি ‘স্কুল ঠিক কৰো’ শীৰ্ষক এক অভিযান আৰম্ভ কৰিছিল। এই অভিযানৰ অংশ হিচাপেই যোৱা মাহত দলটোৰ শীৰ্ষ নেতাসকলে ৰাজস্থান ভ্ৰমণলৈ আহিছিল।

 

আগষ্ট মাহত জয়পুৰৰ এখন চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত চিজেপিৰ প্ৰতিনিধি দলটোৰ ওপৰত একাংশ লোকে আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছিল। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই ঘটনাৰ সন্দৰ্ভত দুয়োপক্ষৰ পৰাই পৃথকে পৃথকে এজাহাৰ দাখিল কৰা হৈছিল। অৱশ্যে ৰাজ্য চৰকাৰ আৰু চিজেপিৰ মাজত চলি থকা এই সংঘাত ইয়াতেই সামৰণি পৰা নাই। আশুতোষ ৰাংকাই অভিযোগ কৰা মতে, চিজেপিৰ সদস্যসকলৰ ওপৰত আক্ৰমণ চলোৱা দুৰ্বৃত্তক বিচাৰি উলিওৱাৰ পৰিৱৰ্তে আৰক্ষীয়ে তেওঁৰ বাসগৃহতহে চোৰাংচোৱাগিৰি চলাইছিল। ঘৰলৈ কোন আহিছে আৰু কোন গৈছে, তাৰ ওপৰত আৰক্ষীয়ে চোকা নজৰ ৰখা বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

 

প্ৰায় দুঘণ্টা ধৰি আৰক্ষীৰ কটকটীয়া নিৰীক্ষণত থকা বুলি দাবী কৰি ৰাংকাই কয় যে আৰক্ষীয়ে বিচাৰিলে তেওঁক পোনপটীয়াকৈ গ্ৰেপ্তাৰ কৰিব পাৰে, কিন্তু আৰক্ষীৰ এনে কাৰ্যই তেওঁলোকক হতাশ কৰিব নোৱাৰে। যেতিয়ালৈকে ৰাজস্থানৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ে সঠিক আন্তঃগাঁথনি আৰু সুযোগ-সুবিধা লাভ নকৰে, তেতিয়ালৈকে চিজেপিৰ এই ‘স্কুল ঠিক কৰো’ অভিযান অব্যাহত থাকিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ নামত হঠাতে মুকলি কৰা এই বৃহৎ পুঁজিয়ে এতিয়া ৰাজস্থানৰ শিক্ষা খণ্ডত নতুন বিতৰ্কৰ সূচনা কৰিছে আৰু পৰৱৰ্তী সময়ত চৰকাৰে চিজেপিৰ এই অভিযানক কেনেদৰে মোকাবিলা কৰে, সেয়া লক্ষণীয় হ’ব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd