NORTHEAST NOW (Assamese)

অৱশেষত জটিলতা আঁতৰিল; তেজপুৰত ৰাজেন বৰঠাকুৰ, নগাঁৱত ৰূপক শৰ্মা বিজেপিৰ প্ৰাৰ্থী

March 19, 2019 3:10 pm · এন ই নাও নিউজ
Updated: March 19, 2019 3:56 pm
ৰূপক শৰ্মা (বাওঁফালে) আৰু ৰাজেন বৰঠাকুৰ।

বাকী ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ বাছনি চূড়ান্ত কৰিলেও নগাওঁ আৰু তেজপুৰক লৈ জটিলতাৰ সন্মুখীন হোৱা বিজেপিয়ে অৱশেষত সমষ্টি দুটাৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰা বুলি খবৰ পোৱা গৈছে।

তেজপুৰৰ বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাৰ নাম ৰাজ্যিক নেতৃত্বই প্ৰস্তুত কৰা প্ৰাৰ্থীৰ পেনেলত  অন্তৰ্ভুক্ত নকৰা বাবে কেন্দ্ৰীয় নেতৃত্বৰ সমালোচনাৰ সন্মুখীন হোৱা আৰু আৰ এছ এছৰ হেঁচাৰ সন্মুখীন হোৱা বুলি বাতৰি ওলাইছিল যদিও শেষ পৰ্য্যন্ত সাংসদজনৰ নাম নুঠিল প্ৰাৰ্থী হিচাপে।

তেজপুৰ সমষ্টিটোত প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰ আৰু নগাওঁ সমষ্টিত বিধায়ক ৰূপক শৰ্মাই প্ৰাৰ্থিত্ব লাভ কৰা বুলি খবৰ পোৱা গৈছে।

অৱশ্যে এতিয়াও চূড়ান্ত তালিকাখন ৰাজহুৱা কৰিবলৈ বাকী।

আজি সন্ধিয়া ৫.৩০ বজাত নতুন দিল্লীত দলটোৰ নিৰ্বাচনী কমিটীৰ বৈঠক আছে। ইয়াতে দলটোৰ অসমৰ প্ৰাৰ্থীৰ তালিকাখনত কেন্দ্ৰীয় নেতৃত্বই অনুমোদন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে অগপ আৰু বিপিএফৰ সৈতে মিত্ৰতাত থকা ৰাষ্ট্ৰীয় দলটোৱে অসমত ১০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। অগপক ৩খন আৰু বি পি এফক কোকৰাঝাৰ আসনসন এৰি দিছে।

Related News