বৰ্তমান সমগ্ৰ উত্তৰ ভাৰতত তীব্ৰ শীতৰ প্ৰকোপ চলিছে। এই হাড় কঁপোৱা ঠাণ্ডাৰ মাজতে পোহৰলৈ আহিছে এক অতি হৃদয়স্পৰ্শী খবৰ। এজন দৰিদ্ৰ ভিক্ষাৰীয়ে নিজৰ বিশাল হৃদয়ৰ পৰিচয় দি প্ৰমাণ কৰি দিছে যে মানৱতা এতিয়াও জীয়াই আছে। ৰাজু নামৰ এই ব্যক্তিজনে নিজে ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰে যদিও আনৰ দুখত তেওঁৰ অন্তৰ কঁপি উঠে। সেইবাবেই এই তীব্ৰ শীতৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ গৃহহীন আৰু আৰ্তজনৰ মাজত ৫০০ খন কম্বল বিতৰণ কৰাৰ এক মহান পদক্ষেপ গ্ৰহণ কৰে।
উত্তৰ ভাৰতত বৰ্তমান শীতৰ প্ৰভাৱে স্বাভাৱিক জনজীৱন ব্যাহত কৰি তুলিছে। ইয়াৰ ফলত ঋতুভিত্তিক ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ লগতে আটাইতকৈ বেছি কষ্টত পৰিছে ৰাজপথত আশ্ৰয় লোৱা গৃহহীন লোকসকল। এনে এক কঠিন সময়ত ৰাজু ভিখাৰীয়ে নিজৰ কথা চিন্তা নকৰি নিজতকৈও দৰিদ্ৰ লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে। তেওঁৰ এই পদক্ষেপে সমাজলৈ এক গভীৰ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে যে সেৱা কৰিবলৈ অকল ধনৰ নহয়, বৰঞ্চ এখন উদাৰ হৃদয়ৰহে প্ৰয়োজন।
উল্লেখনীয় যে এই কম্বল বিতৰণৰ কাৰ্যসূচী ৰাজুৰ বাবে নতুন নহয়। ইয়াৰ আগতেও তেওঁ বিভিন্ন সময়ত অসহায় লোকক সহায় কৰি আহিছে। আনকি ক’ভিড মহামাৰীৰ সেই জটিল সময়ছোৱাত তেওঁ আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁক প্ৰশংসা কৰিছিল। প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয় অনুষ্ঠান মন কি বাতত ৰাজুৰ এই মহানুভৱতাৰ কথা উল্লেখ কৰা হৈছিল। শেহতীয়াভাৱে তেওঁ গ্ৰহণ কৰা এই পদক্ষেপে পুনৰবাৰ প্ৰমাণ কৰিলে যে আৰ্তজনৰ সেৱাই পৰম ধৰ্ম আৰু মানৱিকতা সকলোতকৈ ওপৰত।




