• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বলীউদত চাঞ্চল্য: ৰামগোপাল বাৰ্মাৰ নতুন ছবিৰ নাম ‘অৰ্ণৱ দ্য নিউজ প্ৰষ্টিটিউট’!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 4, 2020 7:50 am

2 min read

Arnab-Goswami-and-right-Ram-Gopal-Varma-1024x512

সাংবাদিক অৰ্ণৱ গোস্বামী আৰু পৰিচালক ৰামগোপাল বাৰ্মা।

5.2k
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ জোৱাৰ উঠিছে।

দেশত কৰ’নাৰ আতংক, চীন-নেপালৰ আগ্ৰাসী সঞ্চালন বা ৰাম মন্দিৰ নিৰ্মাণৰ দৰে বহু চৰ্চিত বিষয়ৰ মাজতো বিভিন্ন সংবাদ মাধ্যমত এতিয়া বিশেষ চৰ্চাৰ বিষয় হৈছে সুশান্তৰ মৃত্যু ৰহস্য।

বিভিন্ন নিউজ চেনেলত সুশান্তৰ মৃত্যুক লৈ আলোচনাও অনুষ্ঠিত কৰা হৈছে। তদুপৰি, সদায় বিষয়টোক লৈ নতুন নতুন বিতৰ্কৰ সৃষ্টি হৈছে।

ইয়াৰ মাজতে বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীয়ে বলীউদক জনসাধাৰণৰ মাজত যিধৰণে উপস্থাপন কৰিছে তাত অসন্তুষ্ট হৈ পৰিছে পৰিচালক ৰাম গোপাল বাৰ্মা।

পৰিচালকগৰাকীয়ে ছচিয়েল মিডিয়াত সম্পূৰ্ণ সুকীয়া ধৰণে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।

পৰিচালক বাৰ্মাই কয় যে অৰ্ণৱ গোস্বামীয়ে বলীউদ ইণ্ডাষ্ট্ৰীক অতি জঘন্য স্থান হিচাপে তুলি ধৰিছে।

My film on him is titled

“ARNAB”
THE NEWS PROSTITUTE
After extensively studying him I mulled on whether the tagline should be The News Pimp or The News Prostitute though both are relevant I finally settled on prostitute for its sound.

— Ram Gopal Varma (@RGVzoomin) August 3, 2020

গোস্বামীয়ে ইয়াক ধৰ্ষণকাৰী, গেংষ্টাৰ তথা বিভিন্ন অপৰাধীৰ ৰম্যভূমি হিচাপে দাঙি ধৰি আনকি সুশান্তৰ মৃত্যুৰ সৈতে দিব্যা ভাৰতী, জিয়া খান আৰু শ্ৰীদেবীৰ মৃত্যু প্ৰসংগও টানি আনি এই সকলোৰে বাবে বলীউদক দায়ী কৰিছে।

অৰ্ণৱ গোস্বামীৰ এনে অভিযোগসমূহ মানি ল’বলৈ সাজু নহয় পৰিচালক ৰাম গোপাল বাৰ্মা।

বাৰ্মাই এটাৰ পাছত আন এটা টুইটৰ জৰিয়তে সাংবাদিক গৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে।

অৰ্ণৱ গোস্বামীয়ে তেওঁৰ শ্ব’ত আনক একো ক’বলৈ নিদি নিজেই কৈ কেবল কৈ যোৱা বুলিও তেওঁ অভিযোগ কৰে।

তেওঁ কয় যে এই বিষয়টো লৈ মই বহুত ভাৱিছো। তাৰ পাছত অৰ্ণৱৰ ওপৰত এখন ছবি কৰাৰ কথা ঠিক কৰিছো য’ত তেওঁক নগ্ন ৰূপত দাঙি ধৰা হ’ব আৰু তাতেই তেওঁৰ সকলো দুৰ্নীতি পোহৰলৈ অনা হ’ব।

তেওঁ লগতে জানিবলৈ দিয়ে যে ছবিৰ নাম ৰখা হ’ব ‘অৰ্ণৱ-দ্য নিউজ প্ৰষ্টিটিউট’।

My one last word of advise to #AdityaChopra , @karanjohar , @MaheshNBhatt @iamsrk @BeingSalmanKhan and many others, is that it’s not enough to create heroes in films and be heroes in films ,but it’s also important to stand up to villains like #ArnabGoswamy

— Ram Gopal Varma (@RGVzoomin) August 3, 2020

বাৰ্মাই কয় যে তেঁওৰ বৰ্ণনা দিবলৈ গৈ অলপ অশালীন ভাষা ব্যৱহাৰ কৰিবলগীয়া হৈছে, কিন্তু অৰ্ণৱলৈ এইটোৱেই বলীউদৰ প্ৰত্যুত্তৰ।

অৰ্ণৱলৈ প্ৰত্যাহ্বান জনাই ৰাম গোপাল বাৰ্মাই সাংবাদিকগৰাকীৰ প্ৰতিক্ৰিয়াৰ কোনো গুৰুত্ব অনুভৱ নকৰি কয় যে তেওঁ ছবিখন দৰ্শকৰ বাবে নিৰ্মাণ কৰিব আৰু সকলো পাদিল কৰি দিব।

সন্মুখত অৰ্ণৱ গোস্বামী আৰু বলীউদৰ মাজৰ এখন যুঁজ সমাগত বুলি ক’ব পৰা যায়। এতিয়া এই বিষয়ত সাংবাদিক অৰ্ণৱ গোস্বামীৰ প্ৰতিক্ৰিয়া কি সেয়া ‘নেশ্যনছ ৱান্ট টু ন’।

Recent News

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd