প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বেই মূৰ্তি বিভ্ৰাট; তদন্তৰ দাবী ক্ষুব্ধ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ!

অহা ২২ জানুৱাৰীত অযোধ্যাত নৱনিৰ্মিত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি সাত হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিবলৈ গৈ আছে। ইতিমধ্যে আৰম্ভ হৈছে ধৰ্মীয় ৰীতি-নীতি। ৰাম মন্দিৰ উদ্বোধনৰ পিছত সাধাৰণ ভক্তৰ বাবে মুকলি কৰা হ’ব মন্দিৰ। মন্দিৰ কৰ্তৃপক্ষৰ অনুমান প্ৰথম মাহত ইয়াত লাখ লাখ ভক্তৰ সমাগম হ’ব।

উত্তৰ প্ৰদেশ, গোৱা, হাৰিয়ানা, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ দৰে একাংশ ৰাজ্যই ইতিমধ্যে ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন উপলক্ষে বন্ধ ঘোষণা কৰিছে। ইয়াৰ উপৰিও সুৰা আৰু মাংস বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইয়াৰ উপৰিও অসম, গুজৰাট, ওড়িশা, ৰাজস্থান, ত্ৰিপুৰা আদি ৰাজ্যত আধা দিনৰ বন্ধৰ কথা ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয়তো অৰ্দ্ধছুটীৰ  কথা ঘোষণা কৰিছে।

লগতে পঢ়কঃ পুনৰ কাম কৰা আৰম্ভ কৰিলে চন্দ্ৰযান ৩ৰ বিক্ৰম লেণ্ডাৰে! ISRO-য়ে দিলে ডাঙৰ খৱৰ

২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠাৰ তিনিদিন পূৰ্বে শুকুৰবাৰে ৰাম মন্দিৰত উন্মোচন কৰা হয় ৰাম লালাৰ মূৰ্তি। ক’লা শিলেৰে নিৰ্মিত মূৰ্তিটোৰ চকু হালধীয়া কাপোৰেৰে বান্ধি থোৱা আছে। মূৰ্তিটোত গোলাপ ফুলৰ মালাও সজোৱা হৈছে। বিশ্ব হিন্দু পৰিষদে মুকলি কৰে ৰামলালাৰ মূৰ্তিৰ ছবি।

মহীশূৰৰ বিখ্যাত ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰিছিল ৰামলালাৰ প্ৰতিমূৰ্তি। ইয়াৰ উচ্চতা ৫১ ইঞ্চি। বৃহস্পতিবাৰে নিশা মন্দিৰলৈ অনা হয় ৰামলালাৰ মূৰ্তি। দিনৰ ১২.২০ বজাৰ পৰা আৰম্ভ হ’ব প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান আৰু দুপৰীয়া ১ বজাৰ ভিতৰত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে।

ৰাম লালাৰ মূৰ্তি ৰাম মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা হৈছে। বৃহস্পতিবাৰে প্ৰায় চাৰি ঘণ্টাৰ যজ্ঞ আৰু ৰীতি-নীতি আৰু মন্ত্ৰ জপ কৰাৰ অন্তত গৰ্ভগৃহত প্ৰতিমা স্থাপন কৰা হয়। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত মাত্ৰ দুদিন বাকী। সমগ্ৰ দেশৰ ৰামভক্তসকলে ৰাম মন্দিৰ উদ্বোধনৰ বাবে অপেক্ষা কৰি আছে। ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ দুৱাৰ মুকলি কৰিব। অযোধ্যাত শেষ মুহূৰ্তৰ প্ৰস্তুতি চলি আছে। ২১ তাৰিখে অযোধ্যাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী।

লগতে পঢ়কঃ মঞ্চতে দুৰ্ঘটনাত মৃত্যু ঘটিল আমেৰিকান কোম্পানীৰ ভাৰতীয় চিইঅ’ৰ; কেনেকৈ ঘটিল দুৰ্ঘটনা?

ইতিমধ্যে ওলাই আহিছে ৰামলালাৰ আৱৰণহীন ফটো। ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰিছে এই মূৰ্তি।

শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে কয়, “জীৱনৰ প্ৰতিষ্ঠা সম্পূৰ্ণ হোৱাৰ আগতেই ৰামৰ মূৰ্তিৰ চকু মেলিব নোৱাৰি। যি মূৰ্তিত ৰামৰ চকু দেখা যায়, সেই মূৰ্ত্তি আচল মূৰ্তি নহয়। যদি চকু দেখা যায় তেন্তে কোনে চকু দেখুৱাইছিল আৰু মূৰ্তিটোৰ ছবিখন কেনেকৈ ভাইৰেল হৈ আছে তাৰ তদন্ত কৰা উচিত।” দৰাচলতে ছ’চিয়েল মিডিয়াত কিছুমান ছবি ওলাইছে, য’ত ভগৱান ৰামৰ মূৰ্তিৰ চকু দেখা গৈছে। কোৱা হৈছে যে এই মূৰ্তিটো গৰ্ভগৃহত স্থাপন কৰা হৈছে।

লগতে পঢ়কঃ বিশ্বৰ আটাইতকৈ ধনী পৰিয়াল! আমিৰশ্বাহীৰ ৰাজ পৰিয়াললৰ আছে ৭০০ গাড়ী, ৮ খন জেট বিমান…

শুকুৰবাৰৰ পৰা (১৯ জানুৱাৰী) ৰামলালাৰ প্ৰতিমূৰ্তিৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এখন ছবিত ৰামলালাক চকুত কাপোৰ বান্ধি ৰখাৰ বিপৰীতে আন এখন ছবিত মূৰ্তিটোৰ চকুত কাপোৰ বন্ধা নথকা দেখা গৈছে। এই সন্দৰ্ভতে তদন্তৰ দাবী উত্থাপন কৰা হৈছে।