• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বেই মূৰ্তি বিভ্ৰাট; তদন্তৰ দাবী ক্ষুব্ধ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2024 11:22 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২২ জানুৱাৰীত অযোধ্যাত নৱনিৰ্মিত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি সাত হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰিবলৈ গৈ আছে। ইতিমধ্যে আৰম্ভ হৈছে ধৰ্মীয় ৰীতি-নীতি। ৰাম মন্দিৰ উদ্বোধনৰ পিছত সাধাৰণ ভক্তৰ বাবে মুকলি কৰা হ’ব মন্দিৰ। মন্দিৰ কৰ্তৃপক্ষৰ অনুমান প্ৰথম মাহত ইয়াত লাখ লাখ ভক্তৰ সমাগম হ’ব।

উত্তৰ প্ৰদেশ, গোৱা, হাৰিয়ানা, মধ্যপ্ৰদেশ, ছত্তীশগড়ৰ দৰে একাংশ ৰাজ্যই ইতিমধ্যে ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন উপলক্ষে বন্ধ ঘোষণা কৰিছে। ইয়াৰ উপৰিও সুৰা আৰু মাংস বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইয়াৰ উপৰিও অসম, গুজৰাট, ওড়িশা, ৰাজস্থান, ত্ৰিপুৰা আদি ৰাজ্যত আধা দিনৰ বন্ধৰ কথা ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয়তো অৰ্দ্ধছুটীৰ  কথা ঘোষণা কৰিছে।

Apply Now

লগতে পঢ়কঃ পুনৰ কাম কৰা আৰম্ভ কৰিলে চন্দ্ৰযান ৩ৰ বিক্ৰম লেণ্ডাৰে! ISRO-য়ে দিলে ডাঙৰ খৱৰ

২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰাণ প্ৰতিষ্ঠাৰ তিনিদিন পূৰ্বে শুকুৰবাৰে ৰাম মন্দিৰত উন্মোচন কৰা হয় ৰাম লালাৰ মূৰ্তি। ক’লা শিলেৰে নিৰ্মিত মূৰ্তিটোৰ চকু হালধীয়া কাপোৰেৰে বান্ধি থোৱা আছে। মূৰ্তিটোত গোলাপ ফুলৰ মালাও সজোৱা হৈছে। বিশ্ব হিন্দু পৰিষদে মুকলি কৰে ৰামলালাৰ মূৰ্তিৰ ছবি।

মহীশূৰৰ বিখ্যাত ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰিছিল ৰামলালাৰ প্ৰতিমূৰ্তি। ইয়াৰ উচ্চতা ৫১ ইঞ্চি। বৃহস্পতিবাৰে নিশা মন্দিৰলৈ অনা হয় ৰামলালাৰ মূৰ্তি। দিনৰ ১২.২০ বজাৰ পৰা আৰম্ভ হ’ব প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান আৰু দুপৰীয়া ১ বজাৰ ভিতৰত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে।

ৰাম লালাৰ মূৰ্তি ৰাম মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা হৈছে। বৃহস্পতিবাৰে প্ৰায় চাৰি ঘণ্টাৰ যজ্ঞ আৰু ৰীতি-নীতি আৰু মন্ত্ৰ জপ কৰাৰ অন্তত গৰ্ভগৃহত প্ৰতিমা স্থাপন কৰা হয়। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত মাত্ৰ দুদিন বাকী। সমগ্ৰ দেশৰ ৰামভক্তসকলে ৰাম মন্দিৰ উদ্বোধনৰ বাবে অপেক্ষা কৰি আছে। ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ দুৱাৰ মুকলি কৰিব। অযোধ্যাত শেষ মুহূৰ্তৰ প্ৰস্তুতি চলি আছে। ২১ তাৰিখে অযোধ্যাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী।

লগতে পঢ়কঃ মঞ্চতে দুৰ্ঘটনাত মৃত্যু ঘটিল আমেৰিকান কোম্পানীৰ ভাৰতীয় চিইঅ’ৰ; কেনেকৈ ঘটিল দুৰ্ঘটনা?

ইতিমধ্যে ওলাই আহিছে ৰামলালাৰ আৱৰণহীন ফটো। ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰিছে এই মূৰ্তি।

শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে কয়, “জীৱনৰ প্ৰতিষ্ঠা সম্পূৰ্ণ হোৱাৰ আগতেই ৰামৰ মূৰ্তিৰ চকু মেলিব নোৱাৰি। যি মূৰ্তিত ৰামৰ চকু দেখা যায়, সেই মূৰ্ত্তি আচল মূৰ্তি নহয়। যদি চকু দেখা যায় তেন্তে কোনে চকু দেখুৱাইছিল আৰু মূৰ্তিটোৰ ছবিখন কেনেকৈ ভাইৰেল হৈ আছে তাৰ তদন্ত কৰা উচিত।” দৰাচলতে ছ’চিয়েল মিডিয়াত কিছুমান ছবি ওলাইছে, য’ত ভগৱান ৰামৰ মূৰ্তিৰ চকু দেখা গৈছে। কোৱা হৈছে যে এই মূৰ্তিটো গৰ্ভগৃহত স্থাপন কৰা হৈছে।

লগতে পঢ়কঃ বিশ্বৰ আটাইতকৈ ধনী পৰিয়াল! আমিৰশ্বাহীৰ ৰাজ পৰিয়াললৰ আছে ৭০০ গাড়ী, ৮ খন জেট বিমান…

শুকুৰবাৰৰ পৰা (১৯ জানুৱাৰী) ৰামলালাৰ প্ৰতিমূৰ্তিৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এখন ছবিত ৰামলালাক চকুত কাপোৰ বান্ধি ৰখাৰ বিপৰীতে আন এখন ছবিত মূৰ্তিটোৰ চকুত কাপোৰ বন্ধা নথকা দেখা গৈছে। এই সন্দৰ্ভতে তদন্তৰ দাবী উত্থাপন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd