অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন চুৰিৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা অন্যতম অভিযুক্ত লৱকুশ মিশ্ৰৰ এক আচৰিত তথ্য পোহৰলৈ আহিছে। ৰাম মন্দিৰ ট্ৰাষ্টৰ পৰা মাহে মাত্ৰ ১২ৰ পৰা ১৫ হাজাৰ টকা দৰমহা পোৱা এইজন ব্যক্তিয়ে নিৰ্মাণ কৰিছে প্ৰায় ২৫ লাখ টকা মূল্যৰ এটা বিশাল বাসগৃহ। মন্দিৰৰ ধন গণনা কৰা কামত নিয়োজিত থকা লৱকুশই ট্ৰাষ্টত যোগদান কৰাৰ কিছু সময় পিছতেই এই সম্পত্তি আহৰণ কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীৰ তদন্তত তেওঁৰ এই উপাৰ্জন আৰু সম্পত্তিৰ মাজত থকা বিশাল ব্যৱধানৰ কথা স্পষ্ট হৈ পৰিছে।
প্ৰাপ্ত নথিপত্ৰ অনুসৰি, প্ৰায় এবছৰ আগতে ৰাম মন্দিৰৰ কামত যোগদান কৰাৰ পিছত লৱকুশই নিজৰ পত্নী সুপ্ৰিয়া মিশ্ৰৰ নামত এখন মাটি ক্ৰয় কৰিছিল। অযোধ্যা-লক্ষ্ণৌ ঘাইপথৰ সমীপৰ চাহাদতগঞ্জ-বনবীৰপুৰ অঞ্চলত থকা এই মাটিখিনিৰ চৰকাৰী মূল্য ৮.৮ লাখ টকা দেখুওৱা হৈছিল। প্ৰায় এহেজাৰ বৰ্গফুটৰ এই মাটিডৰাত বৰ্তমান এটা দুমহলীয়া ঘৰ নিৰ্মাণ কৰা হৈছে। বৰ্তমানৰ বজাৰ মূল্য অনুসৰি এই মাটি আৰু নিৰ্মীয়মাণ ঘৰটোৰ মুঠ দাম প্ৰায় ২৫ লাখ টকা হ‘ব বুলি অনুমান কৰা হৈছে। ঘৰটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে আৰু বিজুলী সংযোগৰ কামো চলি আছিল।
স্থানীয় ৰাইজে জনোৱা মতে, যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা এই ঘৰটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। ৰাজকুমাৰ পাণ্ডে নামৰ এজন ওচৰচুবুৰীয়াই জানিবলৈ দিয়ে যে লৱকুশ আৰু তেওঁৰ পৰিয়ালে প্ৰায়ে ঘৰটোৰ কাম চাবলৈ আহিছিল আৰু কাম আৰম্ভ কৰাৰ আগতে তাত ভূমি পূজনো কৰিছিল। পিছে ৰাম মন্দিৰৰ ধন চুৰিৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে আৰু লৱকুশ গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা ঘৰটোৰ নিৰ্মাণ কাৰ্য হঠাতে বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে যোৱা দেওবাৰৰ পৰা তাত কোনো শ্ৰমিক বা পৰিয়ালৰ সদস্যক দেখা নাই বুলি জানিবলৈ দিছে।
এই ঘটনাই এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ওচৰচুবুৰীয়াৰ মতে লৱকুশ আৰু তেওঁৰ পৰিয়ালৰ জীৱনধাৰণ অতি সাধাৰণ আছিল আৰু তেওঁলোকে সাধাৰণতে এখন মটৰচাইকেলত যাতায়াত কৰিছিল। তেওঁলোকৰ হাতত ইমান ধন থকাৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাছিল, সেয়েহে ইমান কম দৰমহাৰে কেনেকৈ এনেকুৱা ঘৰ সাজিলে সেয়া সকলোৰে বাবে এক সাঁথৰ হৈ পৰিছে। উল্লেখ্য যে, ২৭ বছৰীয়া লৱকুশ মিশ্ৰক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু শেহতীয়াকৈ তেওঁৰ ঘৰত চলোৱা অভিযানত প্ৰায় ১২ লাখ টকা নগদ ধন উদ্ধাৰ কৰা হৈছে।
শেহতীয়াকৈ অযোধ্যাৰ ৰাম মন্দিৰত ভক্তই দান কৰা প্ৰায় ৭ কোটি টকাৰ নগদ ধন আৰু আ-অলংকাৰ হৰলুকী হোৱাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। কিছুমানৰ মতে চুৰি হোৱা ধনৰ পৰিমাণ ইয়াতকৈয়ো অধিক হ‘ব পাৰে। এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এখন বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে আৰু ইতিমধ্যে আঠজন লোকক গ্ৰেপ্তাৰ কৰি প্ৰায় ৮০ লাখ টকা উদ্ধাৰ কৰা হৈছে। এই বৃহৎ কেলেংকাৰীৰ পিছতে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ ভিতৰচৰাতো জোকাৰণিৰ সৃষ্টি হৈছে আৰু সাধাৰণ সম্পাদক চম্পত ৰায় তথা ট্ৰাষ্টী অনিল মিশ্ৰৰ দৰে উচ্চ পদস্থ ব্যক্তিয়ে পদত্যাগ কৰিবলগীয়া হৈছে।





