• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত ৰামেশ্বৰ বৰা সোঁৱৰণী কৃতী শিক্ষকৰ বঁটা প্ৰদান

"বঁটা নাপালেও বহুতে নীৰৱে সমাজৰ সেৱা কৰি আহিছে" : বঁটা প্ৰাপক ফজলুল হক মৰল

মুৰলী বৰুৱা by মুৰলী বৰুৱা
December 24, 2020 6:43 pm
IMG-20201224-WA0004
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ” ভাল কাম কৰিলে স্বীকৃতি দিয়া হয়‌ আৰু এই স্বীকৃতিয়ে কাম কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগায়। আনহাতে, বেয়া কাম কৰিলে গৰিহণা দিয়া হয় আৰু এই গৰিহণাই তেনে কাম নকৰিবলৈ সেইজনক সকিয়াই দিয়া হয়।”- এই মন্তব্য বিশিষ্ট শিক্ষাবিদ, লেখক ফজলুল হক মৰলৰ।

আজি নগাঁও জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত প্ৰদান কৰা কৰ্মপ্ৰাণ প্ৰয়াত ৰামেশ্বৰ বৰা সোঁৱৰণী কৃতী শিক্ষকৰ বঁটা লাভ কৰি উদমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ফজলুল হক মৰলে এই মন্তব্য কৰি লগতে আৰু কয়, “মহান ব্যক্তি প্ৰয়াত ৰামেশ্বৰ বৰাৰ স্মৃতিত প্ৰদান কৰা বঁটাই মোক অধিক দায়িত্বশীল কৰি তুলিলে।

Apply Now

অৱশ্যে বহুতে ভাল কৰি বঁটা নাপালেও নীৰৱে সমাজ তথা দেশৰ কাৰণে নিস্বাৰ্থ ভাবে কাম কৰি আছে।” শিক্ষক সমাজক তেওঁ ত্যাগৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনাই কয়, “শিক্ষক সমাজৰ ওপৰতে সমাজৰ পৰিৱৰ্তন নিৰ্ভৰ কৰে।” সমাজৰ কাৰণে ভাল কাম কৰিলে তেওঁ এদিন নহয় এদিন স্বীকৃতি পাব‌ই বুলিও মৰলে মন্তব্য কৰে।

মৰলক প্ৰদান কৰা বঁটাত আছে গামোচা, চেলেং, জাপি, মানপত্ৰ, শৰাই আৰু এখন স্মাৰক।

 নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অধিবিদ্যা পৰিষদৰ সভাপতি তথা নগাঁও জিলা সংমণ্ডল বিদ্যালয় সমুহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰাণা প্ৰকাশ বৰাই কৰ্মপ্ৰাণ প্ৰয়াত ৰামেশ্বৰ বৰাৰ স্মৃতি ৰোমন্থন কৰি কৰে।

তেওঁ কয়, “কুৰি শতিকাৰ শেষৰ ফালে মধ্য নগাঁৱৰ এখন সৰু গাঁৱত জন্ম গ্ৰহণ কৰা প্ৰয়াত বৰা এগৰাকী ভোটা তৰা হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিছিল।

শিক্ষা জগতখনত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা এইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত শিক্ষক সমাজৰ কাৰণে পেন্সনৰ ব্যৱস্থা হৈছে। যাৰ বাবে শিক্ষক সকলে অৱসৰৰ পিছত মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে।

” শিক্ষক সকলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ শিক্ষক সমাজৰ কাৰণে বহু কাম কৰিছে বুলি উল্লেখ কৰি বৰাই কয়, “এইগৰাকী মহান শিক্ষা প্ৰেমীৰ প্ৰচেষ্টাত জিলাখনৰ মধ্য অঞ্চলত বহু কেইখন শিক্ষানুষ্ঠানে গঢ় লৈ উঠিছে ।”

 সম্পাদক সঞ্জীৱ কলিতাই আ‌ঁত ধৰা সভাখনত পৰিষদৰ কাৰ্যকৰী সভাপতি খনীদ্ৰ কুমাৰ গোস্বামী, ৰামেশ্বৰ বৰা সোৱৰণী পূৰ্বৰ বঁটা প্ৰাপক ক্ৰমে তুফাইল উদ্দিন আহমেদ, জীৱন চন্দ্ৰ বৰা, তোষেশ্বৰ শ‌ইকীয়া, নগাঁও জিলা উচ্চতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক জীতেন হাজৰিকা, নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি ৰঞ্জিত শ‌ইকীয়াকে প্ৰমুখ্য কৰি  ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উক্ত সভাতে ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত  ৯০ শতাংশ ছাত্র-ছাত্ৰী উত্তীৰ্ণ হোৱা শিক্ষানুষ্ঠান ক্ৰমে জয়নাৰায়ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, পুৰণিগুদাম আৰ কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বঢ়মপুৰ এচ এচ আই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে বিগত মেট্ৰিক পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ জিলাখনৰ ২২খন উচ্চ মাধ্যমিক বিদ্যালয়ক উৎকৃষ্ট বিদ্যালয়ৰ বঁটা প্ৰদান কৰা হয়।

তদুপৰি, পলাশতল কাছমাৰী হাইস্কুলক ২০২০ বৰ্ষৰ বাবে শ্ৰেষ্ঠ বিদ্যালয় বটা প্ৰদান কৰা হয়।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd