NORTHEAST NOW (Assamese)

ৰংপুৰ মেলা : অসমৰ দল-সংগঠন উলংগ হ’ব নালাগে, বিধেয়ক বাতিল নহ’লে ৰাজনৈতিক নেতাকহে উলংগ কৰিব

January 16, 2019 9:31 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: January 16, 2019 9:39 pm

শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিত আজিৰে পৰা আৰম্ভ হৈছে ৰংপুৰ মেলা। তাই আহোম যুৱ পৰিষদ, অসম শিৱসাগৰ জিলা সমূহ আৰু ৰংপুৰ মেলাৰ আয়োজক সমিতিয়ে আয়োজন কৰা নৱম বাৰ্ষিকী  ৰংপুৰ মেলাত ৰাতিপুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰে ৰংঘৰ বাকৰি।

এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে ৰংপুৰ মেলা আয়োজক সমিতিৰ সভাপতি চাও দিগন্ত তামুলীয়ে। মৈদাম তৰ্পণ কৰে ৰংপুৰ মেলাৰ আয়োজক সমিতিৰ সম্পাদক চাও সুৰজ গগৈয়ে আৰু উদ্ধোধন কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থতিত থাকে মহন দেওধাই বাইলুং সন্মিলনৰ সভাপতি মানচাও মনোৰঞ্জন ফুকন, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মানচাও দিলীপ গগৈ, আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াৰ লগতে বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনৰ নেতা।

উল্লেখযোগ্য যে আজি ৰংপুৰ মেলাৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জাতীয় দল-সংগঠনে। আজি সকলো দল-সংগঠনে ৰংঘৰ বাকৰিত ঐক্যবদ্ধভাৱে সংকল্প লয় যে আজিৰ পৰা অসমৰ কোনো দল-সংগঠনে উলংগ হৈ প্ৰতিবাদ কৰিব নালাগে। এইবাৰ ৰাজনৈতিক নেতাসকলকহে উলংগ কৰিব ৰাইজে যদিহে বিধেয়কখন বাতিল নকৰে।

আনহাতে ৰংপুৰ মেলাত বিহুৰ লগতে অৰুণাচলী নৃত্য, বৰত নৃত্য, লালিলাং, তাই নৃত্যকে  ধৰি বিভিন্ন জনজাতীয় নৃত্য প্ৰদৰ্শন কৰা হয়। ইয়াৰোপৰি ৰংপুৰ মেলাৰ লগত সংগতি ৰাখি ৰছী টনা, টেকেলী ভঙা, পিছল খুঁটাত বগোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

নৱম বাৰ্ষিকী  ৰংপুৰ মেলা উপলক্ষে প্ৰকাশ কৰা চে-মুং নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ  অধ্যক্ষ ড০ অনিল শইকীয়াই। সন্ধিয়ালৈ ৰংঘৰত বন্তি প্ৰজ্বলন কৰা হয়।

Related News