DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“মই দুই লাখ টকা ঘূৰাই দিম, কিন্তু বিজেপিয়ে বিশ্বাস ঘূৰাই দিয়ক”, বিজেপিলৈ জুবিনৰ আহ্বান

আছুৰ সহযোগত জুবিনে আৰম্ভ কৰিলে প্ৰতিবাদী কাৰ্য্যসূচী ‘খিলঞ্জীয়াৰ বজ্ৰনিনাদ’

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2019 9:22 pm
Zubeen-Garg

জুবিন গাৰ্গ। ফট’ উৎস : ইণ্টাৰ্নেট

1.3k
VIEWS
Share on FacebookShare on Twitter

জাতিধ্বংসী বিধেয়কক লৈ জুবিনৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। সৰ্বানন্দ সোণোৱাল নিৰ্বাচনত জয়ী হোৱাৰ দিনা কি কৈছিল জুবিনে? বিধেয়কখনৰ বিৰোধিতাৰে জুবিনৰ নতুন গান।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত জাতিৰ পক্ষত থিয় হ’বলৈ মুখ্য মন্ত্ৰী সোণোৱালক এসপ্তাহৰ সময় দি কোনো সঁহাৰি নোপোৱাৰ পিছত জুবিনে আজি নিজৰ সংকল্প আৰু প্ৰতিবাদী কাৰ্য্যসূচী ঘোষণা কৰিছে। আজি আছুৰ মুখ্য কাৰ্য্যালয়লৈ গৈ শিল্পীজনে আছু নেতৃত্বক সাক্ষাৎ কৰে আৰু নিজৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ কথা সংবাদ মাধ্যমক অৱগত কৰে। আছুৰ সহযোগত আৰম্ভ কৰিব ‘খিলঞ্জীয়াৰ বজ্ৰনিনাদ’ শীৰ্ষক প্ৰতিবাদী কাৰ্য্যসূচী।

তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বহুত প্ৰব্লেম আছে বুলি কৈ বিধেয়ক অনা কেন্দ্ৰৰ বিজেপিৰ চৰকাৰ আৰু বিধেয়কখনক সমৰ্থন কৰা ৰাজ্যৰ বিজেপি চৰকাৰৰ সমালোচনাতো সৰৱ হৈ পৰে।

“বিলখনৰ বহুত প্ৰব্লেম আছে। সেয়ে মানুহে মাত মাতি আছে। চেণ্ট্ৰেলে সেইটো বুজিব লাগিব। চেণ্ট্ৰেলে কিবা এটা বনাই পাছ কৰি দিলেই নহ’ব নহয়”, জুবিনে কয়।

আনহাতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয়, “প্ৰথমদিনা যেতিয়া জিকিছিল সৰ্বাদাই, মই সৰ্বাদাক কৈছিলো যে মই গান গাইছো হয়, মই কিন্তু বিজেপিও নহয়, কংগ্ৰেছো নহয়। যদি গণ্ডগোল হয়, প্ৰথম চিঞৰা মানুহটো ময়েই হয়।”

তেওঁ গান গোৱাৰ বিনিময়ত বিজেপিৰ পৰা লোৱা টকা ঘূৰাই দিম বুলি কৈ সোণোৱালক দাবী কৰে, “মই দুই লাখ টকা ঘূৰাই দিম, কিন্তু বিজেপিয়ে বিশ্বাস ঘূৰাই দিয়ক”।

নাগৰিকত্ব সংশোধনী বিধেয়কখনে ৰাজ্যখনত সৃষ্টি কৰা শংকাৰ পৰিস্থিতিৰ কথা উনুকিয়াই শিল্পীজনে কয়, “এই খেলিমেলি। এই দোধোৰ-মোধোৰ। এই বিভ্ৰান্তি মানুহৰ মাজত। জাতিগত সমস্যা। এই বস্তুবোৰ আমাক নালাগে।”

“চৰকাৰ আমিহে বনাওঁ। মানুহে যদি বেয়া পায় পৃথিৱীত কোনো চৰকাৰ নাথাকে। গতিকে সাৱধান হওক।” চৰকাৰক সকীয়াই কয় শিল্পীজনে।

আনহাতে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই ‘জুবিন গাৰ্গে শিল্পীৰ সমাজত থাকিও খিলঞ্জীয়া লোকৰ এই সংকট কালত কাষত থিয় হৈ, সাহস দি কেনেকৈ আগ বাঢ়ি যাব লাগে তাৰ বাটৰ সন্ধান দিছে’ বুলি সংবাদ মাধ্যমক কয়।

“জুবিনে য’তেই গান গাবলৈ গৈছে, তাতেই বিধেয়কৰ বিৰোধিতা কৰিছে। আৰু সেই কাৰণেই জুবিন গাৰ্গ আমাৰ সকলোৰে প্ৰিয়। ৰাইজে আৰু আছুৱে জুবিনক সমৰ্থন দিব।” সমুজ্জ্বল ভট্টাচাৰ্য্যই কয়।

‘জুবিন গাৰ্গ আমাৰ সকলোৰে প্ৰতিবাদী কণ্ঠ’ বুলিও কয় আছুৰ উপদেষ্টাজনে।

জনপ্ৰিয় শিল্পীজনে জানিবলৈ দিয়ে যে তেওঁ কাইলৈ, অৰ্থাৎ শিল্পী দিৱসৰ দিনটোত তেজপুৰতো এটা প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব আৰু আছুৱে তাতো সহযোগ কৰিব।

আনহাতে অহা ২২ তাৰিখে তেওঁ বিধেয়কখনৰ প্ৰতিবাদত মুক্তি দিব এটা প্ৰতিবাদী গীত। গীতটোৰ দুটামান পংক্তি তেওঁ গুণগুনাই দিয়ে এইদৰে-

“পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুঁটি খুঁটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু।।

জাতি-মাটিৰ গান গুণগুনাওঁ, পলিটিক্স নকৰিবা বন্ধু।।”

Recent News

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd