কামৰূপ জিলাৰ তৰণীত অনুষ্ঠিত ৰাস মহোৎসৱত লোকে লোকাৰণ্য হৈ পৰিছে।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে এই ৰাস মহোৎসৱত ।
নলবাৰীত এদিনীয়াকৈ ৰাস উদযাপন কৰাৰ বাবে ৰাইজে এইবাৰ ঢাপলি মেলিছে তৰণীৰ ৰাস মহোৎসৱলৈ।
সুন্দৰ আলোক সজ্জাই দৃষ্টিনন্দক কৰি তুলিছে ৰাস উদযাপনথলী।
৭ দিনীয়াকৈ অনুষ্ঠিত তৰণীৰ ৰাস মহোৎসৱৰ ২৪ নৱেম্বৰত সামৰণি পৰাৰ কথা আছিল।
ভক্তপ্ৰাণ ৰাইজৰ বিপুল সহাঁৰি দেখি দুদিন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে ৰাস উদযাপন সমিতিয়ে ।
দুদিন বৃদ্ধিৰ পিছত ২৬ নৱেম্বৰত সামৰণি পৰিব এই ৰাস মহোৎসৱৰ।