• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসক তুলাধুনা লুৰিণজ্যোতি গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 9, 2020 9:18 pm
Lurinjyoti Gogoi

লুৰিণজ্যোতি গগৈ।

9k
VIEWS
Share on FacebookShare on Twitter

কালি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে “আছুৰ সাধাৰণ সম্পাদক লুৰিণজোতি গগৈ সৰুতে মুখ্য মন্ত্ৰী হ’ব খুজিছে তথা তেওঁ শিষ্টাচাৰ নাজানে” বুলি কটাক্ষ কৰাৰ পাছতেই আজি দাসৰ বিৰুদ্ধে সৰব হৈ পৰিছে লুৰিনজ্যোতি গগৈ।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক সমালোচনা কৰিবলৈ গৈ লুৰিণে বিজেপি তথা বিজেপি যুৱ মৰ্চাৰ সভাপতিৰ মাওবাদীৰে সৈতে সম্পৰ্ক থকা বুলি মন্তব্য কৰে।

“চাবুৱা আৰু দুলীয়াজানত যিসকলে আক্ৰমণ কৰিছিল সেইসকলক মাওবাদী বুলি তেওঁ কৈছিল। কিন্তু ধৰা পৰিল সেইসকল বিজেপিৰ যুৱ মৰ্চাৰ সক্ৰিয় নেতা তথা চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা আৰু ৰামেশ্বৰ তেলীৰ অতিকৈ ঘনিষ্ঠ। এই কথাৰ পৰা স্পষ্ট হৈ গ’ল বিজেপিৰ তথা তাৰ ভাতৃ সংগঠনৰ নেতা কৰ্মীয়েহে তেওঁৰ চকুৰ সন্মুখতে মাওবাদীৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে”, যুৱ সাংবাদিক সন্থা, অসমৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে।

 গগৈয়ে লগতে ৰঞ্জিত দাসক মাওবাদীৰ নেতা আখ্যা দি তেওঁক NIA-ৰ তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায়।

গগৈয়ে কয় ‘এনেবোৰ কাৰ্য্য ধৰা পৰাৰ পাছত NIA ই ৰঞ্জিত দাসক তদন্তৰ আওতালৈ আনিবৰ বাবে ছাত্ৰ সন্থাই আহ্বান জনাইছো।‘

আনহাতে, লুৰিণজ্যোতি গগৈ সৰুতে অসমৰ মুখ্য মন্ত্ৰী হ’ব বিচাৰিছে বুলি দাসে কৰা মন্তব্যৰ উত্তৰ দি তেওঁ কয় ‘বিজেপিৰ সভাপতিগৰাকীয়ে পৰোক্ষভাৱে স্বীকাৰ কৰিলে যে এই আন্দোলনৰ যোগেদি বিকল্প যি ৰাজনৈতিক শক্তি হ’ব আৰু তেওঁলোকৰ জিকাৰ যিটো শক্তি সেইটো ইতিমধ্যে পাই গৈছে।‘

“লুৰিণ গগৈ কৃষক হ’ব নে অন্য কিবা হ’ব সেয়া সময়ৰ প্ৰশ্ন। কিন্তু গণ আন্দোলনটোৱে তেওঁলোকৰ ভেটি লৰাই দিছে আৰু যিটো বিকল্প শক্তি আহিব সেইটোৱে যে চৰকাৰ গঠন কৰিব পাৰিব সেই কথা বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে পাকে-প্ৰকাৰে স্বীকাৰ কৰি ল’লে”, গগৈৰ মন্তব্য।

ইপিনে, ৰঞ্জিত দাসে শিষ্টাচাৰ ভাল কৰিবলৈ লুৰিণজ্যোতি গগৈক দিয়া পৰামৰ্শৰ পাছতে তেওঁক উভটি ধৰি লুৰিণে কয়, “তেওঁ শিষ্টাচাৰৰ কথা কৈ লাভ নাই। যিগৰাকী ব্যক্তিয়ে উজনি অসমলৈ গৈ নামনি অসমত থাকিলে পাকিস্তান যেন লাগে বুলি কয়, সেইজনে ৰাইজক কি শিষ্টাচাৰৰ পাঠ পঢ়াব?”

যেতিয়া দেশৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ যাওঁতে খহি পৰে বা ওলোটাকৈ উত্তোলন কৰে, তাৰ পাছত সেই কাৰ্য্যক গেঞ্জীৰ লগত তুলনা কৰে, তাৰ পাছত তেওঁ কি শিষ্টাচাৰ শিকাব?

তদুপৰি, ‘অন্তৰ্বাসৰ লগত দেশৰ জাতীয় পতাকাক তুলনা কৰাজনৰ অন্যক শিষ্টাচাৰ শিকোৱাৰ কি যুক্তিযুক্ততা আছে? বুলি প্ৰশ্ন কৰি লুৰিণে লগতে কয় ‘এনে ব্যক্তিৰ পৰা অসমৰ মানুহে শিষ্টাচাৰৰ পাঠ কেতিয়াও গ্ৰহণ নকৰে।‘

আনহাতে, যোৱা শুকুৰবাৰে শংকৰদেৱ সংঘৰ অধিৱেশনত লুৰিণজ্যোতি গগৈয়ে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা বুলি হিমন্ত বিশ্ব শৰ্মাই লুৰিণক কটাক্ষ কৰি তেওঁক অহংকাৰী আখ্যা দিছিল।

মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে তেওঁক উভটি ধৰি লুৰিণে কয়, “জনতাক যদিহে জনাৰ্দন বুলি গ্ৰহণ কৰিব নোৱাৰে, যদি হিমন্ত বিশ্ব শৰ্মাৰ তেনে অহংকাৰ হৈছে হৈ থাকক। তেওঁ ছুপাৰ গড হওক, তেওঁৰ কথাৰ সুৰ মিলাই যদি অন্য কোনোবা ছুপাৰ গড হ’ব বিচাৰিছে হ’বলৈ দিয়ক। কিন্তু গোটেই বিষয়টোৰ অপবাখ্যা কৰা হৈছে। তেওঁ ভোটৰ স্বাৰ্থত কোনোবা এটা অনুষ্ঠানক মূৰৰ ওপৰত ল’ব পাৰে।‘

হিমন্তৰ প্ৰতি আহ্বান জনাই লুৰিণে কয় ‘কিন্তু জনতাৰ মূৰৰ ওপৰত কাকো তুলি নিদিবলৈ তেওঁক মই সকীয়াই দিছো। জুলুঙাৰ মেকুৰী কালি ওলায়ে পৰিল। বহুবল্কী, ডলাৰ বগৰী মন্ত্ৰীগৰাকীয়ে ইয়াৰ মাষ্টাৰ মাইণ্ড। মানুহৰ মনত প্ৰশ্ন আছিল এই দুষ্টবুদ্ধিৰ আঁৰত কোনোবা এগৰাকী ব্যক্তিৰ হাত আছে। নহ’লে শুদ্ধ কথা এটাক বিপথে পৰিচালনা সাধাৰণ ৰাইজে কৰিব বুলি কেতিয়াও বিশ্বাস কৰিব নোৱাৰি।‘

 

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd