ছত্তিশগড়ত নাবালিকাক গণধৰ্ষণ : নিৰ্যাতিতাৰ আত্মহনন, পিতৃৰো আত্মহত্যাৰ চেষ্টা; ঘটনাক গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ

127408589-close-up-of-man-hands-holding-a-woman-hands-for-rape-and-sexual-abuse-concept-wound-domestic-violenc

প্ৰতীকাত্মক ফ'টো

ইটোৰ পিছত সিটো গণধৰ্ষণৰ কাণ্ড দেশত সংঘটিত হৈয়ে আছে।

বিগত কেবাটাও মাহত হিন্দী বলয়ৰ ৰাজ্যসমূহত ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পিছত এইবাৰ কংগ্ৰেছ শাসিত ৰাজ্য ছত্তিশগড়ত সংঘটিত এক গণধৰ্ষণৰ কাণ্ড পোহৰলৈ আহিছে।

আৰক্ষীৰ মতে এই গণধৰ্ষণৰ কাণ্ডটো দুমাহ মানৰ পূৰ্বেই সংঘটিত হৈছিল।

ঘটনাৰ বিৱৰণীৰ মতে নিৰ্যাতিতা কিশোৰী গৰাকী প্ৰতিবেশী গাঁৱৰ আত্মীয়ৰ বিবাহৰ অনুষ্ঠানলৈ গৈছিল।

তাতে নিশা দুজন মদ্যপান কৰা লোকে কিশোৰী গৰাকীক হাবিলৈ টানি নিয়ে। ইয়াৰ পিছতে উক্ত দুজন লোকৰ সৈতে আৰু পাঁচজন লোকে কিশোৰী গৰাকীক উপযুপৰি ধৰ্ষণ কৰে।

ধৰ্ষণৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰিলে ধৰ্ষিতা যুৱতী গৰাকীক হত্যা কৰাৰো ভাবুকি দিয়ে লোককেইজনে।

কিশোৰী গৰাকীয়ে ঘটনাটো পৰিয়ালৰ লোকক নক’লেও এজন বন্ধুক অৱগত কৰে। কিন্তু বন্ধুজনক পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে ক’বলৈ মানা কৰে নিৰ্যাতিতা কিশোৰী গৰাকীয়ে।

নিৰ্যাতিতা কিশোৰী গৰাকীয়ে যোৱা ২০ জুলাইত আত্মহত্যা কৰে। আত্মতহ্যা কৰাৰ পিছতে বন্ধুজনে কিশোৰী গৰাকী গণধৰ্ষণৰ বলি হোৱাৰ কথা পৰিয়ালৰ লোকক অৱগত কৰে।

ইয়াৰ পিছতে কিশোৰী গৰাকীৰ পিতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ঘটনাটো গাপ দিবলৈহে চেষ্টা কৰে বুলি অভিযোগ উঠিছে।

আৰক্ষীয়ে ঘটনাটো গাপ দিয়াত হতাশাগ্ৰস্ত হৈ নিৰ্যাতিতা কিশোৰী গৰাকীৰ পিতৃয়ে কীটনাশক দ্ৰৱ্য পান কৰি আত্মহত্যাৰ চেষ্টা কৰে।

কিন্তু চিকিৎসকৰ চেষ্টাত কিশোৰী গৰাকীৰ পিতৃৰ জীৱন ৰক্ষা পৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

বস্তাৰ ৰেঞ্জৰ আইজি সুন্দৰৰাজে এই সমগ্ৰ ঘটনাটো সংবাদ মাধ্যমক অৱগত কৰিছে।

অভিযোগ লাভ কৰাৰ পিছতো ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰা স্থানীয় আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে কোডেগাঁও আৰক্ষী অধীক্ষক।

ইফালে ৰাজ্যখনৰ শিশু অধিকাৰ ৰক্ষা কমিটিৰ অধ্যক্ষ যশৱন্ত সিনহাই কোডেগাঁও আৰক্ষী অধীক্ষক ১০ দিনৰ ভিতৰত সমগ্ৰ ঘটনাটোৰ তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিছে।