সৰিয়হৰ ডুলিতে ভুত! ধৰ্ষণৰ বলি মহিলাকেই যৌন নিৰ্যাতন; দণ্ডাধীশৰ বিৰুদ্ধেই গুৰুতৰ অভিযোগ

প্ৰতিনিধিত্বমূলক ফটো।

ধৰ্ষণৰ বলি হোৱা এগৰাকী মহিলাৰ সৈতে পুনৰ যৌন নিৰ্যাতন। দণ্ডাধীশৰ আগত নিজৰ বক্তব্য ৰেকৰ্ডিং কৰি থকাৰ সময়তে পুনৰ যৌন নিৰ্যাতন চলোৱা হয় ভুক্তভোগী মহিলাগৰাকীক।

এই ঘটনা চৰ্চালৈ অহাৰ পিছতে তীব্ৰ চাঞ্চল্য বিয়পি পৰিছে। জানিব পৰা মতে দণ্ডাধীশৰ চেম্বাৰতে মহিলাগৰাকীক যৌন নিৰ্যাতন চলোৱা হয়। ত্ৰিপুৰাৰ ধলাই জিলাত সংঘটিত হৈছে এই ঘটনা।

ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি এই সন্দৰ্ভত মহিলাগৰাকীয়ে এক লিখিত বিবৃতি প্ৰদান কৰিছে। তাত মহিলাগৰাকীয়ে কয় যে “মোৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ মোক প্ৰথম শ্ৰেণীৰ দণ্ডাধীশৰ চেম্বাৰলৈ মাতি অনা হৈছিল। মই তাত উপস্থিত হোৱাৰ লগে লগে তেওঁ মোক অকলে তেওঁৰ চেম্বাৰলৈ যাবলৈ ক’লে আৰু মহিলা পুলিচ কৰ্মীসকলক বাহিৰত থাকিবলৈ ক’লে। চেম্বাৰত সোমাই মোৰ পিছফালে দুৱাৰখন বন্ধ কৰি দিলে। মোৰ কি হ’ল সেই বিষয়ে বৰ্ণনা কৰিবলৈ কোৱা হ’ল। মই এটা বক্তব্য দি আছিলো। তাৰ পিছত তেওঁ মোক থিয় হ’বলৈ ক’লে আৰু মোক সাৱটি ধৰি মোক যৌন নিৰ্যাতন চলায়।”

লগতে পঢ়কঃ শ্বীনা বৰা হত্যাত অভিযুক্ত ইন্দ্ৰানীৰ ডকু-ছিৰিজত আপত্তি; নিষেধাজ্ঞা বিচাৰি আদালতত চিবিআই

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, ১৩ ফেব্ৰুৱাৰীত মহিলাগৰাকীক তেওঁৰ ঘৰত এজন যুৱকে ধৰ্ষণ কৰিছিল। ১৬ ফেব্ৰুৱাৰীত জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়লৈ সাক্ষ্য দিবলৈ মাতি অনা হৈছিল। মহিলাগৰাকীয়ে অভিযোগ কৰে যে তাতেই দণ্ডাধীশে তেওঁক যৌন নিৰ্যাতন চলাইছিল।

ইপিনে, মহিলাগৰাকীৰ স্বামীয়ে কয়, “মই এজন দিন হাজিৰা কৰা লোক। যদি এজন দণ্ডাধীশেই আমাৰ লগত বেয়া আচৰণ কৰে, তেন্তে মানুহে ন্যায় ক’ত পাব”।

লগতে পঢ়কঃ প্ৰেমিকৰ সৈতে কন্যাৰ পলায়নৰ খবৰ পোৱাৰ পিছত নিজৰেই প্ৰাণ ল’লে দম্পতীয়ে

এই ঘটনাৰ তদন্তৰ বাবে জিলা আৰু সত্ৰ ন্যায়াধীশৰ নেতৃত্বত এখন তিনিজনীয়া তদন্ত সমিতি গঠন কৰা হৈছে।