• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিভিন্ন সংস্থাৰ কৰ্মচাৰী সংকোচনত অসন্তষ্ট ৰতন টাটাই ক’লে,‘চাকৰি কৰ্তন সমস্যাৰ সমাধান নহয়’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 25, 2020 9:21 am

2 min read

AwbXHtpn_400x400-750x375

উদ্যোগপতি ৰতন টাটা।

2.6k
VIEWS
Share on FacebookShare on Twitter

কৰ’না মহামাৰীৰ আতংকৰ মাজতে চাকৰি হেৰুওৱাৰ শংকাই মধ্যবিত্ত শ্ৰেণীক অধিক ভয়াবহ সংকটলৈ ঠেলি দিছে।

দেশৰ বিভিন্ন উদ্যোগ তথা ব্যৱসায়ত নামি অহা মন্দাৱস্থাৰ পৰিপ্ৰেক্ষিতত ব্যয় সংকোচনৰ নামত প্ৰায় সকলো সংস্থাই ব্যাপক হাৰত চাকৰি কৰ্তন কৰিছে।

সংস্থাসমূহৰ এনে মনোবৃত্তিক তীব্ৰ সমালোচনা কৰিছে দেশৰ শীৰ্ষ উদ্যোগপতি ৰতন টাটাই।

তেওঁৰ স্পষ্ট মত হ’ল,’’কৰ্মচাৰীৰ চাকৰি কৰ্তন সংস্থাৰ সমস্যাৰ কোনো সমাধান হ’ব নোৱাৰে’’।

কৰ’নাৰ সংকটৰ অজুহাতত বহু সংস্থাই চাকৰি কৰ্তন কৰাৰ লগতে কৰ্মচাৰীৰ দৰমহাও হ্ৰাস কৰিছে।

এতিয়ালৈকে টাটা গ্ৰুপৰ অধীনৰ কোনো এটা সংস্থাৰ পৰা কোনো কৰ্মচাৰীৰে চাকৰি কৰ্তন কৰা হোৱা নাই। মাত্ৰ সাময়িকভাৱে উচ্চ পদস্থ কৰ্মচাৰীসকলৰ ২০ শতাংশ দৰমহা হ্ৰাস কৰা হৈছে।

টাটা গ্ৰুপৰ বহুকেইটা ব্যৱসায়ে ব্যাপক লোকচান সন্মুখীন হৈছে। তথাপি কাৰো চাকৰিৰ প্ৰতি ভাবুকি আহি পৰা নাই।

বৰ্তমান পৰিস্থিতি চাকৰি কৰ্তন এক অসংবেদনশীলতাৰ পৰিচয় বুলি মত প্ৰকাশ কৰিছে উদ্যোগপতি ৰতন টাটাই।

ৰতন টাটাই কয় যে দেশৰ একাংশ কৰ্প’ৰেট সংস্থাই যিধৰণে কৰ্মচাৰীৰ চাকৰি কৰ্তন কৰিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক সিদ্ধান্ত। এই সংস্থাসমূহৰ নেতৃত্বত থকা লোকসকল যে সহানুভুতিহীন সেয়া বুজি পোৱা যায়।

এটা ৱেবছাইটক দিয়া সাক্ষাৎকাৰত টাটাই কয় যে কোনো সংস্থা ইয়াৰ কৰ্মচাৰীসকলৰ প্ৰতি সংবেদনশীল নহ’লে টিকি থাকিব নোৱাৰে।

তেওঁ কয় যে কৰ’নাৰসংকটৰ সময়ত সকলোৱেই ক্ষতিগ্ৰস্ত যদিও সকলোৱে মিলিয়েই স্থিতি ধৰি ৰখাৰ উপায় উলিয়াব লাগিব।

তেওঁ কয় যে ৱৰ্ক ফ্ৰম হোম এটা সমধানৰ পথ কিন্তু চাকৰি খেদোৱাটো নহয়। আটাইতকৈ কঠিন সময়তে নতুন পথাৰ সন্ধান পোৱা যায় সেই কথা পাহৰিলে নচলিব।

প্ব্ৰজিত শ্ৰমিকসকলৰ দুৰ্দশাৰ সম্পৰ্কতো নিজৰ সহমৰ্মিতা প্ৰকাশ কৰি তেওঁ মন্তব্য কৰে যে ‘’এইসকল লোকে আপোনাৰ বাবে কাম কৰিছে। তেওঁলোকৰ গোটেই জীৱন আপোনাৰ প্ৰতিষ্ঠানৰ বাবে দিছে। আৰু তেওঁলোকৰ মূল্যৰে কিনা ছাদখনেই কাঢ়ি ল’লে! কৰ্মীসকলৰ প্ৰতি এয়াই আপোনালোকৰ আচৰণ, নৈতিকতাৰ দৃষ্টান্ত?’’

সংকটৰ সময়ত ৰতন টাটাৰ এই সাক্ষাৎকাৰ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। প্ৰতিজন সচেতন তথা হৃদয়বান লোকেই এইগৰাকী মহান উদ্যোগপতিৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোৱাইছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd