• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“মোদীয়ে শৌচাগাৰ নিৰ্মাণ কৰাৰ বাবে কমিছে ধৰ্ষণ”! আজৱ দাবী সম্বিত পাত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2022 6:01 pm
Sambit Patra about Rape case down
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্বিত পাত্ৰ মানেই বিতৰ্কৰ ভাণ্ডাৰ। বিজেপিৰ এই ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে সময়ে সময়ে সস্তীয়া আৰু আজৱ মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপি চৰকাৰৰ গুণগৰিমা বখানিবলৈ গৈ মিছা তথ্য আৰু স্বভাৱসিদ্ধ তৰল যুক্তিৰ বাবে প্ৰায়েই হাঁহিয়াতৰ পাত্ৰ হৈছে পাত্ৰ।

এইগৰাকী বহুবল্কী নেতা শেহতীয়াকৈ পুনৰ এবাৰ এক আচৰিত মন্তব্যৰ বাবে বাতৰিৰ শিৰোনামালৈ আহিছে। এইবাৰ দেশত ধৰ্ষণ হ্ৰাসৰ নতুন কাৰণ উদ্ভাৱন কৰিছে সম্বিত পাত্ৰই। প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্মাণ কৰা শৌচালয়ৰ বাবে দেশত ধৰ্ষণ হ্ৰাস পাইছে বুলি অদ্ভুত যুক্তি দিছে সম্বিত পাত্ৰই।

Apply Now

দেওবাৰে দিল্লী বিজেপিৰ কাৰ্যালয়ত এক অনুষ্ঠানত পাত্ৰই বিজেপি চৰকাৰৰ আঠ বছৰীয়া কাৰ্যকালৰ সাফল্যৰ ওপৰত আলোকপাত কৰে।এই অনুষ্ঠানতে সম্বিত পাত্ৰই উদ্ভট যুক্তিৰে কয় যে মোডী চৰকাৰে গাওঁসমূহত শৌচালয় নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়াৰ পিছত বহুতো ৰাজ্যত ধৰ্ষণৰ হাৰ হ্ৰাস পাইছে।

পাত্ৰৰ মন্তব্য অনুসৰি দেশত অধিক সংখ্যক ধৰ্ষণৰ ঘটনা মহিলাসকলে অন্ধকাৰত শৌচ কৰিবলৈ বাহিৰলৈ যোৱাৰ সময়ত সংঘটিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ পৰিয়ালসমূহত এই ইজ্জতঘৰ স্বৰূপ শৌচালয় প্ৰদান কৰাৰ বাবে এতিয়া ধৰ্ষণৰ ঘটনা হ্ৰাস পাইছে।

পাত্ৰই কয় যে এটা শৌচালয় মৰ্যাদা আৰু স্বাস্থ্যকে ধৰি বহুতো দিশৰ সৈতে সম্পৰ্কিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিদ্যালয়সমূহ ভ্ৰমণ কৰোঁতে কন্যা আৰু মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে। এই সময়ত তেওঁ উপলব্ধি কৰে যে বিদ্যালয় এৰাৰ হাৰ ল’ৰাতকৈ ছোৱালীৰ অধিক। বিদ্যালয়সমূহত শৌচালয় নথকাৰ বাবেই দেশৰ কন্যা শিক্ষাৰ্থীসকলে বিদ্যালয় ত্যাগ কৰাৰ কথা গৱেষণাই প্ৰমাণ কৰিছে বুলিও পাত্ৰই উল্লেখ কৰে।

“লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰাৰ সময়ত এজন প্ৰধানমন্ত্ৰীয়ে শৌচাগাৰৰ বিষয়ে কথা পাতিব পাৰিব বুলি কোনেও কেতিয়াও ভবা নাছিল, কিন্তু মোদীয়ে এইয়া কৰি দেখুৱাইছিল। মোদী হৈছে বিশ্বৰ প্ৰথম প্ৰধানমন্ত্ৰী যিয়ে শৌচালয়ৰ কথা কৈছিল।”- পাত্ৰই কয়।

পিছে পাত্ৰই প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত দেশত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ বা ধৰ্ষণৰ ঘটনা হ্ৰাস পাইছে বুলি উল্লেখ কৰিলেও চৰকাৰী তথ্যই ইয়াৰ ওলোটা ছবিহে প্ৰকাশ কৰিছে।

নেচ’নেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে ২০১৯ চনত প্ৰকাশ কৰা তথ্যমতে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত দেশত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ ১৬ শতাংশ বৃদ্ধি পাইছে।কেৱল ২০১৮ চনৰ পৰা ২০১৯ চনলৈ এটা বৰ্ষতে দেশত এনে অপৰাধৰ ঘটনা ৭.৩ শতাংশ বৃদ্ধি পাইছে।

২০১৯ চনত দেশত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত ৪,০৫,৮৬১ টা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ইয়াৰে ২৫.৮ শতাংশ ধৰ্ষণৰ গোচৰ। আনহাতে ২০২০ বৰ্ষত দেশত ২৮,০০০ তকৈ অধিক ধৰ্ষণৰ গোচৰ ৰুজু হৈছে।

সম্প্ৰতি দেশত এনে ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে। ধৰ্ষণকে ধৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাক অন্যতম নিৰ্বাচনী ইছ্যু হিচাপে প্ৰক্ষেপ কৰি ২০১৪ চনত দেশৰ শাসনৰ গাদীত বহা মোদীৰ বিজেপি চৰকাৰৰ কাৰ্যকালত মহিলাৰ সকল সুৰক্ষিত নহয় বুলি চৰকাৰী তথ্যই প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd