সম্বিত পাত্ৰ মানেই বিতৰ্কৰ ভাণ্ডাৰ। বিজেপিৰ এই ৰাষ্ট্ৰীয় মুখপাত্ৰগৰাকীয়ে সময়ে সময়ে সস্তীয়া আৰু আজৱ মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপি চৰকাৰৰ গুণগৰিমা বখানিবলৈ গৈ মিছা তথ্য আৰু স্বভাৱসিদ্ধ তৰল যুক্তিৰ বাবে প্ৰায়েই হাঁহিয়াতৰ পাত্ৰ হৈছে পাত্ৰ।
এইগৰাকী বহুবল্কী নেতা শেহতীয়াকৈ পুনৰ এবাৰ এক আচৰিত মন্তব্যৰ বাবে বাতৰিৰ শিৰোনামালৈ আহিছে। এইবাৰ দেশত ধৰ্ষণ হ্ৰাসৰ নতুন কাৰণ উদ্ভাৱন কৰিছে সম্বিত পাত্ৰই। প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্মাণ কৰা শৌচালয়ৰ বাবে দেশত ধৰ্ষণ হ্ৰাস পাইছে বুলি অদ্ভুত যুক্তি দিছে সম্বিত পাত্ৰই।
দেওবাৰে দিল্লী বিজেপিৰ কাৰ্যালয়ত এক অনুষ্ঠানত পাত্ৰই বিজেপি চৰকাৰৰ আঠ বছৰীয়া কাৰ্যকালৰ সাফল্যৰ ওপৰত আলোকপাত কৰে।এই অনুষ্ঠানতে সম্বিত পাত্ৰই উদ্ভট যুক্তিৰে কয় যে মোডী চৰকাৰে গাওঁসমূহত শৌচালয় নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়াৰ পিছত বহুতো ৰাজ্যত ধৰ্ষণৰ হাৰ হ্ৰাস পাইছে।
পাত্ৰৰ মন্তব্য অনুসৰি দেশত অধিক সংখ্যক ধৰ্ষণৰ ঘটনা মহিলাসকলে অন্ধকাৰত শৌচ কৰিবলৈ বাহিৰলৈ যোৱাৰ সময়ত সংঘটিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ পৰিয়ালসমূহত এই ইজ্জতঘৰ স্বৰূপ শৌচালয় প্ৰদান কৰাৰ বাবে এতিয়া ধৰ্ষণৰ ঘটনা হ্ৰাস পাইছে।
পাত্ৰই কয় যে এটা শৌচালয় মৰ্যাদা আৰু স্বাস্থ্যকে ধৰি বহুতো দিশৰ সৈতে সম্পৰ্কিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিদ্যালয়সমূহ ভ্ৰমণ কৰোঁতে কন্যা আৰু মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে। এই সময়ত তেওঁ উপলব্ধি কৰে যে বিদ্যালয় এৰাৰ হাৰ ল’ৰাতকৈ ছোৱালীৰ অধিক। বিদ্যালয়সমূহত শৌচালয় নথকাৰ বাবেই দেশৰ কন্যা শিক্ষাৰ্থীসকলে বিদ্যালয় ত্যাগ কৰাৰ কথা গৱেষণাই প্ৰমাণ কৰিছে বুলিও পাত্ৰই উল্লেখ কৰে।
“লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰাৰ সময়ত এজন প্ৰধানমন্ত্ৰীয়ে শৌচাগাৰৰ বিষয়ে কথা পাতিব পাৰিব বুলি কোনেও কেতিয়াও ভবা নাছিল, কিন্তু মোদীয়ে এইয়া কৰি দেখুৱাইছিল। মোদী হৈছে বিশ্বৰ প্ৰথম প্ৰধানমন্ত্ৰী যিয়ে শৌচালয়ৰ কথা কৈছিল।”- পাত্ৰই কয়।
পিছে পাত্ৰই প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত দেশত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ বা ধৰ্ষণৰ ঘটনা হ্ৰাস পাইছে বুলি উল্লেখ কৰিলেও চৰকাৰী তথ্যই ইয়াৰ ওলোটা ছবিহে প্ৰকাশ কৰিছে।
নেচ’নেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে ২০১৯ চনত প্ৰকাশ কৰা তথ্যমতে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত দেশত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ ১৬ শতাংশ বৃদ্ধি পাইছে।কেৱল ২০১৮ চনৰ পৰা ২০১৯ চনলৈ এটা বৰ্ষতে দেশত এনে অপৰাধৰ ঘটনা ৭.৩ শতাংশ বৃদ্ধি পাইছে।
২০১৯ চনত দেশত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত ৪,০৫,৮৬১ টা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু ইয়াৰে ২৫.৮ শতাংশ ধৰ্ষণৰ গোচৰ। আনহাতে ২০২০ বৰ্ষত দেশত ২৮,০০০ তকৈ অধিক ধৰ্ষণৰ গোচৰ ৰুজু হৈছে।
সম্প্ৰতি দেশত এনে ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে। ধৰ্ষণকে ধৰি মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনাক অন্যতম নিৰ্বাচনী ইছ্যু হিচাপে প্ৰক্ষেপ কৰি ২০১৪ চনত দেশৰ শাসনৰ গাদীত বহা মোদীৰ বিজেপি চৰকাৰৰ কাৰ্যকালত মহিলাৰ সকল সুৰক্ষিত নহয় বুলি চৰকাৰী তথ্যই প্ৰকাশ কৰিছে।