DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

প্ৰত্যাৱৰ্তনতে চমক জাদেজাৰ: কপিল দেৱক অতিক্ৰমি নতুন অভিলেখ স্থাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2023 9:57 pm
Ravindra Jadeja Surpasses Kapil Dev
98
VIEWS
Share on FacebookShare on Twitter

আঘাতৰ বাবে দীৰ্ঘদিন ধৰি জাতীয় দলৰ বাহিৰত থকাৰ পিছত অৱশেষত প্ৰত্যাৱৰ্তন মেচতে উজ্বলি উঠিছে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে নাগপুৰত চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত জাদেজাৰ অলৰাউণ্ড প্ৰদৰ্শনৰ সুবাদত আজি দ্বিতীয় দিনা চালকৰ আসনত উপৱিষ্ট হৈছে ভাৰত।

প্ৰথমে অষ্ট্ৰেলিয়ান ইনিংছত স্পীন ঘূৰ্ণীৰে খহনীয়াৰ সৃষ্টি কৰা জাদেজাই আজি হাতত বেট লৈও ভাৰতীয় ইনিংছক গতি প্ৰদান কৰিছে। বেটাৰৰ বৈধ্যভূমিত পৰিণত হোৱা বিদৰ্ভ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত আজি জাদেজাই অষ্ট্ৰেলিয়ান বলিং আক্ৰমণক প্ৰতিহত কৰি এক দৰ্শনীয় অৰ্ধশতকীয় ইনিংছেৰে অপৰাজিত আছে।

এই দুৰন্ত প্ৰদৰ্শনেৰে ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰগৰাকীয়ে ভাৰতৰ কিংবদন্তী তাৰকা কপিল দেৱক অতিক্ৰম কৰি এক ঈৰ্ষণীয় অভিলেখ স্থাপন কৰিছে। অষ্ট্ৰেলিয়ান ইনিংছত পাঁচ উইকেট দখল কৰি পুনৰ বেটিঙত অৰ্ধশতক অৰ্জন কৰি জাদেজাই ভাৰতৰ হৈ সৰ্বাধিকবাৰ একেখন টেষ্টতে এটা ইনিংছত পাঁচ উইকেট আৰু অৰ্ধশতক অৰ্জন কৰা খেলুৱৈত পৰিণত হয়।

ইয়াৰ পূৰ্বে কপিল দেৱৰ নামত আছিল এই ঈৰ্ষণীয় অভিলেখ। কপিল দেৱে নিজৰ টেষ্ট কেৰিয়াৰত চাৰিবাৰ এই কৃতিত্ব অৰ্জন কৰিছিল। আনহাতে জাদেজাই টেষ্টত আজি পঞ্চমবাৰৰ বাবে এই সফলতা লাভ কৰি কপিল দেৱক অতিক্ৰম কৰে আৰু নতুন ভাৰতীয় অভিলেখ স্থাপন কৰে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ১৭৭ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে আজি দিনটোৰ সামৰণিলৈকে ৭ উইকেটত ৩২১ ৰান সংগ্ৰহ কৰিছে। ভাৰতৰ এই সবল স্থিতিৰ মূলতে আছে জাদেজাৰ লগতে অধিনায়ক ৰোহিত শৰ্মাৰ চমকপ্ৰদ শতক আৰু অক্ষৰ পেটেলৰ অৰ্ধশতক। ভাৰতৰ আন বেটাৰসকলৰ ব্যৰ্থতাৰ বিপৰীতে ৰোহিত শৰ্মাই ১২০ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলি বিদায় লয়।

আনহাতে জাদেজাই ৬৬ আৰু পেটেলে ৫২ ৰান কৰি বেটিং কৰি আছে। ইফালে অভিষেকতে উজ্বলি উঠা অষ্ট্ৰেলিয়ান স্পিনাৰ টড মাৰ্ফীয়ে ৫ টা উইকেট দখল কৰিছে। হাতত দুটা উইকেট বাকী থকা অৱস্থাত ভাৰতে এইপৰ্যন্ত ১৪৪ ৰানৰ অগ্ৰগতি লৈছে।

Recent News

Fire at Mexican immigration detention center

ডিটেনচন চেণ্টাৰত ভয়াৱহ অগ্নিকাণ্ড: ৩৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

Lok Sabha Om Birla

একজোঁট বিৰোধী! অনাস্থা প্ৰস্তাৱৰ সন্মুখীন হ’ব লোকসভাৰ অধ্যক্ষ ওম বিৰলা!

Kejriwal on Modi Adani

সন্মুখতহে আদানী; আঁৰত মোদী! আদানী কেলেংকাৰীৰ গোচৰত যুদ্ধংদেহি কেজৰিৱাল

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

সামান্য সকাহ! প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ ৮.১৫ শতাংশলৈ বৃদ্ধি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd